নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোসাঁই বিহুৰ দিনাই গুৱাহাটীৰ লাচিত নগৰত চাঞ্চল্য

গোসাঁই বিহুৰ দিনা পুৱাৰ ভাগতেই গুৱাহাটী মহানগৰীৰ লাচিত নগৰ অঞ্চলত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। নামঘৰৰ গ্ৰিল চুৰি কৰিবলৈ অহা এজন চোৰক বাধা প্ৰদান কৰিবলৈ গৈ গুৰুতৰভাৱে আহত হয় ৰোহিত দাস নামৰ এজন যুৱক।

জানিব পৰা মতে, পুৱাৰ ভাগতেই নামঘৰৰ গ্ৰিল চুৰি কৰিবলৈ আহিছিল চোৰটো। সেই সময়তে স্থানীয় ৰোহিত দাসে ঘটনাটো লক্ষ্য কৰি চুৰ কৰিবলৈ বাধা প্ৰদান কৰে। কিন্তু বাধা দিয়াৰ লগে লগে চোৰটোৱে যুৱকজনক ছুৰিকাঘাত কৰে। ফলত ৰোহিত দাসৰ পেট আৰু হাতত গুৰুতৰ আঘাত লাগে।

আঘাতপ্ৰাপ্ত অৱস্থাত প্ৰথমে তেওঁক চিকিৎসাৰ বাবে GMCHলৈ প্ৰেৰণ কৰা হৈছিল। পাছত উন্নত চিকিৎসাৰ বাবে তেওঁক নেমকেয়াৰ হাস্পতাললৈ স্থানান্তৰ কৰা হয়, য’ত বৰ্তমান তেওঁ চিকিৎসাধীন হৈ আছে।

ঘটনাৰ পিছতেই স্থানীয় ৰাইজে তৎপৰতাৰে চোৰটোক কৰায়ত্ত কৰি বান্ধি থয়। পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হোৱা পল্টনবজাৰ আৰক্ষীক চোৰটোক গতাই দিয়া হয়।

এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষীয়ে ইতিমধ্যে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে আৰু চোৰটোৰ বিৰুদ্ধে প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিব পৰা গৈছে।

ডিজিটেল ডেস্ক, ১৬ এপ্ৰিল

You might also like