ইৰানত আমেৰিকা-ইজৰাইলৰ যৌথ আক্ৰমণৰ পিছতে ট্ৰাম্পৰ প্ৰথম প্ৰতিক্ৰিয়া
ডিজিটেল ডেস্ক, ২৮ ফেব্ৰুৱাৰী : ইজৰাইল আৰু ইৰানৰ মাজত কেইবা সপ্তাহ ধৰি উত্তেজনা অব্য়াহত থকাৰ মাজতে আমেৰিকা আৰু ইজৰাইলে যৌথভাৱে ইৰানৰ বিৰুদ্ধে আক্ৰমণ চলাইছে। ৰাজধানী তেহৰানসহ ইৰানৰ কেইবাখনো চহৰত একাধিক বিস্ফোৰণৰ শব্দ শুনা গৈছে। আমেৰিকাৰ এজন বিষয়াই কৈছে যে ইৰানৰ বিৰুদ্ধে ইজৰাইলৰ আক্ৰমণত আমেৰিকা যুক্তাৰাষ্ট্ৰই সহযোগ কৰিছে ।
ইৰানৰ ওপৰত আমেৰিকা আৰু ইজৰাইলে আক্ৰমণ কৰাৰ পিছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এটা বিবৃতি দিছে। ট্ৰাম্পে নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথত প্ৰকাশ কৰা এক ভিডিঅ’ বাৰ্তাত কয় যে এই সামৰিক অভিযানৰ উদ্দেশ্য হৈছে আমেৰিকাৰ জনসাধাৰণক সুৰক্ষা দিয়া আৰু ইৰানী শাসনে সৃষ্টি কৰা আগতীয়া ভাবুকিসমূহ দূৰ কৰা। ট্ৰাম্পে কয় যে শেহতীয়াকৈ আমেৰিকাই ইৰানত “বৃহৎ যুদ্ধ অভিযান” আৰম্ভ কৰিছে।
ইৰানৰ শাসন ব্যৱস্থাক “অতি কঠোৰ আৰু বিপজ্জনক গোট” বুলি অভিহিত কৰি ট্ৰাম্পে কয় যে আমেৰিকাই কেতিয়াও ইৰানক পাৰমাণৱিক অস্ত্ৰ লাভ কৰিবলৈ নিদিয়ে। তেওঁৰ মতে ইৰানে নিজৰ পাৰমাণৱিক কাৰ্যসূচী পুনৰ সজীৱ কৰাৰ চেষ্টা কৰিছে আৰু ই দীৰ্ঘ দূৰত্বৰ ক্ষেপণাস্ত্ৰ বিকশিত কৰি আছে, যিয়ে আমেৰিকা আৰু ইয়াৰ মিত্ৰ দেশসমূহৰ বাবে গুৰুতৰ ভাবুকি কঢ়িয়াই আনিছে।
ট্ৰাম্পে স্পষ্ট কৰি কয় যে ‘আমি তেওঁলোকৰ ক্ষেপণাস্ত্ৰ ধ্বংস কৰিম আৰু তেওঁলোকৰ ক্ষেপণাস্ত্ৰ উদ্যোগক মাটিত মিহলাই দিম।’