নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘ভাতৃ’ ড০ হিমন্ত বিশ্ব শর্মাৰে দিল্লীত নৈশভোজ জোৰামথাংগাৰ

আজি অমিত শ্বাহৰে বহিব অসম–মিজোৰামৰ মুখ্যমন্ত্রী

নিয়মীয়া বাৰ্তা ২৬ নৱেম্বৰঃ সীমা বিবাদক কেন্দ্র কৰি যোৱা দীর্ঘসময় ধৰি চুবুৰীয়া ৰাজ্য মিজোৰামৰে হৈ থকা তিক্ত সম্পর্কৰ অৱসান ঘটাই আজি নতুন দিল্লীৰ অসম ভৱনত মিলিত হ’ল অসম আৰু মিজোৰামৰ মুখ্যমন্ত্রীদ্বয়৷ উল্লেখ্য যে সীমা সমস্যাৰ লগতে আন্তঃৰাজ্যিক বিভিন্ন বিষয়ক লৈ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ সৈতে কাইলৈ দুয়োগৰাকী মুখ্যমন্ত্রীয়ে বহিব এক গুৰুত্বপূর্ণ বৈঠকত৷ এই বৈঠকৰ পূর্বে বৃহস্পতিবাৰে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ আমন্ত্রণক্রমে নৈশভোজত উপস্থিত হয় মিজোৰামৰ মুখ্যমন্ত্রী জোৰামথাংগা৷ অসম ভৱনৰ মুখ্যমন্ত্রীৰ কোঠাত দুয়োগৰাকী মন্ত্রীৰ লগতে অসম চৰকাৰৰ সীমান্ত উন্নয়ন মন্ত্রী অতুল বৰাৰ উপস্থিতিত প্রায় দুঘণ্টাজোৰা এক সৌহার্দ্যপূর্ণ আলোচনা অনুষ্ঠিত হয়৷ সীমা সমস্যাৰ লগতে আন্তঃৰাষ্ট্রীয় বিভিন্ন বিষয়ক লৈ অনুষ্ঠিত এই আলোচনাত দুয়োগৰাকী মুখ্যমন্ত্রীয়ে কাইলৈ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ সৈতে হ’ব লগা বৈঠক সন্দর্ভত আগতীয়াকৈ কিছু সহমতত উপনীত হয়৷ নৈশভোজৰ অন্তত সাংবাদিকৰ সৈতে হোৱা বার্তালাপত জোৰামথাংগাই কয়– মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা মোৰ ভাতৃ–বন্ধুৰ দৰে৷ তেওঁৰ সৈতে আজি এক সৌহার্দ্যপূর্ণ আলোচনা হয়৷ আজি এক সুন্দৰ সময় অতিবাহিত কৰিলোঁ আৰু বহু বিষয়ত আমি ঐকমত্যত উপনীত হ’লোঁ৷ আনহাতে, মুখ্যমন্ত্রী ড০ শর্মাই বৈঠক সন্দর্ভত কয়– মিজোৰামৰ মুখ্যমন্ত্রীৰ সৈতে আজি দুঘণ্টাজোৰা কথা–বার্তা পাতিলোঁ৷ বিগত সময়ছোৱাত হৈ যোৱা ঘটনাপ্রবাহৰ মাজতো জোৰামথাংগাৰ সৈতে মোৰ ব্যক্তিগত সম্পর্ক অটুট আছে৷ প্রায়ে মই মিজোৰামৰ মুখ্যমন্ত্রীৰ সৈতে টেলিফোনযোগে কথা–বার্তা পাতি থাকোঁ৷ মিজোৰামৰ ক’ভিডকেন্দ্রিক পৰিৱেশৰ বাবে জোৰামথাংগা বহুদিন ধৰি দিল্লীলৈ অহা নাছিল৷ দীর্ঘ বিৰতিৰ পাছত তেওঁ দিল্লীলৈ অহাত মই তেওঁক নৈশভোজলৈ আমন্ত্রণ জনালোঁ৷ আমি দুয়োজনৰ লগতে মন্ত্রী অতুল বৰাৰ উপস্থিতিত দুয়োখন ৰাজ্যৰ বিভিন্ন বিষয় লৈ আলোচনা কৰিলোঁ৷ মন্ত্রী অতুল বৰাৰ সৈতেও তেওঁৰ সম্পর্ক পুৰণি৷ সেয়েহে জোৰামথাংগাই মন্ত্রী বৰাৰ সৈতেও কিছু কথা–বতৰা পাতিলে৷ কাইলৈ সন্ধিয়া কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ সৈতে আমি বৈঠকত বহিম৷ ইফালে, নাগালেণ্ডৰ সৈতে সীমা সমস্যা সন্দর্ভত চলি থকা আলোচনাৰ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয়– বর্তমান নাগালেণ্ডৰ বিধানসভা চলি থকা হেতু মুখ্যমন্ত্রী নেফিউ ৰি’ দিল্লীলৈ অহা নাই৷ অহা সপ্তাহত মুখ্যমন্ত্রী ৰি’ দিল্লীলৈ আহিলে মই লগ পাম৷ এই সাক্ষাতত বিষয়বোৰ আলোচনা কৰিম৷

You might also like