নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফেব্রুৱাৰীত ৰাজ্যত পৌৰ নির্বাচন

সাজু চৰকাৰ–মুখ্যমন্ত্রী ড০ শর্মাৰ ঘোষণা

নিয়মীয়া বাৰ্তা ২৬ নৱেম্বৰঃ এইবাৰ ৰাজ্যৰ ১০১খন পৌৰ নিগম–পৌৰসভা–নগ সমিতিৰ নির্বাচনৰ বাবে সাজু হৈছে ৰাজ্য চৰকাৰ৷ অহা ফেব্রুৱাৰী মাহত ৰাজ্যত পৌৰ নির্বাচন অনুষ্ঠিত হ’ব৷ আজি বঙাইগাঁৱত এই ঘোষণা কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ বঙাইগাঁও জিলা বিজেপিৰ নৱনির্মিত কার্যালয়টো উদ্বোধন কৰি মুখ্যমন্ত্রী ড০ শর্মাই দলৰ ৰাজ্যিক বিষয়ববীয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়৷ বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে আজিৰ বৈঠকত অহা ফেব্রুৱাৰী মাহত হ’বলগীয়া ৰাজ্যৰ পৌৰ নির্বাচনৰ লগতে গুৱাহাটী পৌৰ নিগমৰ নির্বাচন, দেউৰী স্বায়ত্ত পৰিষদ আৰু ঠেঙাল কছাৰী স্বায়ত্ত পৰিষদৰ নির্বাচন সম্পর্কত খৰচি মাৰি আলোচনা কৰা হয়৷ সেই বৈঠকতে পৌৰ নির্বাচনকে ধৰি স্বায়ত্ত পৰিষদ দুখনৰ নির্বাচন সম্পর্কত দলীয় ৰণনীতি সম্পর্কতো বিস্তৃতভাৱে আলোচনা কৰে৷ সমাগত পৌৰ নির্বাচনত বিজেপিয়ে মিত্রতাৰে অৱতীর্ণ হ’ব নে অকলে যুঁজত নামিব, এই সম্পর্কত সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বিধানসভা আৰু লোকসভা নির্বাচনত মিত্রতা আছে যদিও পঞ্চায়ত আৰু পৌৰ নির্বাচনৰ ক্ষেত্রত দলৰ জিলা সমিতিসমূহে সিদ্ধান্ত গ্রহণ কৰিব৷ জিলা সমিতিৰ সিদ্ধান্তৰ ক্ষেত্রত ৰাজ্যিক সমিতিয়ে কোনো হস্তক্ষেপ নকৰে৷

উল্লেখ্য যে ৰাজ্যখনত বর্তমান ৩৪খন পৌৰসভা, ৬৬খন নগৰ সমিতি আছে৷ সেইদৰে পৌৰ নিগম হিচাপে গুৱাহাটী পৌৰ নিগম আছে৷ পৌৰসভা ৩৪খন হৈছে– পলাশবাৰী, ৰঙিয়া, নলবাৰী, বৰপেটা, বৰপেটাৰোড, মঙলদৈ, ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও, মৰিগাঁও, নগাঁও, ধিং, হোজাই, লংকা, লামডিং, তেজপুৰ, ঢ়েকীয়াজুলি, বিশ্বনাথ চাৰিআলি, গোলাঘাট, দেৰগাঁও, যোৰহাট, শিৱসাগৰ, নাজিৰা, আমগুৰি, সোণাৰি, উত্তৰ লখিমপুৰ, বিহপুৰীয়া, ডিব্রুগড়, তিনিচুকীয়া, হাইলাকান্দি, শিলচৰ, লক্ষীপুৰ (কাছাৰ), কৰিমগঞ্জ আৰু কোকৰাঝাৰ৷ সেইদৰে ৬৬খন নগৰ সমিতি হৈছে– উত্তৰ গুৱাহাটী, টিহু, পাঠশালা, হাউলী, সর্থেবাৰী, সৰভোগ, পাটাছাৰকুছি, খাৰুপেটীয়া, গৌৰীপুৰ, বিলাসীপাৰা, চাপৰ, সাপটগ্রাম, গোলকগঞ্জ, লক্ষীপুৰ (গোৱালপাৰা), অভয়াপুৰী, কামপুৰ, ৰহা, ডবকা, ৰঙাপৰা, জামুগুৰিহাট, গহপুৰ, চতিয়া, বোকাখাত, সৰুপথাৰ, বৰপথাৰ, মৰিয়নি, তিতাবৰ, টীয়ক, মাজুলী, শিমলুগুৰি, ডিমৌ, মৰাণ, ঢ়কুৱাখনা, নাৰায়ণপুৰ, নাহৰকটীয়া, চাবুৱা, নামৰূপ, ডুমডুমা, মাকুম, ডিগবৈ, মার্ঘেৰিটা, চপাখোৱা, লালা, সোণাই, বদৰপুৰ, ধেমাজি, চিলাপথাৰ, ওদালগুৰি, টংলা, বিজনী, কাজলগাঁও, বাসুগাঁও, গোসাঁইগাঁও, ডিফু, ডকমকা, বোকাজান, বকলীয়া, হাওৰাঘাট, লাংহিন, হামৰেণ, ডংকামোকাম, উমৰাংছ’, হাফলং, মাহুৰ, মাইবং আৰু গোৰেশ্বৰ৷ আসন্ন পৌৰ নির্বাচনৰ জৰিয়তে এই পৌৰ নিকায়সমূহ যাতে বিজেপিয়ে দখল কৰিব পাৰে, সেই সম্পর্কত দলীয় বিষয়ববীয়াৰ বৈঠকখনত বিস্তৃতভাৱে আলোচনা কৰি ৰণকৌশল যুগুতায়৷ ইপিনে, বঙাইগাঁও জিলা বিজেপিৰ স্থায়ী কার্যালয়টো উদ্বোধন কৰি জিলাখনৰ দলীয় কর্মকর্তাসকলক শুভেচ্ছা জ্ঞাপন কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ভাৰতীয় জনতা পার্টীয়ে তিনিটা বিষয়ৰ ওপৰত গুৰুত্ব দি আহিছে৷ কার্যকর্তা, কার্যালয় আৰু কোষ– এই তিনিটা বিষয়ত দলে গুৰুত্ব দি আহিছে৷ ভাল কার্যকর্তা নির্মাণ কৰিবলৈ সক্ষম হ’লেহে দল স্থায়ী হ’ব৷ দলে সদায় ভাল কার্যকর্তাৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে গুৰুত্ব প্রদান কৰি আহিছে৷ সেইদৰে দলৰ কার্যালয় থাকিলেহে সাংগঠনিক দিশ শক্তিশালী হয়৷ কার্যালয়ত সাংগঠনিক আলোচনা কৰিহে দলৰ ভেটি মজবুত কৰি তুলিব পাৰে৷

