নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ২ ডিচেম্বৰ, আঘোণ মাহৰ ১৫ তাৰিখ
শনিবাৰঃ তিথি– কৃষ্ণা পঞ্চমী, নক্ষত্রঃ পুষ্যা৷ যাত্রাঃ নাই

মেষঃ কর্মক্ষেত্রত নতুন আশা থাকিব যদিও সৰু–সুৰা বাধাৰ সন্মুখীন হোৱাৰ কাৰকতা৷ বিদ্যাত মধ্যম ফল৷ দাম্পত্যত মধ্যম৷ শৰীৰৰ ওপৰত নজৰ ৰাখক৷ শুভ ৰং বগা, শুভ সংখ্যা ৮৷

বৃষঃ আর্থিক ক্ষেত্রত সামান্য হ’লেও কষ্ট আছে৷ জ্ঞাতি–কুটুম্বৰ পৰা মধ্যম সঁহাৰি৷ বন্ধুৰ আন্তৰিকতা৷ প্রেমত বদনাম৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ২৷

মিথুনঃ অনুকূল পৰিৱেশ৷ শৰীৰ মোটামুটি ভাল বুলি ক’ব পাৰি৷ আপোন ব্যক্তিৰ পৰা সুখ৷ কর্মব্যস্ততা থাকিব৷ ভ্রমণ, সন্মান আদিৰ যোগ৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৮৷

কর্কটঃ গুৰুজনাৰ সহায়ত ব্যৱসায়ত লাভৰ কাৰকতা৷ পাৰিবাৰিক মতভেদৰ সম্ভাৱনা আছে৷ বিদ্যাত অৱশ্যে সিমান বেয়া দেখা নাযায়৷ নিবনুৱাসকল চেষ্টাত সফল হ’ব পাৰে৷ শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ২৷

সিংহঃ উন্নত পৰিৱেশৰ আশা৷ পাৰিবাৰিক সু–সংবাদ পোৱাৰ কাৰক৷ আর্থিক দিশত কিছু ভালেই৷ পঢ়া–শুনাত যোগ্যতা থাকিব৷ কোনো লোকৰ সান্নিধ্যত সুখ পাব৷ শুভ ৰং বগা, শুভ সংখ্যা ৪৷

কন্যাঃ মজলীয়াভাৱে দিনটোৱে সহায় কৰিব৷ কর্মস্থানত অনুকূল পৰিস্থিতিৰ আশা কৰিব পাৰে৷ বিশ্বাসক নিজ কর্মত ব্যৱহাৰ কৰক৷ বিদ্যাত শুভ৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৬৷

তুলাঃ আর্থিকত খৰচৰ মাত্রা বৃদ্ধি পাব৷ ব্যৱসায়ত গুপ্তশত্রুৰ পৰা সাৱধান৷ ভ্রমণৰ চেষ্টাত লাভৱান হ’ব৷ ঘৰুৱাত নতুন পৰিকল্পনা৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৭৷

বৃশ্চিকঃ আনন্দ লাভ৷ সু–সংযোগত মনত উৎসাহ থাকিব৷ কর্মক্ষেত্রত উন্নত পৰিৱেশ৷ ব্যৱসায়ত শুভ৷ শুভ ৰং বগা, শুভ সংখ্যা ৯৷

ধনুঃ ঘৰুৱা দিশত বেয়া নহ’ব৷ দুই–এটা চেষ্টাত সফল৷ কর্মক্ষেত্রত জটিলতা থাকিলেও আপোনাৰ সুনাম হানি নহ’ব৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ২৷

মকৰঃ খৰচ–পাতি ৰোধ কৰাৰ চেষ্টা কৰক৷ ফুৰা–মেলাতো সাৱধান হওক৷ কর্মক্ষেত্রত ব্যস্ততা বৃদ্ধি পাব৷ আকস্মিক কাৰণত মনলৈ কষ্ট অহাৰ সম্ভাৱনা৷ শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ৩৷

কুম্ভঃ সাৱধানে চলক৷ শৰীৰ বৰ শুভ বুলিব নোৱাৰি৷ কর্মক্ষমসকলে নিজ কর্মত আত্মনিয়োগ কৰক৷ বাদ–বিসম্বাদৰ পৰা আঁতৰত থাকক৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৫৷

মীনঃ ৰাজহুৱা কামত খ্যাতি ম্লান নহয়৷ শৰীৰ মধ্যম৷ বন্ধুবর্গৰ লগত সু–সম্বন্ধ থাকিব৷ বিদ্যাত ভালেই৷ ব্যৱসায়ীসকল বাধাৰ সন্মুখীন হ’ব পাৰে৷ শুভ ৰং নীলা, শুভ সংখ্যা ৯৷

You might also like