নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : ৰাজ্যবাসীক লাগে কঠোৰ ব্যৱস্থা

বক্রপথেৰে এচিএছ, এপিএছ হৈ অসম চৰকাৰ বহু গুৰুত্বপূর্ণ পদত চাকৰি কৰি থকা কেইবাগৰাকী বিষয়ালৈ বিশেষ তদন্তকাৰী গোটৰ সন্মুখত হাজিৰ হ’বলৈ শেহতীয়াকৈ জাননী জাৰি কৰা হৈছে৷ তাৰে ১৫গৰাকী বিষয়াক ইতমধ্যে চাকৰিৰ পৰা নিলম্বন কৰা হৈছে৷ কেইবাজনো জেৰাৰ সন্মুখীন হৈছে৷ কিছু জেৰাত এচিএছ–এপিএছ বিষয়াকেইৰাকীৰ নাম অৱসৰপ্রাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মা আয়োগৰ প্রতিবেদনত সন্নিৱিষ্ট হৈছে৷ তেওঁলোকে কিদৰে এপিএছচিৰ প্রৱেশিকা, মূল আৰু মৌখিক পৰীক্ষাৰ ডেওনা পাৰ হৈ এপিএছ অথবা এচিএছ হৈছিল, সেই কথা শর্মা আয়োগৰ প্রতিবেদনত লিপিবদ্ধ হৈছে৷ ইতিমধ্যে সংবাদ পত্রত প্রকাশ পোৱা অনুসৰি কোনো প্রার্থী মূল পৰীক্ষাত উত্তীর্ণ হোৱাই নাছিল৷ বহু প্রার্থীক নম্বৰ বঢ়াই ফলাফলৰ তালিকাত এপিএছ–এচিএছ হ’ব পৰাকৈ ওপৰলৈ তুলি ধৰা হৈছিল৷ অর্থাৎ ৰেংক প্রদান কৰা হৈছিল৷ এইখিনি কৰিবলৈ যাওঁতে পৰীক্ষার্থীসকলক বেলেগকৈ প্রশ্ণৰ উত্তৰ লিখি সেইবোৰ উত্তৰ বহীত সংযোজন কৰাৰ সুবিধা কৰি দিয়া হৈছে৷ এপিএছচিৰ তদানীন্তন অধ্যক্ষ ৰাকেশ পাল আৰু আয়োগত তেওঁৰ সতীর্থসকলৰ কৃপাত সম্ভৱ হৈছিল৷ সন্দেহ নাই ৰাকেশ পাল বাহিনীক এপিএছচিৰ দায়িত্ব দিয়া ৰাজনৈতিক নেতৃত্বৰ আশিস অবিহনে তেনে দুষ্কার্য কোনো কাৰণতে সম্ভৱপৰ নহয়৷ আজি ৰাজপথত ক্ষমতা লাগে ক্ষমতা লাগে বুলি হায়ৈ–বিয়ৈ কৰি থকা কংগ্রেছ এইক্ষেত্রত জবাবদিহি হ’ব লাগিব৷ দলটোৱে অসমৰ জনসাধাৰণৰ ওচৰত এই ঘৃণনীয় কেলেংকাৰিৰ বাবে ক্ষমা বিচাৰিব লাগিব, লগতে অনাগত দিনত ক্ষমতালৈ আহিলে তেনে দুর্নীতিত লিপ্ত নহওঁ বুলি শপত খাই প্রতিশ্রুতি দিব লাগিব৷ লগতে অসমৰ জনসাধাৰণেও ৰাজনৈতিক দল আৰু নেতাক ক্ষমতালৈ অনাৰ আগেয়ে এশবাৰ ভাবিব লাগিব৷ চাকৰি বিক্রী কৰা দল আৰু নেতা যাতে কোনো কাৰণতে ক্ষমতালৈ আহিব নোৱাৰে, ৰাজ্যখনৰ জনগণে সেইটো নিশ্চিত কৰিব লাগিব৷ কিয়নো এতিয়ালৈকে বিশেষ তদন্তকাৰী গোটে জেৰাৰ বাবে জাননী জাৰি কৰা আৰু নিলম্বন হোৱা ব্যক্তিসকল একো একোটা গুৰুত্বপূর্ণ পদত কার্যনির্বাহ কৰি আছিল বা আছে৷ সেই পদবীকেইটাই বহুক্ষেত্রত সাধাৰণ লোকৰ ভাগ্য নির্ণয় কৰে৷ তদুপৰি অপৰাধ আৰু অপৰাধীক নিয়ন্ত্রণ কৰি তেনে পদবীত থকা লোকে সমাজখনক ন্যায় দিব পাৰে৷ চৰকাৰ এখনৰ আঁচনিৰ সুফল জনসাধাৰণক দিব পাৰে৷ মুঠতে প্রশাসন যন্ত্রৰ চালিকাশক্তি হৈ থকা ব্যক্তিসকল অসমৰ ভৱিষ্যৎ সুৰক্ষিত হৈ থাকিব পৰাকৈ ক্ষমতাশালী পদত অধিষ্ঠিত হৈ আছে নতুবা আছিল৷ কিন্তু বক্রপথেৰে চাকৰি সৰকোৱা সেই লোকসকলৰ পৰা ৰাজ্য আৰু সমাজখনে সেই আশা কৰিব পাৰেনে?

