বিশেষ বাৰ্তা, ১৬ আগষ্ট : গৰৈমাৰীত চুৰি হোৱা কোটি টকাৰ সামগ্ৰীসহ তিনি হাইজেকাৰক আটক কৰে আৰক্ষীয়ে। কামৰূপৰ জোৰশিমুলী আৰক্ষীৰ জালত পৰে তিনিটাকৈ কুখ্যাত হাইজেকাৰ। তিনি হাইজেকাৰৰ পৰা উদ্ধাৰ হৈছে এখন ট্ৰাকসহ ১ কোটি ১৩ লাখ টকাৰ চুৰি সামগ্ৰী।
জানিব পৰা মতে, জোৰশিমুলী আৰক্ষী চকী এলেকাৰ হাতীশলা অঞ্চলত সন্দেহজনকভাৱে বিচৰণ কৰি আছিল ভুৱা নম্বৰপ্লেটৰ মালভৰ্তি ট্ৰাক এখন। স্থানীয় ৰাইজৰ সন্দেহ ওপজাত জোৰশিমুলী আৰক্ষীক ঘটনাৰ বিষয়ে অৱগত কৰে। তাৰ পিছতেই জোৰশিমুলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পংকজ দাসৰ নেতৃত্বত যোৱা আৰক্ষীৰ দল এটাই তিনিটা গভাইত চোৰ ক্ৰমে জেহেৰুল আলী, তাইজুদ্দিন আলী আৰু ভোলা আলীক আটক কৰে। আটকাধীন চোৰকেইটাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে নতুন দিল্লীৰ পৰা মিজোৰামৰ আইজল অভিমুখী ১ কোটি ১৩ লাখ টকাৰ সামগ্ৰীসহ এখন ট্ৰাক। গাড়ীখনত মটৰ গাড়ীৰ টায়াৰ, কাপোৰ আদিকে ধৰি ১ কোটি ১৩ লাখ টকাৰ সামগ্ৰী থকা বুলি তথ্য পোৱা গৈছে। জোৰশিমুলী আৰক্ষীয়ে চোৰকেইটাক ছয়গাঁও আৰক্ষীৰ জিম্মাত ৰাখি অধিক তথ্যৰ বাবে জেৰা চলাই আছে।
প্ৰেৰক জমিৰ আল হাছান