নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কালাপাহাৰ ক’ভিড চেণ্টাৰত ক’ৰোনা আক্রান্ত হাউছফেডৰ বিষয়াৰ মৃত্যু

নিয়মীয়া বাৰ্তা ২৭ ফেব্ৰুৱাৰীঃ মহানগৰীত পুনৰ আৰম্ভ হৈছে মাৰাত্মক ক’ৰোনা ভাইৰাছৰ দ্রুত সংক্রমণ৷ কেইবাখনো অভিজাত বিদ্যালয়ৰ শিক্ষক–ছাত্র ক’ভিড–১৯ত আক্রান্ত হোৱাৰ পিছত আজি মহানগৰীত এগৰাকী ক’ভিড ৰোগীৰ মৃত্যুৰ ঘটনা পোহৰলৈ আহিছে৷ কালাপাহাৰত থকা ক’ভিড চেণ্টাৰত মৃত্যু হোৱা লোকজন হ’ল মৃণাল শইকীয়া (৫০)৷ তেওঁ হাউছফেডৰ বিষয়া হিচাপে কর্মৰত আছিল৷ মৃত লোকজনৰ ঘৰ মহানগৰীৰ বৰবাৰীত৷ উল্লেখ্য যে ডনবস্ক’ হাইস্কুলত কিছুদিনৰ পূর্বে দুগৰাকী শিক্ষয়িত্রী ক’ৰোনাত আক্রান্ত হোৱাৰ পিছত সমগ্র বিদ্যালয়খন কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছিল৷ পৰৱর্তী সময়ত আন এখন বিদ্যালয়ৰ শিক্ষার্থীও ক’ভিডত আক্রান্ত হোৱাৰ পিছত বিদ্যালয়ত চলি থকা পৰীক্ষাসমূহ অনলাইনযোগে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হয়৷ এনে পৰিস্থিতি বিৰাজ কৰি থকাৰ সময়তে এগৰাকী ক’ৰোনা আক্রান্তৰ মৃত্যুৰ খবৰে স্বাভাৱিকতে এক গুৰুতৰ পৰিস্থিতিৰ সংকেত বহন কৰিছে৷

You might also like