ৰাকেশ পালৰ কালছোৱাত সংঘটিত দুর্নীতিৰ পথটোৰে গৈ নিজৰ বাবে এটা ক্ষমতা, প্রভুত্ব আৰু অপৰিসীম দায়িত্ব থকা চাকৰি সৰকোৱা লোকসকলৰ বিৰুদ্ধে এতিয়া জোৰ গতিত তদন্ত চলিব ধৰিছে৷ ৰাজ্য চৰকাৰে বিশেষ তদন্ত দল গঠন কৰি দিয়াৰ পিছৰে পৰা জনসাধাৰণৰ চকুত পৰাকৈ তদন্তই গতি লাভ কৰিছে৷ বহুটোকে কার্যালয়ৰ চকীৰ পৰা মাতি আনি জেৰাৰ চকীত বহুৱাই দিয়া হৈছে৷ চাকৰিৰ পৰা নিলম্বন কৰা হৈছে৷ প্রক্রিয়াটোৱে জনসাধাৰণৰ মাজত আশাৰ সৃষ্টি কৰিছে৷ সাধাৰণ লোকে দুর্নীতিক প্রশ্রয় দিব নিবিচাৰে৷ দুর্নীতিত লিপ্ত হোৱা আৰু দুর্নীতিক ডদগনি যোগোৱাজনক সমাজে ভাল চকুৰে চাব নিবিচাৰে৷ এতিয়া চৰকাৰৰ কৰণীয়খিনি হৈছে বক্রপথেৰে চাকৰি সৰকোৱা লোকসকলৰ বিৰুদ্ধে দৃষ্টান্তমূলক আইনী শাস্তিৰ ব্যৱস্থা কৰা৷ এতিয়ালৈকে সংবাদ মাধ্যমৰ জৰিয়তে পোহৰলৈ অহা তথ্য অনুসৰি জেৰা আৰু জাননীৰ সন্মুখীন হোৱা লোকসকলে এচিএছ আৰু এপিএছ হওঁতে অকল্পনীয় অনিয়ম আৰু নীতিবিহীন সুবিধা গ্রহণ কৰি এপিএছচিৰ সংশ্লিষ্ট পৰীক্ষাত ডত্তীর্ণ হৈছে৷ অৱসৰপ্রাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মাই কিছুদিন আগেয়ে সংবাদ মাধ্যমৰ জৰিয়তে বিষয়টোত যি আত্মবিশ্বাসৰ সৈতে প্রতিক্রিয়া ব্যক্ত কৰিছিল, তাৰ পৰা বুজা যায় যে তদন্তৰ জৰিয়তে ঘৃণনীয় কেলেংকাৰিটোৰ গুৰিত ডপস্থিত হ’ব পাৰিছে আৰু চৰকাৰক সত্যৰ সন্ধান দিবলৈ সক্ষম হৈছে৷ আচল কামখিনি চৰকাৰেহে কৰিব লাগিব৷ চৰকাৰখনে বক্রপথেৰে এপিএছচিৰ গুৰুত্বপূর্ণ চাকৰি সৰকোৱা ব্যক্তিকেইজনে সেই চাকৰি কৰাৰ সকলো পথ বন্ধ কৰি দিব লাগিব৷ আইনৰ জৰিয়তে দৃষ্টান্তমূলক ব্যৱস্থা গ্রহণৰ বাবে যাৱতীয় পদক্ষেপ গ্রহণ কৰিব লাগিব৷ লগতে চাকৰি বিক্রী কৰা বেপাৰীকেইজন আৰু তেওঁলোকৰ ৰাজনৈতিক পৃষ্ঠপোষকতাৰ ক্ষেত্রতো কঠোৰ দৃষ্টিভংগী গ্রহণ কৰিব লাগিব৷ বক্রপথেৰে পৰীক্ষাৰ ডেওনা পাৰ হৈ চাকৰি সৰকোৱা লোককেইজনে যোগ্যৱানক প্রাপ্যৰ পৰা বঞ্চিত কৰিছে৷ বিষয়টোত ব্যৱস্থা গ্রহণ কৰাৰ সময়ত চৰকাৰে কথাটো মনলৈ আনিব লাগিব আৰু বিবেক দংশনত ভুগিব লাগিব৷ নহ’লে আয়োগ, এছআইটিগণ আদি সকলো মূৰকত ফুটুকাৰ ফেন হ’ব৷ জনসাধাৰণেও চৰকাৰৰ তেনে ঘোষণা আৰু ব্যৱস্থাক গুৰুত্ব দিবলগীয়া বিষয় বুলি গণ্য কৰিবলৈ এৰি দিব৷

You might also like