নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অগপৰ নেতৃত্বতে সুৰক্ষিত অসমৰ জাতীয়তাবাদী ৰাজনীতি

গুৱাহাটীৰ শ্রীমন্ত শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত অনুষ্ঠিত অসম গণ পৰিষদ (অগপ)ৰ দ্বাদশ কেন্দ্রীয় সাধাৰণ অধিৱেশনত দলটোৰ সভাপতিৰূপে অতুল বৰা আৰু কার্যকৰী সভাপতি পদত কেশৱ মহন্তক সর্বসন্মতিক্রমে দায়িত্ব অর্পণ কৰা হৈছে৷ বিগত চাৰি দশক ধৰি অসমৰ আঞ্চলিক তথা জাতীয়তাবাদী ৰাজনীতিৰ গুৰিব’ঠা ধৰি থকা অগপৰ সভাপতি বৰা আৰু কার্যকৰী সভাপতি মহন্তৰ নেতৃত্বত ন–পুৰণি নেতাৰে আঞ্চলিক দলটোৰ নতুন কার্যনির্বাহক সমিতি গঠন কৰা হৈছে৷ অগপৰ জন্মৰ অন্তৰালত এক ঐতিহাসিক পটভূমি আছে৷ সাধাৰণতে সন্মুখত থকা নির্বাচনৰ জৰিয়তে ক্ষমতা দখলৰ লক্ষ্যৰে ৰাজনৈতিক দল গঠন কৰা হয়৷ কিন্তু অসম গণ পৰিষদৰ জন্মৰ অন্তৰালত আছিল স্বাভিমানী অসমীয়াৰ সীমাহীন প্রত্যাশা৷ ৰাজ্যখনৰ পৰা অবৈধ বিদেশী লোকসকলক খেদি পঠোৱাৰ বাবে স্বাভিমানী অসমীয়াই দেশৰ ভিতৰতে গণজাগৰণৰ সৃষ্টি কৰিছিল৷ অবৈধ বিদেশীক খেদি পঠোৱাৰ বাবে অসমবাসীয়ে কৰা ছবছৰীয়া অসম আন্দোলন দেশৰ ভিতৰতে বিৰল সংগ্রাম আছিল৷ এই আন্দোলনৰ প্রভাৱ ইমানেই তীব্র আছিল যে ৮৫৫গৰাকী শ্বহীদ হোৱাৰ লগতে সহস্রাধিক লোক ঘুণীয়া হৈছিল৷ হাজাৰ হাজাৰ আন্দোলনকাৰীক দীর্ঘকাল কাৰাৰুদ্ধ কৰা হৈছিল৷ অসমৰ ছাত্র–ছাত্রীসকলে হেৰুৱাইছিল এটা মূল্যৱান শিক্ষাবর্ষ৷ ছবছৰীয়া আন্দোলনৰ পৰিসমাপ্তিত আন্দোলনকাৰী নেতৃত্বই ১৯৮৫ৰ ১৪ অক্টোবৰত জন্ম দিছিল অগপ দলক৷ দেশে স্বাধীনতা লাভ কৰাৰ প্রায় তিনি দশক ধৰি কংগ্রেছৰ শাসনকালত সৃষ্টি হোৱা বৈষম্যৰ বিপৰীতে অগপ দলৰ নেতৃত্বত স্বাভিমানী অসমীয়াই সোণৰ অসম গঢ়াৰ সপোন দেখিছিল৷ অগপ দলে দুবাৰ দিছপুৰত চৰকাৰ গঠনৰ সুযোগ লাভ কৰাৰ লগতে কেন্দ্রীয় চৰকাৰৰ অংশীদাৰ হৈছিল৷ কিন্তু ১৯৯৬ৰ পৰা আৰম্ভ হোৱা অগপ দলৰ দ্বিতীয় কার্যকালত স্বাভিমানী অসমীয়াৰ ওপৰত নিজ দলৰ চৰকাৰখনে চলোৱা