নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নির্বাচনী ৰণডংকা

আগন্তুক অষ্টাদশ লোকসভা নির্বাচনৰ সময়সূচীৰ আনুষ্ঠানিক ঘোষণা নৌহওঁতেই শনিবাৰে প্রথমখন প্রার্থীৰ তালিকা ঘোষণা কৰে শাসকীয় বিজেপিয়ে৷ প্রথমখন তালিকাত অসমৰ মুঠ ১৪টা লোকসভা সমষ্টিৰ ভিতৰত শাসকীয় দলটোৱে প্রতিদ্বন্দ্বিতা কৰিব বিচৰা ১১টা সমষ্টিৰ প্রার্থীকে ধৰি দেশৰ ১৯৫টা সমষ্টিৰ মনোনীত প্রার্থীৰ তালিকা ঘোষণা কৰা হৈছে৷ প্রথম তালিকাখনত দেশৰ ১৬খন ৰাজ্যৰ আৰু দুখন কেন্দ্রীয়শাসিত ৰাজ্যৰ দলটোৱে নির্বাচনী যুঁজত নোমোৱা প্রার্থীসকলৰ নাম অন্তর্ভুক্ত হৈছে৷ তাৎপর্যপূর্ণ এয়ে যে দলটোৱে এইবাৰ প্রথম তালিকাখনত অন্তর্ভুক্ত কৰিছে ৩৪জন মন্ত্রীক৷ প্রথমখন তালিকাত ৩জন মুখ্যমন্ত্রীক দলীয় প্রার্থীৰূপে ঘোষণা কৰা হৈছে৷ আগন্তুক নির্বাচনত বিজেপিৰ যুৱ প্রার্থীসকলক অগ্রাধিকাৰ দিয়া হৈছে৷ প্রথম তালিকাখনত ৫০ বছৰৰ অনূর্ধ্বৰ ৪৭গৰাকী প্রার্থীক নির্বাচনী যুঁজত নমাইছে৷ আগন্তুক লোকসভা নির্বাচনত অসমত বিজেপি, অগপ আৰু ইউপিপিএল দলে ঐক্যবদ্ধভাৱে নির্বাচনী যুঁজত নমাৰ সিদ্ধান্ত লৈছে৷ অগপ দলে বৰপেটা আৰু ধুবুৰীত দলীয় প্রার্থী থিয় কৰাব৷ কোকৰাঝাৰত মিত্রজোঁটৰ প্রার্থী হ’ব ইউপিপিএল দলৰ৷ অগপ আৰু ইউপিপিএল দলে নির্ধাৰিত সমষ্টি তিনিটাৰ প্রার্থী ঘোষণা কৰা নাই যদিও বিজেপিয়ে শনিবাৰে ঘোষণা কৰা তালিকাখনত আছে দলটোৱে প্রতিদ্বন্দ্বিতা কৰিব লগা অসমৰ ১১টা সমষ্টিৰ প্রার্থীৰ নাম৷ এইবাৰ লোকসভা নির্বাচনত কেন্দ্রীয় মন্ত্রী ৰামেশ্বৰ তেলী (ডিব্রুগড়), কুইন ওজা (গুৱাহাটী), সাংসদ পল্লৱলোচন দাস (তেজপুৰ), হৰেণ সিং বে’ (ডিফু) আৰু ডাঃ ৰাজদীপ ৰয় (শিলচৰ)ক দলীয় প্রার্থিত্ব প্রদান কৰা নাই৷ ইয়াৰ বিপৰীতে ডিব্রুগড়ত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, গুৱাহাটীত বিজুলী কলিতা মেধি, তেজপুৰত ৰঞ্জিত দত্ত, ডিফুত অমৰসিং তিচু আৰু শিলচৰত কেবিনেট মন্ত্রী পৰিমল শুক্লবৈদ্যক যুঁজত নমোৱা হৈছে৷ দৰং–ওদালগুৰি সমষ্টিত সাংসদ দিলীপ শইকীয়া, যোৰহাটত তপন কুমাৰ গগৈ, লখিমপুৰত প্রদান বৰুৱা, কৃপানাথ মাল্লা (কৰিমগঞ্জ)ই পুনৰ প্রার্থিত্ব লাভ কৰিছে৷ শিলচৰত ৰাজ্যৰ পৰিবহণ আৰু আবকাৰী মন্ত্রী পৰিমল শুক্লবৈদ্যক আৰু নৱগঠিত কাজিৰঙা সমষ্টিত ৰাজ্যসভাৰ সাংসদ কামাখ্যাপ্রসাদ তাছাক লোকসভা নির্বাচনৰ যুঁজাৰু হিচাপে সাজু কৰিছে বিজেপিয়ে৷ শোণিতপুৰ সমষ্টিত বিধায়ক