নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাসুগাঁও শ্ৰীশ্ৰীৰাজাঠাকুৰ দৌল দেৱালয়ত তিনিদিনীয়া পঞ্চমী দৌল পূজাৰ আয়োজন

ডিজিটেল ডেস্ক, ২৮ ফেব্ৰুৱাৰী : চিৰাং জিলাৰ বাসুগাঁও চহৰৰ ৩নং ৱাৰ্ড ৰাজাচাৰাঙত অৱস্থিত ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীৰাজাঠাকুৰ দৌল দেৱালয়ত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ২১৯সংখ্যক শ্ৰীশ্ৰীপঞ্চমী দৌল পূজা অনুষ্ঠিত হ’ব । অহা ৭, ৮ আৰু ৯ মাৰ্চত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন হ’ব পূজা-মেলা ।

প্ৰথম দিনা পুৱা পৰিৱেশ নিকাকৰণৰ উপৰি শ্ৰীশ্ৰী ৰাজাঠাকুৰ দৌল দেৱালয়ৰ পতাকা উত্তোলন‌ কৰা হ’ব । পতাকা উত্তোলন কৰিব দৌল-দেৱালয় পৰিচালনা সমিতিৰ সভাপতি গংগাচৰণ দাসে ।‌ স্মৃতি তৰ্পণ কৰিব দৌল-দেৱালয় সমিতিৰ উপ-সভাপতি ৰাজেন ৰায়ে; গছপুলি ৰোপণ কৰিব উপদেষ্টা হেমন্ত কুমাৰ ৰায়ে। সন্ধিয়া বন্তি প্ৰজ্বলন কৰা হ’ব। বন্তি প্ৰজ্বলন কৰিব বাসুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উপাধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰা লোকনাথ বৰ্মনে। সন্ধিয়া ৭ বজাৰ পৰা বাৰ্ষিক পূজাৰ অধিবাস আৰম্ভ হ’ব ।

দ্বিতীয় দিনা পুৱা ৮ বজাত বাৰ্ষিক শ্ৰীশ্ৰীপঞ্চমী পূজা আৰম্ভ হ’ব । পুৱা ৯ বজাত দৰ্শনাৰ্থী ৰাইজৰ সমূহীয়া পূজা-অৰ্চনা অনুষ্ঠিত হ’ব। সন্ধিয়া ৫.৪৫ বজাত বন্তি প্ৰজ্বলন কৰিব ১৩নং চিৰাং পৰিষদীয় সমষ্টিৰ পাৰিষদ শুকুৰসিং মুছাহাৰীয়ে । ৬ বজাত ময়ূৰী নাথৰ নাগাৰা নাম অনুষ্ঠিত হ’ব।

তৃতীয় অৰ্থাৎ শেষৰ দিনা পুৱা ৭.৩০ বজাত সমূহীয়া প্ৰায়শ্চিত্ত‌ আৰু দিনৰ ১.১৫ বজাত শ্ৰীশ্ৰীৰাজাঠাকুৰ প্ৰভুৰ সুৱেৰি উৎসৱলৈ গমন আৰু আবেলি ৫.৩০ বজাত প্ৰত্যাগমন হ’ব । নিশা ৮ বজাত মাণিকপুৰৰ চিলাৰায় গ্ৰাফীক থিয়েটাৰ দলে নাট প্ৰদৰ্শন কৰিব ।

এই ধৰ্মীয় তিনিদিনীয়া কাৰ্যসূচী সাফল্যমণ্ডিত কৰি তোলাৰ বাবে সকলোৰে সহায়-সহযোগিতা কামনা কৰিছে শ্ৰীশ্ৰীৰাজাঠাকুৰ দৌল দেৱালয় পৰিচালনা সমিতিৰ সভাপতি গংগাচৰণ দাস আৰু সম্পাদক হেমন্ত কুমাৰ ৰায়ে ।

You might also like