নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈৰ পৰা শুৱালকুছিত তিনিদিনীয়া কাৰ্যসূচীৰে দৌল মহোৎসৱ

বস্ত্ৰনগৰী শুৱালকুছিৰ একমাত্ৰ উদাসীন আৰু ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীঈশ্বৰ হাটীসত্ৰৰ উদ্যোগত ২ মাৰ্চৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ভগৱান শ্ৰীশ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ উদযাপন কৰা হ’ব৷ দৌল মহোৎসৱৰ বিভিন্ন কাৰ্যক্ৰমণিকাত বিশেষভাৱে অংশ ল’ব প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ চিএমডি ৰিণিকি ভূঞা শৰ্মা, মন্ত্ৰী পীয়ূষ হাজৰিকা, মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী, আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামীয়ে ৷

সূচী অনুযায়ী ২ মাৰ্চত স্বচ্ছ অভিযান, গছপুলি ৰোপণ, পতাকা উত্তোলন, জুবিন গাৰ্গ মঞ্চ উদ্বোধন, পিতৃ-মাতৃৰ পদ পখলন ভক্তি উৎসৱ, স্মৰণিকা ’ৰংগে ফাগু খেলে’ উন্মোচন, বক্তৃতা প্ৰতিযোগিতা, ৰাজহুৱা বন্তি প্ৰজ্বলন, মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীৰ দ্বাৰা আতচবাজী প্ৰদৰ্শন উদ্বোধন, নিশা অৱগাহন মিনি থিয়েটাৰৰ দ্বাৰা নাট প্ৰদৰ্শন ৷

৩ মাৰ্চত আই-মাতৃ আৰু ভকত-বৈষ্ণৱৰ দ্বাৰা নাম-প্ৰসংগ, হোলীগীত প্ৰতিযোগিতা, বন্তি প্ৰজ্বলন, সাংস্কৃতিক মঞ্চ উদ্বোধন আৰু নিশা দেৱাগীতছৰ সংগীতানুষ্ঠান ৷ ৪ মাৰ্চত আৱিৰৰ অনুষ্ঠান, নগৰত গোহাঁইৰ পৰিভ্ৰমণ, পুৰুষ-মহিলাৰ বাঁহভঙা প্ৰতিযোগিতা উদ্বোধন কৰিব মন্ত্ৰী পীয়ূষ হাজৰিকাই, উপস্থিত থাকিব প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্টৰ চিএমডি ৰিণিকি ভূঞা শৰ্মা, প্ৰণৱ গোস্বামী, ধীৰাজ মহন্ত ৷ সন্ধিয়া পতাকা অৱতৰণেৰে দৌল মহোৎসৱৰ সামৰণি পৰিব ৷ দৌল মহোৎসৱৰ সকলো কাৰ্যসূচীত ৰাইজৰ সহযোগিতা আৰু উপস্থিতি উদ্যোক্তাসকলে কামনা কৰিছে ৷

বিশেষ বাৰ্তা, শুৱালকুছি, ১ মাৰ্চ :
You might also like