নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি সিদ্ধান্ত ল’ব কংগ্রেছে

নিয়মীয়া বাৰ্তা ৪ আগষ্টঃ মহাজোঁট, উপ–নির্বাচন সম্পর্কত কাইলৈ গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰিব অসম প্রদেশ কংগ্রেছ কমিটীয়ে৷ প্রদেশ কংগ্রেছৰ নৱনিযুক্ত সভাপতি ভূপেন বৰাই মঙলবাৰে সংবাদ মাধ্যমৰ আগত এই কথা প্রকাশ কৰে৷ উল্লেখ্য যে কংগ্রেছ হাইকমাণ্ডে বৰাক প্রদেশ কংগ্রেছৰ সভাপতি হিচাপে নিযুক্তি দিয়াৰ পিছত আজি তেওঁ আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্রহণ কৰিব৷ প্রদেশ কংগ্রেছৰ সভাপতিৰ দায়িত্বভাৰ গ্রহণ কৰিয়েই প্রথম দিনটোতেই মহাজোঁট আৰু উপ–নির্বাচন সম্পর্কত দলে সিদ্ধান্ত গ্রহণ কৰিব বুলি জানিবলৈ দিয়ে৷

এই সম্পর্কত সভাপতি বৰাই কয় যে যোৱা বিধানসভা নির্বাচনৰ প্রাক্ক্ষণত অসমত মহাজোঁট গঠন কৰা হয়৷ মহাজোঁটৰ বাবে বহু সমষ্টিত কংগ্রেছৰ বিজয় যথেষ্ট সহজ হয় যদিও বহু সমষ্টিত বিজয় জটিল হৈ পৰে৷ চৰকাৰ গঠনৰ লক্ষ্যৰে অৱতীর্ণ হোৱা মহাজোঁটে উজনি অসমত কেনে প্রভাৱ পেলালে, সকলোৱে দেখিছে৷ মহাজোঁট কৰি আমি চৰকাৰটো গঠন কৰিব নোৱাৰিলোঁৱেই, ভেটিও শক্তিশালী কৰিব নোৱাৰিলোঁ৷ এই মুহূর্তত আমাৰ প্রথম দায়িত্ব হৈছে দলৰ সংগঠন শক্তিশালী কৰা৷ তদুপৰি মহাজোঁটৰ প্রসংগত ইতিমধ্যে বিৰোধী দলপতি দেৱব্রত শইকীয়া, কংগ্রেছ বিধায়িনী দলৰ উপ–দলপতি ৰকিবুল হুছেইন আদিকে ধৰি বহুতেই বিষয়টো সম্পর্কত প্রদেশ কংগ্রেছক বিবেচনা কৰিবলৈ পৰামর্শ আগবঢ়াইছে৷ সেইদৰে বিপিএফৰ মুখপাত্রয়ো এতিয়া মহাজোঁটৰ প্রাসংগিকতা অগ্রাহ্য কৰিছে৷ এই মহাজোঁট গঠনৰ সৈতে প্রদেশ কংগ্রেছৰ লগতে নিখিল ভাৰত কংগ্রেছ কমিটীও জড়িত৷ আজি নিখিল ভাৰত কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক জিতেন্দ্র সিঙৰ উপস্থিতিত নিশ্চিতভাৱে মহাজোঁট সম্পর্কত বিস্তৃতভাৱে আলোচনা কৰি সিদ্ধান্ত লোৱা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে৷ এই প্রসংগতে তেওঁ কয় যে যোৱা ৮/৯টা দিনত তেওঁ ৰাজ্যখনৰ বিভিন্নজন তৃণমূল পর্যায়ৰ নেতা–কর্মীৰ সৈতে মত বিনিময় কৰি উমান পাইছে সদ্যহতে আটায়ে দলক শক্তিশালী কৰাতহে গুৰুত্ব দিছে৷ এই বৈঠকত নিশ্চিতভাৱে এই বিষয়সমূহেও গুৰুত্ব লাভ কৰিব৷

