নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ৫ মার্চ, ফাগুন মাহৰ ২১ তাৰিখ
মঙলবাৰ : তিথি– কৃষ্ণা দশমী, নক্ষত্র : জ্যেষ্ঠা, যাত্রা : নাই

মেষ : নিজ কামত কৃতকার্যতাৰ কাৰক৷ নিজৰ প্রতি নিষ্ঠা বাঢ়িব৷ দাম্পত্যত নিৰাশ হোৱাৰ যোগ৷ বিদ্যাত মনোযোগ৷ শুভ ৰং গেৰুৱা৷ শুভ সংখ্যা ১৷

বৃষ : আর্থিকত অনুকূল নহয় যদিও ভয়ৰো কাৰণ নাই। নতুন দ্রব্য ক্রয় কৰিব পাৰে৷ নতুন নিযুক্তিৰ বাবে যোগাযোগত শুভ ফল পাব৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৩৷

মিথুন : আজিৰ দিনটো খুব আশাপ্রদ দেখা যায়৷ কর্মক্ষেত্রত আশা কৰা মতে ফল পাব৷ নতুন কামৰ চেষ্টাত দূৰ যাত্রা৷ শুভ ৰং মাটিয়া৷ শুভ সংখ্যা ৫৷

কর্কট : ৰাজনীতিত থকাবোৰৰ উদ্বেগ বৃদ্ধি৷ আর্থিকত আয়তকৈ ব্যয় বেছি হ’ব৷ ব্যৱসায়ীসকলৰ মন অস্থিৰ হ’ব৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৬৷

সিংহ : শৰীৰ খুব ভাল বুলিব নোৱাৰি৷ তথাপি মজলীয়াভাৱে দিনটো পাৰ হ’ব৷ বাহিৰলৈ যোৱাৰ সম্ভাৱনা৷ প্রেমত উৎসাহ৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৮৷

কন্যা : ঘৰুৱা পৰিৱেশ সিমান প্রতিকূল নহ’ব৷ শাৰীৰিক সামান্য উন্নত৷ পঢ়া–শুনাত থকাসকলে বিশেষ যত্ন কৰক৷ ব্যৱসায়ত বাধা নাই৷ শুভ ৰং বগা৷ শুভ সংখ্যা ২৷

তুলা : আর্থিকত কষ্ট দেখা যায়৷ প্রাপ্য ধনাদিৰ বাবে চেষ্টা থকাটো উচিত৷ শৰীৰ ভালে ৰাখক৷ ভ্রমণত আহুকাল৷ দাম্পত্য শুভ৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৪৷

বৃশ্চিক : সাহসিকতাৰে কর্মত আগবঢ়াৰ চেষ্টা কৰক৷ কর্মক্ষেত্রত যোগ্যতা ৰখাৰ চেষ্টা কৰক৷ খেলিমেলিৰে দিনটো পাৰ হ’ব পাৰে৷ বিদ্যাত শুভ৷ শুভ ৰং ক’লা৷ শুভ সংখ্যা ৬৷

ধনু : আয় বৃদ্ধি আৰু বৈষয়িক উন্নতিৰ শুভ যোগ৷ কর্মজীৱনৰ শুভাৰম্ভ আৰু পাৰিবাৰিক সচ্ছলতা, সামাজিক কামত খ্যাতি লাভ৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৫৷

মকৰ : বিদ্যাত মধ্যম৷ দিনটোত আপোনাৰ মনৰ অৱস্থা ভাল নাথাকিবও পাৰে৷ পত্নীৰ মতামতক প্রাধান্য দিলে লাভৱান হ’ব৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৯৷

কুম্ভ : ব্যৱসায়ীসকল সতর্ক থাকক৷ কর্মক্ষেত্রত বাধাৰ মাজেদি সফলতা পাব৷ শৰীৰৰ প্রতি চিন্তা কৰা দৰকাৰ৷ ঘৰুৱা মতান্তৰ৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৫৷

মীন : কর্মক্ষেত্রত যোগ্যতা বজাই ৰখাৰ চেষ্টা কৰক৷ কাৰোবাৰ বাবে মনত দুখ পাব পাৰে৷ ভাই–ভনীৰ বিয়াৰ কথাত সুখী হ’ব৷ শুভ ৰং গেৰুৱা৷ শুভ সংখ্যা ২৷

You might also like