নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিলাপথাৰত ক’ভিড আক্ৰান্তৰ ঘটনাক লৈ আতংক; সংস্পৰ্শলৈ অহা ৬৫ জনৰ স্বাৱ সংগ্ৰহ

নিয়মীয়া বাৰ্তা ১৮ জুলাইঃ শেহতীয়াকৈ ভ্ৰমণ বৃত্তান্ত নথকাকৈ ক’ভিড-১৯ ৰ অৱস্থিতি ধৰা পৰা চিলাপথাৰ বামগাঁৱৰ জেনিফাৰ ফুকন (৩০) ৰ শৰীৰত কেনেকৈ কৰ’না সংক্ৰমিত হ’বলৈ পালে তাক লৈ জিলা চিকিৎসা বিভাগ আৰু জিলা প্ৰশাসন বাৰুকৈয়ে বিপাঙত পৰাৰ সমান্তৰালভাৱে ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ আতংকৰ।

আজি ক’ভিড-১৯ আক্ৰান্ত বিজেপি কৰ্মী তথা চিলাপথাৰৰ প্ৰাক্তন পৌৰ সদস্যা জেনিফাৰ ফুকনৰ (৩৫) বামগাঁওস্থিত বাসভৱন আৰু তেওঁ বজাৰ কৰিবলৈ যোৱা দত্ত ক্লথ ষ্টোৰ্চত স্বাস্থ্য বিভাগৰ এটা দলে চেনিটাইজেশ্যন কৰে৷ তদুপৰি জেনিফাৰৰ ঘৰলৈ যোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয় পথৰ স’থ পূজাস্থলীৰ পৰা বিদ্যালয়ৰ সমীপলৈকে কনটেইনমেণ্ট জ’ন ঘোষণা কৰি বাঁহৰ বেৰিকেড স্থাপন কৰি এক প্ৰকাৰে বন্ধ কৰি দিয়ে৷ ইপিনে আক্ৰান্ত জেনিফাই অকাজানৰ মোমায়েকৰ ঘৰলৈকো সপৰিয়ালে যোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে অকাজানতো ব্যাপক হৈ- ছৈৰ সৃষ্টি হৈছে।

জানিব পৰা অনুসৰি, আক্ৰান্তৰ মামীয়েক এগৰাকী আশাকৰ্মী৷ ততালিকে আশাকৰ্মী গৰাকীৰ ঘৰতো বিভাগীয় এটা দলে চেনিটাইজাৰ ছটিয়াই৷ লগতে জেনিফাৰৰ ঘৰৰ পৰিয়াল আৰু মোমায়েকৰ সকলো লোকক ১৪ দিনৰ বাবে আইচলেশ্যনত থকাৰ পৰামৰ্শ দিয়ে৷ ইপিনে প্ৰশাসনে আক্ৰান্ত মহিলাগৰাকীৰ সংস্পৰ্শলৈ অহা বিভিন্ন লোকক সোধা-পোছা অব্যাহত ৰাখিছে৷ ইতিমধ্যে স্বাস্থ্য বিভাগে জেনিফাৰৰ পিতৃ, মাতৃ, ভাতৃ, কন্যাৰ লগতে এটি শিশুৰ স্বাৱ কালিয়েই সংগ্ৰহ কৰিছে যদিও এই পৰ্যন্ত ফলাফল ঘোষণা হোৱা নাই৷ উল্লেখযোগ্য যে, আজি চিলাপথাৰ কভিড চিকিৎসালয়ত জেনিফাৰৰ সংস্পৰ্শলৈ অহা মুঠ ৬৫ গৰাকী লোকৰ স্বাৱ নমুনা সংগ্ৰহ কৰে৷ ইপিনে জেনিফাৰৰ সৈতে সঘন সম্পৰ্ক ৰখা বহুলোকে এতিয়াও স্বাৱ পৰীক্ষাৰ বাবে ওলাই অহা নাই বুলি ৰাইজে আক্ষেপ কৰিছে৷

You might also like