আনহাতে মিত্রদল এআইইউডিএফৰ শেহতীয়া ভূমিকাত নিজৰ অসন্তুষ্টি ব্যক্ত কৰি সভাপতি বৰাই কয় যে অসম–মিজোৰাম সীমান্তৰ লাইলাপুৰত বিৰোধী দলপতি দেৱব্রত শইকীয়া, কংগ্রেছ বিধায়িনী দলৰ উপ–দলপতি ৰকিবুল হুছেইন, দলৰ দুই সাংসদ প্রদ্যুৎ বৰদলৈ, গৌৰৱ গগৈ আৰু দুজন বিধায়কসহ যোৱা বিষয়টোক লৈ এআইইউডিএফে সংবাদ মাধ্যমৰ জৰিয়তে প্রকাশ কৰা প্রতিক্রিয়াত তেওঁ দুখ পাইছে৷ মিত্রতাত থকাৰ পিছত সংবাদ মাধ্যমৰ জৰিয়তে প্রতিক্রিয়া প্রকাশ কৰাটো উচিত হোৱা নাই৷ শত্রুৱে কথা কোৱাৰ দৰে তেওঁলোকে মন্তব্য কৰিছে৷ সভাপতি বৰাৰ এই ভাষ্যৰ পৰা এই বৈঠকতে এআইইউডিএফৰে কংগ্রেছৰ মধুচন্দ্রিকাৰ অৱসান ঘটাৰো সম্ভাৱনা প্রকট হৈ পৰিছে৷ ইপিনে, গোসাঁইগাঁও, তামুলপুৰ, মৰিয়নি, মাজুলী, থাওৰা সমষ্টিৰ আসন্ন উপ–নির্বাচনৰ প্রসংগত কয় যে প্রদেশ কংগ্রেছৰ সভাপতিৰ দায়িত্ব লাভ কৰাৰ পিছতেই তেওঁ সেই ৫টা সমষ্টিৰ উপ–নির্বাচন সম্পর্কত সমষ্টিলৈ গৈ অধ্যয়ন কৰাৰ বাবে ৫খন উপ–সমিতি গঠন কৰি দিয়ে৷ কাইলৈ উক্ত ৫ উপ–সমিতিয়ে প্রাৰম্ভিক প্রতিবেদন দাখিল কৰিব৷ মাজুলী সমষ্টিৰ বাবে বসন্ত দাস, থাওৰাৰ বাবে প্রণতি ফুকন, মৰিয়নিৰ বাবে ৰাণা গোস্বামী, গোসাঁইগাঁৱৰ বাবে ৰকিবুল হুছেইন আৰু তামুলপুৰৰ বাবে দেৱব্রত শইকীয়াৰ নেতৃত্বত একোখনকৈ উপ–সমিতি গঠন কৰি দিছে৷

সেয়ে তেওঁলোকে আজি দিবলগীয়া প্রাৰম্ভিক প্রতিবেদনৰ পৰামর্শাৱলী দলৰ বাবে অত্যন্ত গুৰুত্বপূর্ণ হ’ব আৰু তাৰ আধাৰতে উপ–নির্বাচনৰ ৰণনীতি যুগুতাব৷ আজি বিয়লি তিনি বজাৰ পৰা হ’বলগীয়া দলৰ ক’ৰ কমিটীৰ বৈঠকত মহাজোঁটৰ লগতে এই উপ–নির্বাচনৰ বিষয়টোও বিশেষভাৱে আলোচনা হ’ব৷ এইবাৰৰ উপ–নির্বাচন কংগ্রেছ দলৰ বাবে জয়লাভ বা পৰাজয় মূল কথা নহয়৷ মূল কথা হৈছে সংগঠন শক্তিশালী কৰা৷ চৰকাৰ ভঙা–পতাৰ নির্বাচন অনুষ্ঠিত হ’ব ২০২৬ চনতহে৷ সংগঠন শক্তিশালী হ’লেহে অনাগত দিনত কংগ্রেছ পুনৰ ক্ষমতালৈ আহিব পাৰিব৷ ২০০১ চনৰ পৰা ১৫ বছৰৰ বাবে একেৰাহে অসমত কংগ্রেছৰ চৰকাৰ আছিল৷ ২০১১ চনত অসমত বিজেপিৰ বিধায়ক আছিল মাত্র ৫জন৷ কিন্তু ২০১৬ আৰু ২০২১ চনত বিজেপিয়ে অসমৰ শাসনভাৰ দখল কৰিলে৷

