ৰঙানদী এইবাৰ অগপই বিজেপিক এৰি নিদিয়ে
ৰঙানদী সমষ্টি এইবাৰ বিজেপিক এৰি নিদিয়ে অগপই। আজি এই কথা স্পষ্টকৈ প্ৰকাশ কৰিলে দলৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ কুমাৰ বৈশ্যই আৰু সাংসদ ফনীভৃষণ চৌধুৰীয়ে।
বিজেপিৰে মিত্ৰতাৰ অংশীদাৰী অগপই আজি বিশাল সংকল্প সমাবেশেৰে ৰঙানদীৰ পৰাই আৰম্ভ কৰিলে নিবাচনী ৰণডংকা৷ আজি ৰঙানদী সমষ্টিৰ হাৰিবৰ দলনীত সংকল্প সমাৱেশত দলৰ বিত্ত সম্পাদক তথা ৰঙানদী সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী জয়ন্ত খাউণ্ডক সন্মুখত লৈ এই কথা একপ্ৰকাৰ ঘোষণা কৰিলে দলৰ চাৰি জ্যেষ্ঠ নেতা ক্ৰমে ফণীভূষণ চৌধুৰী, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, প্ৰবীণ হাজৰিকা আৰু অপূৰ্ব ভট্টাচাৰ্যই ৷
ইয়াৰ পূৰ্বে দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী জয়ন্ত খাউণ্ডক লৈ ৰঙানদী দলঙৰ পৰা হাৰিবৰলৈ এক বিশাল বাইক ৰেলী উলিওৱা হয়। সমাবেশত অগপ নেতৃত্বই কয়- এইবাৰ বিজেপিৰ সৈতে হ’ব মিত্ৰতাৰ নিৰ্বাচন, বন্ধুত্বপূৰ্ণ নিৰ্বাচন নেখেলে ৷ ৰঙানদীত আজি এই কথা পুনৰ স্পষ্ট কৰিলে দলটোৰ চাৰি শীৰ্ষ নেতাই।
ইফালে ভূপেন বৰা সন্দৰ্ভত তেওঁলোকে কয় যে কংগ্ৰেছত ভৱিষ্যত নাই ভূপেন বৰাৰ। সেইবাবে বৰাৰ দলত্যাগক অগপই আদৰণ জনাইছে।
আজিৰ সমাৱেশত ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, সাংসদ ফণীভূষণ চৌধুৰী, সাধাৰন সম্পাদক প্ৰবীণ হাজৰিকা, উপ সভাপতি অপূৰ্ব ভট্টাচাৰ্য, বিত্ত সম্পাদক জয়ন্ত খাউণ্ড, মহিলা পৰিষদৰ সভানেত্ৰী পূৰৱী তালুকদাৰ, সাধাৰণ সম্পাদক জিতুমণি মৰাং, সাধাৰণ সম্পাদক তোলন কোঁৱৰ, জিলা সভাপতি দীপক বৰদলৈ প্ৰমুখ্যে দলীয় নেতাই অংশগ্ৰহণ কৰে।
বিশেষ বাৰ্তা, নাওবৈচা, ১৭ ফেব্ৰুৱাৰী