নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ২ মার্চ, ফাগুন মাহৰ ১৮ তাৰিখ
শনিবাৰঃ তিথি– কৃষ্ণা সপ্তমী, নক্ষত্রঃ বিশাখা, যাত্রাঃ নাই

মেষঃ কর্মক্ষেত্রত নানা সমস্যা হোৱাৰ সম্ভাৱনা৷ যাত্রা কৰোঁতে সতর্ক হোৱা উচিত৷ ক’লা ৰঙৰ বস্ত্র পুৱাৰ ভাগত পৰিধান কৰিলে শুভ৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৬৷

বৃষঃ ব্যৱসায়ত আশানুৰূপ ফল লাভৰ পৰা বঞ্চিত৷ পুৱা গধূলি ভগৱানৰ নাম ল’ব৷ যাত্রাৰ বাবে দিনটো শুভ৷ নীলা ৰং ব্যৱহাৰ কৰক৷ শুভ সংখ্যা ৮৷

মিথুনঃ ব্যৱসায়ত লাভৱান হ’ব৷ প্রেমত ভুল বুজাবুজি হ’ব পাৰে৷ যাত্রাৰ দুপৰীয়া ১২ বজাৰ পিছত কৰিব৷ শুভ ৰং বেঙুনীয়া৷ শুভ সংখ্যা ২৷

কর্কটঃ আয় অনুপাতে ব্যয় বৃদ্ধি পাব৷ কর্মত সফলতা লাভ কৰিব৷ পুৱাৰ ভাগত যাত্রা কৰিব৷ বিদ্যাত শুভ৷ সেউজীয়া ৰং শুভ৷ শুভ সংখ্যা ৬৷

সিংহঃ সমাজত হেয় হ’ব পাৰে৷ আনৰ প্রতি হিংসাদ্বেষ আদিৰ পৰা বিৰত থাকিব৷ পৰাপক্ষত যাত্রা নকৰাই ভাল৷ শুভ ৰং পাতল গুলপীয়া৷ শুভ সংখ্যা ২৷

কন্যাঃ কর্মক্ষেত্রত জটিলতা কিছু হ্রাস পাব৷ দাম্পত্যত মধ্যম৷ ৰাজনীতিবিদসকলে বিশেষ সতর্ক হওক৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৫৷

তুলাঃ প্রায়বোৰ কথাতে মন নিদিয়াই ভাল৷ মূল কথাৰ প্রতি সজাগ থকা ভাল৷ দিনৰ শেষ ভাগত কোনোৱে নতুন আশা দেখি উৎসাহিত হ’ব৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৬৷

বৃশ্চিকঃ কর্মক্ষমসকলে অসুবিধাৰ মাজেৰে অগ্রগতি লভিব৷ আশা কৰা মতে কোনো যোগাযোগত উপকৃত হ’ব পাৰে৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৯৷

ধনুঃ খৰচ–পাতি ৰোধ কৰাৰ যত্ন কৰক৷ প্রাপ্য ধন আদায়ৰ সুযোগ পাব৷ বিদ্যাত বেয়া নহ’ব৷ ব্যক্তিত্ব আৰু ধৈর্য ৰক্ষা কৰি চলক৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৩৷

মকৰঃ ক্রমে দিনটো উন্নত অনুভৱ কৰিব৷ কর্মব্যস্ত ব্যক্তিৰ আয়ৰ মাত্রা বৃদ্ধি পাব৷ বিদ্যার্থীৰ বাবে দিনটো শুভ৷ চুটি ভ্রমণ হ’ব পাৰে৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৮৷

কুম্ভঃ পুৱাৰ ভাগতকৈ আবেলি ভাগত উন্নত ফল লাভ কৰিব৷ কর্মস্থানত ভালেই দেখা যাব৷ বিদ্যাত কিছু আশাপ্রদ৷ শৰীৰ মধ্যম৷ শুভ ৰং ক’লা৷ শুভ সংখ্যা ৭৷

মীনঃ কর্মস্থানত নতুন আনন্দ লাভৰ আশা দেখিব৷ বেংক কর্মীসকলে নিজৰ দক্ষতা দেখুৱাব পাৰিব৷ হাতলৈ ধন অহাৰ যোগ আছে৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৩৷

You might also like