নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘নিযুত মইনা আঁচনি’ত ১০ লাখ ছাত্ৰীক নামভৰ্তিৰ অনুদান

একাদশ শ্রেণীৰ প্রতিগৰাকীলৈ ১০ হাজাৰ
স্নাতক পাঠ্যক্রমত নামভর্তি কৰাসকলে ১২,৫০০ টকাকৈ
স্নাতকোত্তৰৰ ছাত্রীক ১৫ হাজাৰ টকাকৈ
হব লাগিব চৰকাৰী শিক্ষানুষ্ঠানত অধ্যয়ন কৰা
বিবাহপাশত আবদ্ধই নাপাব সুবিধা
বাল্য বিবাহ প্ৰতিৰোধৰ যুগান্তকাৰী আঁচনি

নিয়মীয়া বাৰ্তা ডিজিটেল, ১২ ফেব্ৰুৱাৰীঃ বিত্তমন্ত্ৰী অজন্তা নেওগে আজি দাখিল কৰা ২০২৪-২৫ বিত্তীয় বর্ষৰ বাজেটত বহু অভিলাষী আঁচনি সন্নিৱিষ্ট হৈছে৷ ইয়াৰ ভিতৰত অন্যতম হ’ল ‘মুখ্যমন্ত্রী নিযুত মইনা’ (এমএমএনএম)৷ এই আঁচনিখনৰ অধীনত ১০ লাখ ছাত্রীক নামভর্তিৰ ক্ষেত্রত উদগনি হিচাপে ৰাজ্য চৰকাৰে বিত্তীয় অনুদান আগবঢ়াব, যাতে ছাত্রীসকলে উচ্চতৰ মাধ্যমিক স্নাতক আৰু স্নাতকোত্তৰ পর্যায়লৈকে অধ্যয়ন অব্যাহত ৰাখিব পাৰে৷ এই সম্পর্কত বাজেট ভাষণত বিত্তমন্ত্রী অজন্তা নেওগে কয় যে এই পদক্ষেপে বাল্য বিবাহ ৰোধ কৰাৰ ক্ষেত্রত চৰকাৰে গ্রহণ কৰা অভিযানক সবল কৰি তুলিব৷ শাস্তিমূলক আৰু নিয়ন্ত্রণমূলক ব্যৱস্থা গ্রহণ কৰাৰ উপৰি এগৰাকী কন্যাই কেতিয়া বিয়াত বহিব, সেইটো সিদ্ধান্ত ল’বলৈ তেওঁক আমি সক্ষম কৰি তুলিব লাগিব৷ যদি ১০ লাখ কন্যাক স্নাতক আৰু স্নাতকোত্তৰ শ্রেণীলৈ অধ্যয়ন কৰিবলৈ উৎসাহ যোগাব পৰা যায়, তেতিয়া প্রৱেশিকা পৰীক্ষাত উত্তীর্ণ হোৱাৰ পাছত শিক্ষা লাভ কৰা শিক্ষিত যুৱক–যুৱতীৰ হাৰ বৃদ্ধি কৰিব পৰা যাব৷ অৱশ্যে যিকোনো চৰকাৰী মহাবিদ্যালয়–শিক্ষা অধ্যয়ন কৰা ছাত্রীসকলহে এই সুবিধা লাভ কৰাৰ বাবে যোগ্য বিবেচিত হ’ব বুলি তেওঁ স্পষ্ট কৰি দিয়ে৷ লগতে বিত্তমন্ত্রী নেওগে কয় যে বিবাহপাশত আবদ্ধ হোৱা ছোৱালী এই সুবিধাৰ বাবে যোগ্য বিবেচিত নহ’ব৷ একাদশ শ্রেণীত নামভর্তি কৰা প্রতিগৰাকী ছাত্রীক ১০ হাজাৰ টকাকৈ, স্নাতক পাঠ্যক্রমৰ প্রথম বর্ষত নামভর্তি কৰা ছাত্রীসকললৈ গাইপতি ১২,৫০০ টকাকৈ আৰু স্নাতকোত্তৰ পাঠ্যক্রমৰ প্রথম বর্ষত নামভর্তি কৰা প্রতিগৰাকী ছাত্রীয়ে ১৫,০০০ টকা নামভর্তিৰ উদগনিমূলক ধন হিচাপে লাভ কৰিব৷ তদুপৰি নিয়ম অনুসৰি বিনামূলীয়া নামভর্তি, স্কুটী প্রদান আদিৰ দৰে বর্তমানে প্রদান কৰি থকা সুবিধাসমূহৰ ওপৰিঞ্চি হিচাপে এই সুবিধা আগবঢ়োৱা হ’ব৷ বাজেটত বিত্তমন্ত্রী নেওগে এই আঁচনিখনৰ বিপৰীতে ২৪০ কোটি টকা ধার্য কৰাৰ প্রস্তাৱ দিছে৷ ইফালে, শিশুৰ উজ্জ্বল ভৱিষ্যতৰ লক্ষ্যই বাজেটত গ্রহণ কৰা হৈছে কেইবাটাও গুৰুত্বপূর্ণ ব্যৱস্থা৷ বর্তমান বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে লোৱা পদক্ষেপৰ অংশ হিচাপে ২,৩৬৯.৮৬ কোটি টকা ব্যয়েৰে ৰাজ্যৰ ৩২২খন বিদ্যালয় ৰূপান্তৰ কৰা হ’ব৷ সেইদৰে সম্প্রতি ১১৮খন চাহ বাগিচা আদর্শ বিদ্যালয় কার্যক্ষম হৈ আছে৷ ইয়াৰ উপৰি চাহ বাগিচা অঞ্চলত আন ১০০খন নতুন আদর্শ বিদ্যালয় স্থাপন কৰা হ’ব৷ বিত্তমন্ত্রী নেওগে কয় যে ডিব্রুগড় বিশ্ববিদ্যালয় আৰু অন্যান্য শিক্ষানুষ্ঠানৰ ছাত্র–ছাত্রীসকলৰ বাবে ৫০ শতাংশ পাঠ্যক্রম মাচুল জলপানি হিচাপে আগবঢ়াই আমাৰ চৰকাৰে ছেল্ফ ফাইনেঞ্চিং স্কীমৰ অধীনত শিক্ষার্থীসকললৈ সহায়ৰ হাত আগবঢ়োৱাৰ মনস্থ কৰিছে৷ অহা ৩ বছৰৰ সময়ছোৱাত ডিব্রুগড় বিশ্ববিদ্যালয় অত্যাধুনিক বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত কৰাৰ বাবে ১০০ কোটি টকাৰ পুঁজিৰ অনুদান আগবঢ়োৱা হ’ব৷কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়লৈও ২০ কোটি টকাৰ অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰিবলৈ পাই মই সুখী হৈছোঁ৷ আমাৰ চৰকাৰে ইতিমধ্যে প্রায় ৫,০০০টা আদর্শ অংগনৱাড়ী কেন্দ্র নির্মাণ কৰিছে৷ এই বর্ষত আমি ১,২৫০ কোটি টকা ব্যয়েৰে আন ৫ হাজাৰটা আদর্শ অংগনৱাড়ী কেন্দ্র নির্মাণ কৰাৰ কাম হাতত ল’ম৷

You might also like