নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংবাদকর্মীলৈ ক’ভিড ভেকচিনৰ বিশেষ কেন্দ্র

সদৌ অসম সংবাদকর্মী সন্থাৰ উদ্যোগ

নিয়মীয়া বাৰ্তা ৬ এপ্ৰিলঃ সদৌ অসম সংবাদকর্মী সন্থাৰ উদ্যোগত ছপা আৰু বৈদ্যুতিন মাধ্যমৰ সকলো সংবাদকর্মীৰ বাবে ক’ভিড ভেকচিন গ্রহণৰ বিশেষব্যৱস্থা গ্রহণ কৰা হৈছে৷ সন্থাই এটা বিবৃতিযোগে জনোৱা মতে, ছপা মাধ্যম আৰু বৈদ্যুতিন মাধ্যমৰ সকলো সংবাদকর্মীৰ সহায়ক হোৱাকৈ গুৱাহাটীত নির্দিষ্ট দুটা ক’ভিড ভেকচিন প্রদান কেন্দ্র বাছনি কৰা হয়৷ যোৱা ১ এপ্রিলত ‘ডাইৰেক্টৰ অৱ হেল্থ ছার্ভিচৰ (ফেমিলী ৱেলফেয়াৰ)’ হেঙেৰাবাৰীস্থিত কার্যালয়ত সঞ্চালক মুনীন্দ্র নাথ নাগটে আৰু সদৌ অসম সংবাদকর্মী সন্থাৰ হৈ কার্যকৰী সভাপতি সুদীপ্ত সৰকাৰ, সম্পাদক দীপক ভূঞা, সহঃ সাঃ সম্পাদক অপূর্ব ভূঞা আৰু কোষাধ্যক্ষ নীলকান্ত নাথৰ উপস্থিতিত এক আলোচনা অনুষ্ঠিত হয়৷

উক্ত আলোচনাত সংবাদকর্মীসকলে যাতে সুকলমে আৰু অগ্রাধিকাৰৰ ভিত্তিত ক’ভিড ভেকচিন গ্রহণ কৰিব পাৰে তাৰ বাবে চানমাৰিস্থিত ইঞ্জিনীয়াৰিং ইনষ্টিটিউটৰ ওচৰৰ পূব গুৱাহাটী ৰাজ্যিক চিকিৎসালয় আৰু দিছপুৰ লাষ্টগেটৰ ৰাজধানী ৰাজ্যিক চিকিৎসালয় কেন্দ্র দুটা বাছনি কৰা হয়৷ এই দুটা কেন্দ্রত ৭ এপ্রিল (বুধবাৰ)ৰ পৰা সংবাদকর্মীসকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ লোকে ক’ভিড ভেকচিন গ্রহণ কৰিব পাৰিব৷ উল্লেখ্য যে ক’ভিড ভেকচিন গ্রহণৰ চৰকাৰী বিধি অনুসৰি ৪৫ বছৰৰ ঊর্ধ্বৰ আৰু ২০২২ চনৰ পহিলা জানুৱাৰীত ৪৫ বছৰ বয়স সম্পূর্ণ কৰা লোকসকলে এই ভেকচিন ল’ব পাৰিব৷ সঞ্চালক মুনীন্দ্র নাথ নাগটেই ইতিমধ্যে ৰাজ্যখনত সফলতাৰে ১২ লাখতকৈও অধিক লোকক ভেকচিন প্রদান কৰা হৈছে বুলিও জানিবলৈ দিয়ে৷ এইক্ষেত্রত চৰকাৰী নির্দেশনা অনুযায়ী বয়সৰ নতুন সীমা পর্যায়ক্রমে পৰৱর্তী সময়ত নির্ধাৰিত হ’ব৷ সদৌ অসম সংবাদকর্মী সন্থাই সমূহ সংবাদক

You might also like