আতিশয্যৰ চেকা এতিয়াও বিদ্যমান৷ অগপ দলৰ সভাপতি আৰু মুখ্যমন্ত্রীৰ আসনত থকাৰ সময়ছোৱাত প্রফুল্ল মহন্তৰ বিভীষিকা সৃষ্টিকাৰী ঘটনাৰাজিৰ বাবেই বিগত দুটা দশকত ৰাজ্যৰ আঞ্চলিক তথা জাতীয়তাবাদী ৰাজনীতিৰ গতিধাৰাত মোক্ষম আঘাতৰ সৃষ্টি কৰিছিল৷ অগপৰ দ্বিতীয় কার্যকালৰ অপশাসনে আঞ্চলিক তথা জাতীয়তাবাদী ৰাজনীতিত বিশ্বাসী অসমবাসীক হতাশ কৰি তুলিছিল৷ এনে পৰিস্থিতিত আঞ্চলিক দলটোৱে ৰাজ্যৰ ৰাজনীতিত কঁকাল পোনাব পাৰিব বুলি ৰাজনৈতিকভাৱে সচেতন লোকসকলে আশাই কৰা নাছিল৷ নেতৃত্বকেন্দ্রিক অন্তঃকন্দলত জর্জৰিত অগপ দলে বিগত প্রায় এটা দশকত ৰাজ্যৰ ৰাজনীতিত খোপনি পুতিবলৈ সক্ষম হৈছে৷ ২০১৫ চনত অতুল বৰাই দলটোৰ সভাপতি আৰু কেশৱ মহন্তই কার্যকৰী সভাপতিৰ আসনত অধিষ্ঠিত হোৱাৰ পিছতে আঞ্চলিক দলটোৱে ৰাজ্যৰ ৰাজনীতিত বিশেষ প্রভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে৷ দলটোৰ কেন্দ্রীয় সাধাৰণ অধিৱেশনে সভাপতি আৰু কার্যকৰী সভাপতি পদত দুয়োজন নেতাক অধিষ্ঠিত কৰাৰ ফলত নিশ্চিতভাৱে দলটোৰ সাংগঠনিক ভেটি শক্তিশালী হোৱাৰ আশা আছে৷ কিয়নো বিগত আঠ বছৰে বিজেপিৰ স’তে মিত্রদলৰ চৰকাৰখনৰো গুৰু দায়িত্বত আছে আঞ্চলিক দলটোৰ দুয়োজন গুৰুত্বপূর্ণ নেতা৷
বিগত চাৰিটা দশকত অগপৰ উত্থান–পতনৰ প্রত্যক্ষ প্রভাৱ পৰিলক্ষিত হৈছে ৰাজ্যখনৰ আঞ্চলিক তথা জাতীয়তাবাদী ৰাজনীতিত৷ এক ঐতিহাসিক পটভূমিত গঠিত দলটোৰ সর্বাধিক ক্ষতি কৰিছে দলটোৰে নেতৃত্ব বহন কৰা একাংশ ক্ষমতালিপ্সু নেতাই৷ অসমবাসীৰ আৱেগ আৰু স্বাভিমানক সন্মান জনাই নীতিনিষ্ঠ ৰাজনীতিত নিমজ্জিত হোৱাৰ বিপৰীতে দলটোৰ একাংশ শীর্ষ নেতাই বিভিন্ন সময়ত আঞ্চলিক ৰাজনীতিৰ গতিধাৰা ৰুদ্ধ কৰাৰ চক্রান্তত লিপ্ত হৈছিল৷ ১৯৮৫ৰ চৰকাৰৰ প্রথমটো কার্যকালৰ শেষত ভৃগু কুমাৰ ফুকন, পুলকেশ বৰুৱা, দীনেশ গোস্বামী আদি নেতাই নতুন অসম গণ পৰিষদ দল গঠন কৰি ১৯৯১ৰ বিধানসভা নির্বাচনত কংগ্রেছক ক্ষমতা দখলত সহায় কৰিছিল৷ একেদৰে ২০০১ৰ বিধানসভা