ৰাজ্যৰ ভিন্ন প্রান্তত এতিয়া বানে সংহাৰী ৰূপ ধাৰণ কৰিছে৷ দীর্ঘদিন বৰষুণ নোহোৱাৰ ফলত খৰাংসদৃশ পৰিৱেশ হোৱা ৰাজ্যখনত এজাক বৰষুণৰ বাবে অপেক্ষাত আছিল সাধাৰণ মানুহৰ লগতে ভিন্ন প্রান্তৰ কৃষকসকলো৷ কঠীয়া সিঁচাৰ সময় হৈছিল, পথাৰত পানী নাছিল৷ আনকি বহু ঠাইত ভেকুলী বিয়া পতাৰো খবৰ পোৱা গৈছিল৷ সকলো উৎকণ্ঠাৰ শাম ঘটাই বৰষুণ আহিল৷ কিন্তু সেই বৰষুণক সকলো ঠাইৰ কৃষকে আশীর্বাদ বুলি ভাবিব পৰা নাই৷ কাৰণ মাত্র দুদিন–তিনি দিনৰ বৰষুণতে ব্রহ্মপুত্রৰ বহুকেইখন উপনৈৰ বাঢ়নী পানীয়ে বুৰাইছে বিস্তীর্ণ অঞ্চল৷বহু ঠাইৰ মথাউৰিলৈ আহিছে ভাবুকি৷ এইবোৰ প্রতিবছৰে পুনৰাবৃত্তি হোৱা ঘটনা৷ কিন্তু প্রতিবছৰে বানাক্রান্ত অঞ্চলৰ মানুহে সন্মুখীন হোৱা অবর্ণনীয় দুর্দশা আৰু ক্ষতিৰ কোনো সীমা নাই৷ বানে মহটিয়াই নিয়া ঘৰখন এপদ এপদকৈ সামগ্রী গোটাই যেনে–তেনে বাসৰ উপযোগী কৰি লয়হে, পুনৰ বান আহেই৷ নৈ কাষৰীয়া অঞ্চলৰ মানুহৰ সতি–সন্ততিৰ ভৱিষ্যতো হৈ পৰে অন্ধকাৰ৷ মাহ মাহ জুৰি বিদ্যালয়লৈ যোৱাৰ পৰা বঞ্চিত হয় তেওঁলোকৰ শিশুসকল৷ বানপানী আক্রান্ত অঞ্চলত চলোৱা গৱেষণাত প্রকাশ পাইছে যে বহুতৰে বিশেষকৈ ছোৱালীবোৰৰ শিক্ষা জীৱনৰ আধাতেই অন্ত পৰে৷ ভেটি–মাটি হেৰুৱাই বহুতেই মাহ মাহ ধৰি, আনকি কিছুমানে বছৰ জুৰি বাস কৰিবলৈ বাধ্য হয় মথাউৰিত৷ প্রশ্ণ হয় এই সমস্যাবোৰৰ কোনো স্থায়ী সমাধান নোলায় কিয়? এই বছৰো বানে যে বহু মানুহক অঘৰী কৰিব, তাৰ ইংগিত মাত্র তিনি–চাৰি দিনৰ বৰষুণতে পোৱা গৈছে৷ তদুপৰি ব্রহ্মপুত্রৰ প্রধান উপনৈসমূহৰ যেনে– সোৱণশিৰিৰ খহনীয়াই নিদ্রা হৰিছে নৈপৰীয়াৰ৷প্রতিবছৰেই বহু হেক্টৰ খেতিৰ মাটি খহনীয়াৰ বাবে নদীত বিলীন হৈছে৷
প্রতিবছৰে বানে সৃষ্টি কৰা তাণ্ডৱ ৰোধৰ বাবে চৰকাৰী বিভিন্ন আঁচনি গ্রহণ কৰা দেখা যায় যদিও ক’ৰবাত ভয়ংকৰ গাফিলতি ৰৈ যায়, যাৰ বাবে প্রতিবছৰে সদায়েই বানৰ সন্মুখীন হোৱা অঞ্চলসমূহৰ উপৰি নতুন নতুন অঞ্চল বানৰ কবলত পৰা দেখা যায়৷ মথাউৰি নির্মাণৰ দায়িত্বত থকা ঠিকাদাৰৰ কামত থকা সুৰুঙা বহু ক্ষেত্রত জগৰীয়া বুলি অভিযোগ উঠে৷ চৰকাৰী ধনৰ শৰাধ পাতি দায়িত্বত থকা একাংশ ব্যক্তিয়ে কামত গাফিলতি কৰাৰ ফলত দুর্ভোগ ভোগে সাধাৰণ নৈপৰীয়া দৰিদ্র জনতাই৷বাৰিষা অহাৰ বহু আগতেই দুর্বল মথাউৰিবোৰ চিনাক্ত কৰি মেৰামতি তথা নির্মাণৰ ব্যৱস্থা কৰিলে বহু বানপানীপ্রৱণ অঞ্চল বাৰিষা ঘোৰ সংকটৰ পৰা ৰক্ষা পৰাৰ আশা থাকে৷ বিজ্ঞানসন্মত ব্যৱস্থাসমূহ ফলপ্রসূ কৰিবলৈ দায়িত্বত থকাসকলৰ আন্তৰিক মনোভাবৰ প্রয়োজন৷ বানৰ বাবে মানুহৰ কিছুমান অবিবেচক কাণ্ডও জগৰীয়া৷ অসমৰ বিভিন্ন প্রান্তত থকা জলাহ অঞ্চলবোৰ চিৰদিনৰ কাৰণে ধ্বংস কৰাটো বানৰ অন্যতম কাৰণ৷ অসমত ৩,০০০তকৈও অধিক জলাহ অঞ্চল আছে আৰু এইবোৰ জৈৱ–বৈচিত্র্যতো চহকী৷ জলাহ অঞ্চলবোৰে প্রাকৃতিক পানী ধাৰক হিচাপেও কাম কৰে৷ অতিৰিক্ত পানী জলাহ ভূমিয়ে ধৰি ৰাখি বানপানী হ্রাসত সহায় কৰে৷ কিন্তু মানুহে নিজৰ লাভৰ কথা চিন্তা কৰি জলাহ অঞ্চলসমূহ ধ্বংস কৰাৰ ফলত জলাশয়ে দিয়া এই সুবিধাৰ পৰা বঞ্চিত হৈছে৷ আনহাতে, জলবায়ু পৰিৱর্তনো সঘন বানপানীৰ অন্যতম কাৰণ৷ জলবায়ু পৰিৱর্তনৰ বাবে হোৱা বানে ইতিমধ্যে বিশ্বত শৰণার্থীৰ সমস্যাও বৃদ্ধি কৰিছে৷ কেৱল চৰকাৰৰ মুখলৈ চাই নাথাকি বানপানী প্রতিৰোধ কৰিব পৰা সাধাৰণ উপায়বোৰ সাধাৰণ মানুহেও পালন কৰা উচিত৷বানপানীত দিশহাৰা হোৱা মানুহৰ সমস্যাবোৰ নিজে সেই অৱস্থাত নপৰিলে বুজা কঠিন৷ অনাগত দিনত বানে কি ৰূপ লয়, সেয়া বৰষুণৰ পৰিমাণেহে ক’ব৷ বৰষুণ নহ’লেও কৃষক বিপাঙত পৰিব আৰু অধিক বৰষুণে কৰিব সর্বস্বান্ত৷ ৰাজ্যই কিদৰে এই সমস্যাৰ মুখামুখি হয়, সেয়াই হ’ব লক্ষণীয়৷