নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ১৩ ফেব্রুৱাৰী, মঙলবাৰ, মাঘ মাহৰ ২৯ তাৰিখ

মেষ : আপুনি দিনৰ ১২ বজাৰ পাছতহে যাত্রা কৰিব৷ যাত্রাৰ সময়ত হালধীয়া ৰঙৰ কাপোৰ পিন্ধিব৷ দাম্পত্যত শুভ৷ শুভ সংখ্যা ৫৷

বৃষ : কর্মক্ষেত্রত জটিলতা আছে৷ সন্ধ্যা তুলসীৰ তলত চাকি জ্বলালে শুভ হ’ব৷ নীলা ৰং আপোনাৰ বাবে শুভ৷ প্রেমত শুভ৷ যাত্রা নকৰাই উচিত৷ শুভ সংখ্যা ৫৷

মিথুন : আগদিনাৰ তুলনাত আজিৰ দিনটো শুভ৷ আজি আপুনি যাত্রা কৰিলে বগা ৰং ব্যৱহাৰ কৰিব৷ শুভ কাম কৰিব৷ বগা ৰং আপোনাৰ শুভ৷ শুভ সংখ্যা ৬৷

কর্কট : ব্যৱসায়ত আয়ৰ পথ মুকলি হ’ব৷ পুৱা যাত্রা কৰিব পাৰে৷ আপোনাৰ শুভ ৰং সেউজীয়া৷ সহযোগী বন্ধুৰ পৰা আনন্দ পাব৷ শুভ সংখ্যা ৬৷

সিংহ : কর্মক্ষেত্রত সফলতাৰ বাবে যথেষ্ট চেষ্টা কৰিব লাগিব৷ পুৱাৰ ভাগত ৰঙা ৰঙৰ বস্ত্র পৰিধান কৰি মন্দিৰত যাব৷ শুভ সংখ্যা ৭৷

কন্যা : পাৰিবাৰিক জীৱনত স্বামী–স্ত্রীৰ মাজত মতানৈক্য হ’ব পাৰে৷ মন্দিৰত পূজা–পাতল কৰি ল’ব৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৪৷

তুলা : কর্মক্ষেত্রত উন্নতিৰ যোগ আছে৷ আজি সন্ধিয়া আপুনি শিৱ মন্দিৰত চাকি জ্বলাব৷ শুভ ৰং ৰঙা, যাত্রা কৰিব পাৰে৷ শুভ সংখ্যা ২৷

বৃশ্চিক : ব্যৱসায়ত কঠিন পৰিশ্রমৰ অন্তত দিনটোত সফলতা৷ বিদ্যার্থীসকলৰ শুভ৷ বিশেষ প্রয়োজন থাকিলে নীলা ৰঙৰ বস্ত্র পৰিধান কৰি ল’ব৷ শুভ সংখ্যা ৩৷

ধনু : কর্মস্থানত নিজৰ অস্তিত্ব বজাই ৰাখিব৷ পুৰণি ৰোগৰ উপশম ঘটিব৷ কমলা ৰঙৰ কাপোৰ ব্যৱহাৰ কৰক৷ পুৱাৰ ভাগত যাত্রা কৰিব৷ শুভ সংখ্যা ২৷

মকৰ : আর্থিকত শুভ৷ শৰীৰ মধ্যম৷ উত্তৰ দিশত যাত্রা নকৰিব৷ মেৰুণ ৰং ব্যৱহাৰ কৰক৷ বিদ্যার্থীসকলৰ শুভ৷ সংখ্যা ৯৷

কুম্ভ : ব্যৱসায়ত আয়ৰ পথ মুকলি হ’ব৷ ঘৰুৱাত শুভ৷ যাত্রা নকৰাই ভাল৷ সন্ধিয়া মন্দিৰত যাব৷ ক’লা ৰং আপোনাৰ বাবে শুভ৷ শুভ সংখ্যা ৮৷

মীন : কথা–বতৰাত সতর্কতাৰ প্রয়োজন৷ আজিৰ দিনটো যাত্রাৰ বাবে শুভ৷ বেঙুনীয়া ৰং ব্যৱহাৰ কৰিব৷ প্রেমৰ ক্ষেত্রত সুখী হ’ব নোৱাৰিব৷ শুভ সংখ্যা ৭৷

You might also like