নির্বাচনত ক্ষমতাচ্যুত হোৱাৰ পিছত ২০০৬ৰ বিধানসভা নির্বাচনৰ পূর্বে দলটোৰ প্রতিষ্ঠাপক সভাপতি তথা দুটা কার্যকালৰ মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তই দলটোক বিভাজিত কৰি জন্ম দিছিল অসম গণ পৰিষদ (প্রগতিশীল)৷ ইয়াৰ উপৰি দলটোৰ কেইবাজনো নেতাই বিভিন্ন সময়ত নতুন নতুন আঞ্চলিক দল গঠনৰ জৰিয়তে মূল আঞ্চলিক ৰাজনীতিৰ ভেটি দুর্বল কৰাৰ অপচেষ্টা কৰিছিল৷ এনে তীব্র প্রত্যাহ্বান সত্ত্বেও অগপ দলে বিগত প্রায় ৮ বছৰৰ ভিতৰত মূৰ দাঙি উঠিবলৈ সক্ষম হৈছে৷ কিন্তু অগপ দলৰ নেতা–কর্মীসকলৰ বাবে প্রত্যাহ্বান এতিয়াও শেষ হোৱা নাই৷ ২০২১ৰ বিধানসভা নির্বাচনৰ পূর্বে আছুৰ প্রাক্তন নেতা লুৰিণজ্যোতি গগৈয়ে জন্ম দিছিল অসম জাতীয় পৰিষদ নামৰ দলটো৷ অগপক প্রতিহত কৰি অসমত নতুন আঞ্চলিক তথা জাতীয়তাবাদী ৰাজনীতিৰ ধাৰা প্রসাৰৰ নামত লুৰিণজ্যোতি গগৈয়ে চলোৱা ৰাজনৈতিক অভিযানক অসমবাসীয়ে বিশ্বাসত নল’লে৷ গগৈয়ে প্রতিদ্বন্দ্বিতা কৰা দুয়োটা সমষ্টিত শোচনীয়ভাৱে পৰাজিত হোৱাৰ লগতে নতুন দলটোৰ আটাইকেইজন প্রার্থীৰ আমানত ধন পর্যন্ত বাজেয়াপ্ত হৈছে৷ ২০২২ত মাজুলী বিধানসভাৰ উপ–নির্বাচনত কংগ্রেছৰ স’তে মিত্রতা কৰি নির্বাচনী যুঁজত অৱতীর্ণ হৈও শোচনীয়ভাৱে পৰাজিত হৈছিল লুৰিণজ্যোতি গগৈ৷ এনে পৰাজয়ৰ পিছতো লুৰিণজ্যোতি গগৈয়ে কংগ্রেছৰ স’তে মিত্রতা বাহাল ৰাখি আগন্তুক লোকসভা নির্বাচনত ডিব্রুগড় লোকসভা সমষ্টিৰ প্রার্থী হ’বলৈ মন মেলিছে৷ প্রার্থিত্ব প্রদানৰ পূর্বে এইবাৰ কংগ্রেছে লুৰিণজ্যোতি গগৈক কংগ্রেছৰ দলীয় প্রতীক চিহ্ণত নির্বাচন খেলাৰ বাবে হেঁচা দিয়াৰ কথা সংবাদ মাধ্যমত প্রচাৰিত হৈছে৷ কংগ্রেছৰ বোকোচাত অসমৰ আঞ্চলিক তথা জাতীয়তাবাদী ৰাজনীতিৰ ধাৰা কোনোপধ্যে সুৰক্ষিত নহয়৷ এই কথা দীর্ঘকাল আছুৰ নেতৃত্বত থকা লুৰিণজ্যোতিয়ে এতিয়ালৈ উপলব্ধি নকৰাটোহে আচৰিত কথা৷ আছুৰ নেতৃত্বত চলা ৬ বছৰীয়া অসম আন্দোলনত অসমীয়াৰ ওপৰত কংগ্রেছী শাসকে চলোৱা