নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উচ্চতম ন্যায়ালয়ক লৈ ‘আপত্তিকৰ’ কার্টুন! শিল্পীৰ বিৰুদ্ধে আদালতত গোচৰ

নিয়মীয়া বাৰ্তা ২ নৱেম্বৰঃ অর্ণৱ গোস্বামীৰ জামিন পোৱাক লৈ টুইট কৰি বিপদত কার্টুনিষ্ট ৰচিতা তানেজা (Rachita Taneja)। অর্ণৱৰ জামিনক লৈ মন্তব্য কৰি ইতিমধ্যে কমেডিয়ান কুণাল কামৰাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ তৰাৰ অনুমতি দিছে কেন্দ্রই। এইবাৰ ৰচিতা তানেজাৰ বিৰুদ্ধেও একেই পদক্ষেপ গ্ৰহণ কৰিলে চৰকাৰে।

লগতে পঢ়কঃ মানুহৰ বাবে নহয় জীৱ-জন্তুৰ বাবে এখন ইক’ দলং

মঙলবাৰে এই কার্টুনিষ্টগৰাকীৰ বিৰুদ্ধে আদালতত অৱমাননাৰ গোচৰ তৰে এটর্নি জেনাৰেল কে কে বেণুগোপালে (KK Venugopal )।

উল্লেখ্য যে সাংবাদিক অর্ণৱ গোস্বামীৰ জামিনৰ পাছত চুপ্রিম কোর্টক সমালোচনা কৰি একাধিক কার্টুন আঁকিছিল কার্টুনিষ্ট ৰচিতা তানেজাই। য’ত চুপ্রিম কোর্টক কেন্দ্রৰ শাসক দলৰ নিয়ন্ত্রণাধীন হিচাপে দেখুওৱা হৈছে।

নিজৰ টুইটাৰ হেণ্ডেলৰ পৰা সেই কাৰ্টুনসমূহ চেয়াৰ কৰে তেওঁ। কেৱল অর্ণৱৰ ঘটনাই নহয়, ইয়াৰ পূৰ্বে একাধিক ঘটনাৰ পাছত চুপ্রিম কোর্টক লৈ ‘আপত্তিকৰ’ কার্টুন আঁকিছিল তেওঁ।

You might also like