নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হূদক্রিয়া বন্ধ হৈ আকস্মিক মৃত্যু মাৰাডোনাৰ; ৩ নৱেম্বৰত মগজুৰ অস্ত্রোপচাৰ সম্পন্ন হৈছিল

নিয়মীয়া বাৰ্তা, ২৬ নৱেম্বৰঃ ফুটবলৰ ৰাজপুত্র ডিয়েগ’ মাৰাডোনা আৰু নাই৷ সমগ্র ফুটবল বিশ্বক স্তব্ধ কৰি বুয়েনছ আয়ার্ছৰ পৰা আহিল এই দুসংবাদ৷ মগজুৰ এক জটিল অস্ত্রোপচাৰ সম্পন্ন হোৱাৰ পিছত আর্জেণ্টিনাৰ কিংবদন্তি ফুটবলাৰগৰাকীয়ে যোৱা ১৩ নৱেম্বৰত চিকিৎসালয় ত্যাগ কৰিছিল৷ পৰিয়ালৰ সৈতে বুয়েনছ আয়ার্ছৰ বাসগৃহত থকা অৱস্থাত ৬০ বছৰীয়া মাৰাডোনাই হঠাতে হূদৰোগত আক্রান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে৷

১৯৮৬ চনৰ মেক্সিকো বিশ্বকাপত চমকপ্রদ প্রদর্শনেৰে মহানায়কত পৰিণত হোৱা মাৰাডোনাৰ মৃত্যুৰ সংবাদে সমগ্র বিশ্বৰ ক্রীড়াজগতক শোকস্তব্ধ কৰি তুলিছে৷ ‘ৰজা’ পেলেৰ সৈতে সঘন তুলনা হ’লেও স্বাভাৱিকতেই কোন সর্বকালৰ শ্রেষ্ঠ, তাক লৈ দ্বিমত ৰৈ গৈছে৷ অৱশ্যে মাৰাডোনাই সর্বশ্রেষ্ঠ বুলি স্বীকাৰ কৰা অনুৰাগীৰ সংখ্যা কম নহয়৷ পার্থক্য মাথোঁ এয়ে যে বিতর্ক তেওঁৰ আজীৱন সংগী হৈ ৰ’ল৷ বহু ফুটবলপ্রেমীয়ে এতিয়াও বিশ্বাস কৰে যে ১৯৮৬ চনৰ বিশ্বকাপত মাৰাডোনাই যি ক্রীড়াশৈলী, সৃষ্টিশীলতা, শক্তি আৰু অদম্য খেলেৰে ৰাজকীয় ফুটবল উপহাৰ দিছিল, সেয়া আছিল অভূতপূর্ব৷

আনকি ইংলেণ্ডৰ বিৰুদ্ধে ছেমিফাইনেলত তেওঁৰ ‘হেণ্ড অৱ গড’ খ্যাত বিতর্কিত গ’লটোৱেও তেওঁৰ শ্রেষ্ঠত্বত কালিমা সানিব পৰা নাছিল৷ কঠোৰ ব্রিটিছ ফুটবল সমালোচকেও ফুটবলৰ ৰাজপুত্রক ক্ষমা কৰি দিছিল৷ ১৯৮৬ চনত মাৰাডোনাইৰ অনুপ্রেৰণাই আর্জেণ্টিনাক প্রদান কৰিছিল বিশ্ব মুকুট৷ সমস্যাজর্জৰ লেটিন দেশখনে লাভ কৰিছিল নতুন প্রাণ৷ ১৯৯০ চনতো দুর্দশাগ্রস্ত আর্জেণ্টাইন জাতীয় দলটোক মাৰাডোনাই একপ্রকাৰ অকলেই ফাইনেল পর্যন্ত উন্নীত কৰিবলৈ সক্ষম হৈছিল৷ উল্লেখ্য যে মাত্র ১৬ বছৰ বয়সতে আর্জেণ্টিনাৰ হৈ প্রফেছনেল কেৰিয়াৰ আৰম্ভ কৰা বিৰল প্রতিভাধৰ ফুটবলাৰগৰাকীয়ে পৰৱর্তী প্রায় দুটা দশকত ফুটবলৰ পথাৰত দুভৰিৰ যাদুৰে বিশ্বৰ অগণন ক্রীড়ানুৰাগীক সন্মোহিত কৰি ৰাখিছিল৷ ক্লাব পর্যায়ত বোকা জুনিয়র্ছ, বার্ছিলোনা, নেপ’লি, ছেভিলা আদিৰ দৰে আগশাৰীৰ দলক প্রতিনিধিত্ব কৰি শতাধিক গ’ল কৰিবলৈ সক্ষম হোৱা কিংবদন্তিগৰাকীয়ে ১৯৮৬ চনৰ বিশ্বকাপত যাদুকৰী প্রদর্শনেৰে আর্জেণ্টিনালৈ খিতাপ কঢ়িয়াই আনিছিল৷ ১৯৬০ চনৰ ৩০ অক্টোবৰত আর্জেণ্টিনাৰ লানাছ চহৰত জন্মগ্রহণ কৰা মাৰাডোনাই আর্জেণ্টিনা জাতীয় দলৰ হৈ ৯১খন মেচ খেলি ৩৪টা গ’ল কৰিছিল৷ ক্লাব পর্যায়ত তেওঁ ৪৯১খন মেচত ২৫৯টা গ’ল কৰিবলৈ সক্ষম হৈছিল৷ আর্জেণ্টিন’ছ জুনিয়র্ছ ক্লাবৰ হৈ তেওঁ সর্বাধিক ১১৬টা গ’ল কৰিছিল৷ উল্লেখ্য যে বিগত কেইবাবছৰ ধৰি আর্জেণ্টিনাৰ কিংবদন্তি ফুটবলাৰগৰাকী মগজুৰ ৰক্তক্ষৰণত ভুগি আছিল৷ ২০১৮ চনৰ ফুটবল বিশ্বকাপৰ সময়ত তেওঁৰ অসুস্থতাৰ সংবাদে ফুটবল অনুৰাগীক উদ্বিগ্ণ কৰি তুলিছিল৷

