নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি অসম দিৱস, মহান বীৰ চাওলুং চুকাফাক মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীৰ স্মৰণ

নিয়মীয়া বাৰ্তা, ২ ডিচেম্বৰঃ আজি চুকাফা দিৱস। আহোম ৰাজতন্ত্ৰৰ প্ৰতিষ্ঠাতা তথা বৰ অসমৰ ভেটি গঢ়োঁতা চাওলুং চুকাফাৰ স্মৃতিত আজি ৰাজ্যজুৰি পালন কৰা হয় চুকাফা দিৱস। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও অসমৰ স্বৰ্গদেউগৰাকীক স্মৰণ কৰে এইদৰে- ‘বৰ অসমৰ ভেটি গঢ়োঁতা স্বৰ্গদেউ চাওলুং চুকাফালৈ ‘অসম দিৱস’ত সশ্ৰদ্ধ প্ৰণিপাত জনালোঁ। তেখেতৰ মহান আদৰ্শই এখন শক্তিশালী আৰু সমৃদ্ধিশালী অসম গঢ়াৰ যাত্ৰাত আমাক সদায়েই অনুপ্ৰাণিত কৰি যাব।’

আনহাতে অসমৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো স্মৰণ কৰে চাওলুং চুকাফাক। মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে- ‘মহান বীৰ স্বৰ্গদেউ চুকাফাই ১২২৮ খৃষ্টাব্দত সৰু-বৰ জনগোষ্ঠী আৰু বহুদা বিভক্ত ব্ৰহ্মপুত্ৰ উপত্যকাক একত্ৰিত কৰি গঢ়া অসম আৰু অসমীয়া জাতিয়ে আঠ শতিকা সম্পূৰ্ণ কৰিবলৈ অগ্ৰসৰ হৈছে। আজি অসম দিৱসত অসম আৰু অসমীয়াৰ প্ৰাণ প্ৰতিষ্ঠাতা স্বৰ্গদেউ চুকাফাক আন্তৰিক প্ৰণিপাত জনালোঁ।’

উল্লেখ্য, অসমবাসীয়ে ১৯৮৭ চনৰ পৰাই ২ ডিচেম্বৰৰ দিনটো অসম দিৱস অথবা চুকাফা দিৱস হিচাপে পালন কৰি আহিছে।

You might also like