নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সন্ত্রাসবাদীক অস্ত্র যোগান প্রত্যাহ্বানমূলক

জম্মু–কাশ্মীৰক লৈ জইছ–ই–মহম্মদৰ কমাণ্ডাৰ মুফ্তি ৰৌফ আছগৰৰ বিস্ফোৰক বার্তা

নিয়মীয়া বাৰ্তা ২৬ নৱেম্বৰঃ জম্মু–কাশ্মীৰৰ সন্ত্রাসবাদীক অস্ত্র–শস্ত্র যোগান ধৰাটো অতি প্রত্যাহ্বান হৈছে বুলি বিস্ফোৰক মন্তব্য আগবঢ়াইছে জইছ–ই–মহম্মদৰ দ্বিতীয় শীর্ষ নেতা মুফ্তি ৰৌফ আছগৰে৷ অলপতে জম্মুৰ নাগ্র’টাত ভাৰতীয় ভূমিত অনুপ্রৱেশ কৰাৰ কেইঘণ্টামান পিছতেই চাৰি পাকিস্তানী সন্ত্রাসবাদীক ভাৰতীয় সেনাবাহিনীয়ে গুলীয়াই হত্যা কৰাৰ লগতে বৃহৎ পৰিমাণৰ অস্ত্র–শস্ত্র জব্দ কৰা তথ্যৰ উদ্ধৃতি দি নিষিদ্ধ সংগঠন জইছৰ দ্বিতীয় শীর্ষনেতা আছগৰে কাশ্মীৰৰ সন্ত্রাসবাদীলৈ এই তথ্য প্রেৰণ কৰিছে৷ দেশৰ চোৰাংচোৱা সংস্থাই জইছৰ সন্ত্রাসবাদী আছগৰৰ এই তথ্য লাভ কৰাৰ পিছতেই অঞ্চলটোত নিৰাপত্তা বাহিনীক অধিক সষ্টম হ’বলৈ সতর্কবাণী প্রেৰণ কৰিছে৷ জইছ–ই–মহম্মদৰ মুৰব্বী তথা ৰাষ্ট্রসংঘৰ দ্বাৰা আন্তর্জাতিক সন্ত্রাসবাদী ঘোষিত মাছুদ আজহাৰৰ কনিষ্ঠ ভাতৃ আছগৰৰ নিদের্শতে পাকিস্তানৰ পৰা সন্ত্রাসবাদী ভাৰতীয় ভূমিত অনুপ্রৱেশ কৰি জম্মু–কাশ্মীৰৰ সন্ত্রাসবাদীক অস্ত্র–শস্ত্র যোগান ধৰাৰ লগতে অঞ্চলটোত কূটাঘাতমূলক কার্য সংঘটিত কৰি আহিছে৷ পাকিস্তানৰ পঞ্জাব প্রদেশৰ বাহাৱালপুৰৰ পৰা আছগৰেই সশস্ত্র সন্ত্রাসবাদী চাৰিটাক জম্মু–কাশ্মীৰৰ ভূমিলৈ প্রেৰণ কৰিছিল৷ এই সন্ত্রাসবাদী চাৰিটাক ভাৰতীয় নিৰাপত্তা বাহিনীয়ে গুলীয়াই হত্যা কৰাৰ পিছত নিষিদ্ধ সংগঠনটোৰ ব্লু প্রিণ্টত মোক্ষম আঘাত কৰিছে৷ এই কথা সন্ত্রাসবাদী আছগৰৰ ভাষ্যত স্পষ্ট হৈছে৷

You might also like