আনহাতে, দলৰ সাংগঠনিক দিশৰ প্রতি লক্ষ্য ৰাখি মণ্ডলসমূহতো কার্যালয় নির্মাণৰ বাবে ৰাজ্যিক বিজেপিয়ে সিদ্ধান্ত লৈছে৷ দলৰ বিত্তীয় দিশৰ প্রতি লক্ষ্য ৰাখি আগন্তুক জানুৱাৰী মাহৰ পৰা মণ্ডল পর্যায়ত কোষ খোলাৰ বিষয়ে সদৰী কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে স্বচ্ছতাৰে দলক আগুৱাই নিয়াৰ বাবে কোষ খোলা হ’ব৷ শুভাকাংক্ষীয়ে ৫০ টকাৰ পৰা আৰম্ভ কৰি নিজ ইচ্ছাৰে বৰঙণি আগবঢ়াই দলক সহায় আগবঢ়াব পাৰিব৷ এই বৰঙণিৰ ধন বেংকত জমা ৰাখি লাভ কৰা সুদৰ জৰিয়তে সমিতিখন সুন্দৰভাৱে চলি থাকিব পাৰিব৷ এনে প্রচেষ্টাৰে চৰকাৰৰ সমান্তৰালভাৱে দলকো শক্তিশালী কৰি ৰাষ্ট্র নির্মাণৰ ক্ষেত্রত আগুৱাই নিয়াৰ চেষ্টা চলোৱা হৈছে বুলি তেওঁ প্রকাশ কৰে৷ সেইদৰে ৰাজ্য চৰকাৰে বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী বছৰজোৰাকৈ দেশব্যাপী পালন কৰি মহাবীৰজনৰ প্রতি সন্মান জনোৱাৰ সিদ্ধান্ত গ্রহণ কৰাৰ পাছত আজি ৰাজ্যিক বিজেপিৰ বিষয়ববীয়াৰ বৈঠকে দলে বৰফুকনৰ জন্মজয়ন্তীৰ কার্যসূচী পালনৰ সিদ্ধান্ত গ্রহণ কৰে৷
উচ্চ ন্যায়ালয়ক জনালে ৰাজ্য চৰকাৰে– ফেব্রুৱাৰীত পৌৰসভাৰ নির্বাচন
ৰাজ্যৰ পৌৰসভাসমূহৰ নির্বাচন অহা ফেব্রুৱাৰী মাহৰ ভিতৰত অনুষ্ঠিত হ’ব৷ গুৱাহাটী উচ্চ ন্যায়ালয়ত এই কথা সদৰী কৰিছে ৰাজ্য চৰকাৰে৷ পৌৰসভা আৰু গুৱাহাটী পৌৰ নিগমৰ নির্বাচন বিলম্ব হোৱাক লৈ দাখিল হোৱা কেইবাখনো ৰাজহুৱা স্বার্থজড়িত আবেদনৰ শুনানিৰ সময়ত ৰাজ্যৰ মহাধিবক্তাই সদৰী কৰে যে কম দিনৰ ভিতৰত নির্বাচন অনুষ্ঠিত কৰিবলৈ উচ্চ পর্যায়ৰ বৈঠক সম্পন্ন হৈছে৷ অহা ফেব্রুৱাৰীত পৌৰসভাসমূহৰ নির্বাচন অনুষ্ঠিত কৰিবলৈ প্রস্তাৱ গ্রহণ কৰা হৈছে৷ সেইদৰে গুৱাহাটী পৌৰ নিগম আৰু আন স্বায়ত্তশাসিত পৰিষদৰ নির্বাচন অহা এপ্রিলৰ ভিতৰত অনুষ্ঠিত কৰিবলৈ চৰকাৰে সিদ্ধান্ত গ্রহণ কৰিছে৷ এই সন্দর্ভত দুই সপ্তাহৰ ভিতৰত ৰাজ্য চৰকাৰক শপতনামা দাখিল কৰিবলৈ নির্দেশ দিছে উচ্চ ন্যায়ালয়ে৷ অহা ৮ ডিচেম্বৰত গোচৰটোৰ পুনৰ শুনানি গ্রহণ কৰা হ’ব৷

You might also like