স্বর্ণিল ফুটবল কেৰিয়াৰত সফলতাৰ শিখৰ চুবলৈ সক্ষম হ’লেও উচ্ছৃংখল জীৱনশৈলীৰ বাবে সঘনাই বিতর্কৰ আৱর্তত সোমাই পৰিছিল কিংবদন্তি মাৰাডোনা৷ ড্রাগ্ছ আৰু সুৰাৰ প্রতি অত্যন্ত আসক্ত প্রাক্তন ফুটবলাৰগৰাকীয়ে ক’কেইন সেৱন কৰাৰো অভিযোগ উঠিছিল৷ ১৯৯১ চনত ক’কেইন সেৱন কৰি ধৰা পৰি তাৰকাগৰাকী ১৫ মাহৰ বাবে নিলম্বিত হৈছিল৷ ক’কেন কঢ়িয়াই অনাৰ অপৰাধত একেটা বছৰতে বুয়েনছ আয়ার্ছত তেওঁক গ্রেপ্তাৰ কৰা হৈছিল আৰু পুনৰ ১৪ মাহৰ বাবে নিষেধাজ্ঞাৰ সন্মুখীন হয়৷ ১৯৯৪ চনত মাৰাডোনা আর্জেণ্টিনা জাতীয় দললৈ পুনৰ উভতি আহে যদিও গ’ল কৰি কেমেৰাৰ সন্মুখত অশালীন আচৰণ কৰাৰ অভিযোগত আন্তঃৰাষ্ট্রীয় ফুটবলৰ পৰা ১৫ মাহৰ বাবে তেওঁ নিলম্বিত হয়৷

আর্জেণ্টিনাৰ হৈ চাৰিবাৰকৈ বিশ্বকাপত অংশ লোৱা মহানায়ক মাৰাডোনাই ১৯৮৬ চনৰ বিশ্বকাপত গ’ল্ডেন বল লাভ কৰিবলৈ সক্ষম হৈছিল৷ ২০০৮ চনৰ নৱেম্বৰত তেওঁ আর্জেণ্টিনাৰ ৰাষ্ট্রীয় দলৰ প্রশিক্ষকৰ দায়িত্ব গ্রহণ কৰে৷ ২০১০ চনৰ বিশ্বকাপত দলটোৱে মাৰাডোনাৰ তত্ত্বাৱধানতে খেলপথাৰত নামিছিল৷ মগজুৰ অস্ত্রোপচাৰৰ ৮ দিনৰ পিছত হাস্পতালৰ পৰা যাবলৈ দিয়া হৈছিল কিংবদন্তি ফুটবলাৰগৰাকীক৷ কিন্তু তেওঁ সমস্যামুক্ত হোৱা নাছিল৷ বিশেষকৈ অন্যান্য চিকিৎসাৰ লগতে মদ্যপানৰ আসক্তিৰ পৰা তেওঁক মুক্ত কৰাটো আছিল ডাঙৰ প্রত্যাহ্বান৷ তেওঁৰ আইনজীৱীয়ে আনকি সকলোকে আহ্বান জনাইছিল যাতে ছ’চিয়েল মিডিয়াত কোনেও তেওঁক লৈ বিৰূপ মন্তব্য নকৰে৷ কাৰণ, মাৰাডোনা এজন স্পর্শকাতৰ ব্যক্তি৷ তেওঁৰ মন যিকোনো মুহূর্তত বিদ্রোহী হৈ উঠিব পাৰে৷ প্রকৃততে সমগ্র বিশ্বক যাদুকৰী ফুটবলেৰে মোহাচ্ছন্ন কৰি ৰখা মাৰাডোনাৰ গোটেই জীৱন হৈ পৰিছিল সংবেদনশীল৷

You might also like