নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এয়া বিজয় উৎসৱৰ সভাহে : জোনাইৰ চিমেনমুখত স্মৃতি ইৰাণী

ডিজিটেল ডেস্ক, জোনাই, ৩১ মাৰ্চ : জোনাই বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী ভুবন পেগুৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় প্ৰাক্তন কেন্দ্ৰীয় মন্ত্রী স্মৃতি ইৰাণীয়ে। চিমেনমুখ গাঁও পঞ্চায়তৰ অন্তৰ্গত সৰ্বোদয় হাইস্কুল খেলপথাৰত অনুষ্ঠিত হোৱা বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লৈ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে কয- এই নিৰ্বাচন অকল ভুবন পেগুক বিধায়ক, ড০ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী বনোৱা নিৰ্বাচনেই নহয়, এই নিৰ্বাচন নৱপ্ৰজন্মৰ সুন্দৰ ভৱিষ্যত নিৰ্মাণৰ নিৰ্বাচন। অসমত কেৱল বিকাশৰ সূৰ্যোদয়েই নহয়, ই সম্পূৰ্ণ এছিয়াৰ বিকাশৰ সূৰ্যোদয় হৈছে। অসমৰ ৪০ লাখ বাইদেউক লাখপতি বনোৱাৰ অসম চৰকাৰৰ লক্ষ্য পূৰণ কৰিবলৈ পদুমৰ বুটামত টিপিব লাগিব। 

বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ দিনত অসম বিকাশৰ দিশত বহু আগবাঢ়ি গৈছে। তদুপৰি দেশৰ মহিলাসকলৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তিনি কোটি মহিলাক লাখপতি বাইদেউ বনাবলৈ সক্ষম হৈছে। গতিকে যি সপোন  লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিকশিত ভাৰত বনোৱাৰ চেষ্টা কৰিছে এই সপোন পূৰাবলৈ জনতাৰ আশীৰ্বাদ লাগিব, সেয়ে পুনৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰক ভোট দি জয়ী কৰাবলৈ জনতাক আহ্বান জনায়। এই সভা বিজেপি মিত্ৰজোঁটৰ ভুবন পেগুৰ নিৰ্বাচনৰ সভা নহয়, এয়া বিজয় উৎসৱৰ সভাহে বুলি মন্তব্য কৰে কেন্দ্ৰীয় নেত্ৰীগৰাকীয়ে।

মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুবন পেগুৱে কয়- জোনাই বিধানসভা সমষ্টিৰ সামগ্ৰিক উন্নয়ন, শান্তি-সমৃদ্ধি আৰু সকলো স্তৰৰ ৰাইজৰ কল্যাণ নিশ্চিত কৰাৰ লক্ষ্যৰে আমি দৃঢ় সংকল্পবদ্ধ। এই উন্নয়নৰ যাত্ৰা অব্যাহত ৰাখিবলৈ সমষ্টিবাসী ৰাইজৰ মৰম, আশীৰ্বাদ আৰু সহযোগিতা মোৰ লগত আছে। গতিকে পুনৰ বিজেপি মিত্ৰজোঁটৰ হৈ জোনাই সমষ্টিত মই জয়ী হোৱাটো নিশ্চিত।

You might also like