আতিশয্যৰ দাগ এতিয়াও নিঃশেষ হোৱা নাই৷ ৮৫৫জন শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত লুৰিণজ্যোতিয়ে জাতীয়তাবাদৰ নামত চলোৱা ৰাজনীতিয়ে কোনোকালে পূর্ণতা লাভ নকৰে কংগ্রেছৰ পৃষ্ঠপোষকতাত৷ বিজেপিৰ স’তে নির্বাচনী মিত্রতাক লৈ অগপ দলক সমালোচনা কৰা লোকৰ অভাৱ নাই৷ কিন্তু সাম্প্রতিক ৰাজনীতিত মিত্রতা কোনো নতুন কথা নহয়৷ অসমৰ আঞ্চলিক তথা জাতীয়তাবাদী ৰাজনীতিৰ ধাৰা পুনৰুজ্জীৱিত কৰিবলৈ অগপ দলক বিজেপিৰ সহায়ৰ প্রয়োজন৷ বিজেপিৰ সহায় অবিহনে সাম্প্রতিক পৰিস্থিতিত অগপ দলে ঈপ্সিত লক্ষ্যত উপনীত হ’ব নোৱাৰে৷ অসমবাসীৰ লগতে দলীয় নেতা–কর্মীসকলৰ প্রত্যাশাও পূৰণ কৰাটো অগপ নেতৃত্বৰ বাবে সম্ভৱ নহয়৷ একেদৰে সাম্প্রতিক সময়ত ক্ষমতা দখলৰ ৰাজনীতিত অগপৰ স’তে মিত্রতা বিজেপিৰ বাবেও প্রয়োজনীয়৷ কংগ্রেছ তথা সাম্প্রদায়িক ৰাজনীতিৰ বিষবাষ্প উৎখাত কৰি নির্বাচনী সাফল্য লাভ কৰিবলৈ হ’লে অগপ দলৰ চাৰি দশকজোৰা সাংগঠনিক ভেটি বিজেপিৰ বাবে এক অমূল্য মূলধন৷ অর্থাৎ বিজেপি আৰু অগপৰ মিত্রতা দুয়োটা দলৰ প্রয়োজনত হৈছে৷ যিসকলে বিজেপিৰ স’তে মিত্রতাৰ ফলত অসমত আঞ্চলিক তথা জাতীয়তাবাদী ৰাজনীতিৰ ধাৰা বিপন্ন হোৱা বুলি অগপ দলৰ নেতৃত্বক সমালোচনা কৰিছে, সেইসকলৰ অধিকাংশই মনে–প্রাণে বিচাৰে অসমত আকৌ আৰম্ভ হওক সাম্প্রদায়িক তথা দুর্নীতিৰাজ৷ ২০১৬ আৰু ২০২১ৰ বিধানসভা নির্বাচনত বিজেপিয়ে ৬০খনকৈ আসন লাভ কৰাৰ মূলতেই আছিল অগপকে ধৰি ৰাজ্যখনৰ আঞ্চলিক দল–সংগঠনৰ একত্রিত সমর্থন৷ একেদৰে বিজেপিৰ স’তে মিত্রতা কৰাৰ ফলত আঞ্চলিক দলসমূহেও নির্বাচনী সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷ আঞ্চলিক দল–সংগঠনসমূহৰ সম্পূর্ণ সমর্থনত দিছপুৰত শাসনভাৰ চলাই থকা চৰকাৰখনৰ কার্যকালত ৰাজ্যখনৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ গুৰুত্ব বৃদ্ধি হৈছে৷ এয়া অসমৰ ৰাজনীতিৰ বাবেই নহয়, অগপ দলৰ বাবে শুভ লক্ষণ৷

You might also like