সেইদৰে একেৰাহে ১৫ বছৰ বিজেপিয়ে শাসন চলোৱা মধ্যপ্রদেশত কংগ্রেছ নেতা কমল নাথৰ নেতৃত্বত দলটোৱে শাসনভাৰ হস্তগত কৰিবলৈ সক্ষম হয়৷ অৰুণাচল প্রদেশত গেগং আপঙে সকলো বিধায়কক বিজেপিলৈ লৈ যোৱাৰ পিছতো চাৰিবাৰ কংগ্রেছে চৰকাৰ গঠন কৰে৷ মেঘালয়ত পি এ চাংমাৰ নেতৃত্বত সকলো বিধায়কক লৈ এন চি পিয়ে চৰকাৰ গঠন কৰে যদিও পৰৱর্তী পর্যায়ত মুকুল চাংমাৰ নেতৃত্বত কংগ্রেছে চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়৷ সেয়ে দলৰ সভাপতি হিচাপে এই মুহূর্তত তেওঁ অগ্রাধিকাৰ দিয়া বিষয়টোৱেই হৈছে সংগঠন শক্তিশালী কৰা৷

ইফালে, আসন্ন উপ–নির্বাচনত সকলো বিৰোধী ঐক্যবদ্ধ নহ’লে কংগ্রেছ শূন্য হৈ যাব, কংগ্রেছে নিজেই নিজৰ কফিনত শেষ গজাল মাৰিব বুলি ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কৰা মন্তব্যত তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে কংগ্রেছ সভাপতি বৰাই৷ এই সম্পর্কত বৰাই অখিল গগৈক তীব্র কটাক্ষ কৰি কয় যে কংগ্রেছ দল এটা বহু পুৰণা দল৷ অখিল গগৈৰ দল কালি জন্ম হোৱা দল৷ পানীকেঁচুৱা এটাই কংগ্রেছক উপলুঙাসূচক মন্তব্য কৰিছে৷ দলে তৃণমূল কর্মীলৈ চাইহে সিদ্ধান্ত গ্রহণ কৰিব৷ তদুপৰি কাৰোবাৰ সৈতে মিত্রতা কৰিবলৈ হ’লে পাৰস্পৰিক সন্মান প্রদর্শন কৰিব লাগিব৷ অখিল গগৈক একপ্রকাৰ সকীয়নি দি সভাপতি বৰাই কয়– ‘আমাৰ ভৱিষ্যৎ আমি নিৰূপণ কৰিম৷ তেওঁ নিজৰ দল শক্তিশালী কৰাৰ বাবে কাম কৰক৷’

সেইদৰে ইজনৰ পিছত সিজন বিধায়কক বিজেপিত যোগদান কৰাই বিজেপিয়ে নিজাববীয়াকৈ বিধায়কৰ সংখ্যা ৬৪ বা ৬+ কৰিবলৈ গৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অগপ আৰু ইউ পি পি এল দলক নিশকতীয়া কৰাৰ ষড়যন্ত্রত লিপ্ত হৈছে বুলি মন্তব্য কৰে৷ ৬টাকৈ সমষ্টিত উপ–নির্বাচন অনুষ্ঠিত হ’লে কমেও ৩০ কোটি টকা ব্যয় হ’ব৷ যিসময়ত ৰাজ্যখন ৮০ হাজাৰ কোটি টকাৰ ঋণত আছে, তেনে সময়ত উপ–নির্বাচন পাতি এনেদৰে কোটি কোটি টকা খৰচ কৰা কার্যৰ তেওঁ সমালোচনা কৰে৷

 ইফালে অখিল গগৈক লৈ মুখ খুলিছে বিপিএফ দলে৷ বিপিএফৰ মুখপাত্র দুর্গাদাস বড়োৱে অখিল গগৈক সমালোচনা কৰি কয় যে নির্বাচনৰ পূর্বে মহাজোঁটৰ অংশীদাৰ হ’বলৈ তেওঁক আহ্বান জনাইছিল যদিও তেওঁ অহা নাছিল৷ বৰং মহাজোঁটৰ বিৰুদ্ধে প্রার্থিত্ব দি বিজেপিৰ জয়ত অখিল গগৈয়ে সহায় কৰিছিল৷ এতিয়া অখিল গগৈক কিয় মহাজোঁটক লাগে বুলিও তেওঁ প্রশ্ণ কৰে৷ তেওঁ লগতে আসন্ন উপ–নির্বাচনত বিপিএফে তামুলপুৰ আৰু গোসাঁইগাঁও সমষ্টিত নিজা প্রার্থিত্ব আগবঢ়াব বুলিও জানিবলৈ দিয়ে৷

You might also like