নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনিচুকীয়াত ক’ৰোনাৰ ভয়াবহ ৰূপ; উপায়ুক্তৰ দেহত ক’ভিড পজিটিভ ধৰা পৰাৰ পাছত বহু লোকলৈ সংক্ৰমণৰ আশংকা

নিয়মীয়া বাৰ্তা, ১৮ জুলাইঃ তিনিচুকীয়া জিলাৰ উপায়ুক্ত ভাস্কৰ পেগুৰ দেহত ধৰা পৰিছে ক’ৰনা ভাইৰাছ। উল্লেখ্য যে, মন্ত্ৰী সঞ্জয় কিষাণ, আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়াৰ লগতে অইল ইণ্ডিয়া লিমিটেডৰ কেইবাগৰাকীও বিষয়াৰ উপস্থিতিত আজি দিনৰ ভাগত বাঘজান অগ্নিকাণ্ডৰ ক্ষতিগ্ৰস্তক চেক বিতৰণ কৰিছিল উপায়ুক্ত ভাষ্কৰ পেগুৱে। উক্ত অনুষ্ঠানত জিলাখনৰ কেইবাগৰাকী সাংবাদিকো উপস্থিত আছিল।

উপায়ুক্ত গৰাকীৰ দেহত ক’ভড পজিটিভ ধৰা পৰাৰ পাছতে তেওঁৰ সংস্পৰ্শলৈ অহা বিভিন্নজনৰ দেহতো ৰোগৰ ভাইৰাছ ধৰা পৰাৰ আশংকা কৰা হৈছে। জিলাখনৰ মুৰব্বীৰ দেহত ভয়াবহ ৰোগৰ ভাইৰাছ ধৰা পৰাৰ পাছত স্বাভাৱিকতেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে জিলাখনত।

You might also like