তথা প্রাক্তন মন্ত্রী ৰঞ্জিত দত্তক প্রার্থিত্ব দিয়া হৈছে৷ যোৱা লোকসভা নির্বাচনত বিজেপিয়ে চমকপ্রদ সাফল্যৰ জৰিয়তে ৰাজ্যখনৰ ১৪খন আসনৰ ৯খন আসনতেই জয়ী হ’বলৈ সক্ষম হৈছিল৷ কংগ্রেছে লাভ কৰিছিল তিনিখন আসন৷ ইয়াৰ উপৰি ধুবুৰীত এআইইউডিএফৰ বদৰুদ্দিন আজমল আৰু কোকৰাঝাৰত নির্দলীয় নৱ কুমাৰ শৰণীয়া জয়ী হৈছিল৷ কংগ্রেছ আৰু এআইইউডিএফ দুই মেৰুত অৱস্থান কৰাৰ ফলত নগাঁও, কৰিমগঞ্জ আৰু ধুবুৰীৰ ফলাফলক লৈ উৎকণ্ঠা বৃদ্ধি পাইছে৷ নৱগঠিত ধুবুৰী সমষ্টিত বৰপেটাৰ কেইবাটাও বিধানসভা সমষ্টি অন্তর্ভুক্ত কৰা হৈছে৷ প্রার্থিত্বক লৈ কংগ্রেছত তীব্র অন্তর্কন্দল দেখা গৈছে৷ এনে পৰিস্থিতিত ধুবুৰী আসনখনত একেৰাহে চতুর্থবাৰৰ বাবে বদৰুদ্দিন আজমল শক্তিশালী প্রার্থীৰূপে প্রতীয়মান হৈছে৷
এইবাৰ নির্বাচন আয়োগে নতুনকৈ নির্ধাৰণ কৰা সমষ্টিত প্রথমবাৰৰ বাবে লোকসভা নির্বাচন অনুষ্ঠিত হ’ব৷ সাম্প্রতিক ৰাজনৈতিক পৰিস্থিতি আৰু নির্বাচনী মিত্রতাৰ সূত্রে ধুবুৰী, নগাঁও আৰু কৰিমগঞ্জ সমষ্টিৰ বাহিৰে ৰাজ্যখনৰ ১১টা সমষ্টিয়ে শাসকীয় মিত্রজোঁটৰ সপক্ষে আছে৷ নগাঁও আৰু কৰিমগঞ্জ সমষ্টিৰ যুঁজখন এইবাৰ বিজেপিৰ বাবে কঠিন হ’ব৷ যোৱা লোকসভা নির্বাচনত নগাঁও লোকসভা সমষ্টিত বিজয়ী হৈছিল কংগ্রেছৰ প্রদ্যুৎ বৰদলৈ৷ প্রদ্যুৎ বৰদলৈয়ে লাভ কৰা ভোটৰ সংখ্যা আছিল ৭,৩৯,৭২৪টা৷ অর্থাৎ ৪৯.৫৩ শতাংশ৷ ইয়াৰ বিপৰীতে বিজেপিৰ প্রার্থী ৰূপক শর্মাই লাভ কৰিছিল ৭,২২,৯৭২টা ভোট৷ শর্মাৰ ভোটৰ পৰিমাণ আছিল ৪৮.৪০ শতাংশ৷ সামান্য ভোটৰ ব্যৱধানত বিজেপি প্রার্থীগৰাকী যোৱা নির্বাচনত পৰাজিত হ’লেও এইবাৰ শাসকীয় দলটোৰ বাবে আশাৰ বতৰা কঢ়িয়াইছে এআইইউডিএফে৷ নগাঁও সংসদীয় সমষ্টিত ইছলামধর্মী লোকৰ নির্ণায়ক সংখ্যক ভোট আছে৷ এই ভোটৰ ওপৰতে কংগ্রেছ আৰু বিজেপিৰ চকু নিবদ্ধ হৈ আছে৷ মুছলমান ভোটৰ স্পষ্ট বিভাজন হ’লে নগাঁও সংসদীয় সমষ্টিত বিজেপিৰ প্রার্থী সুৰেশ বৰাৰ জয়ৰ সম্ভাৱনা আছে৷ কৰিমগঞ্জ লোকসভা সমষ্টিত যোৱা নির্বাচনত জয়ী হৈছিল বিজেপিৰ কৃপানাথ মাল্লা৷ যোৱা লোকসভা নির্বাচনত কৃপানাথ মাল্লাই লাভ কৰিছিল ৪,৭৩,০৪৬টা ভোট৷ ইয়াৰ বিপৰীতে এআইইউডিএফৰ ৰাধেশ্যাম বিশ্বাসে লাভ কৰিছিল ৪,৩৪,৬৫৭টা ভোট৷ কংগ্রেছৰ স্বৰূপ উপাধ্যায়ে লাভ কৰিছিল মাথোঁ ১,২০,৪৫২টা ভোট৷ সমষ্টি পুনৰ নির্ধাৰণত কৰিমগঞ্জ সংসদীয় সমষ্টিত ইছলামধর্মী ভোটদাতাৰ প্রাধান্য বৃদ্ধি হৈছে৷ ফলত এইবাৰ লোকসভা নির্বাচনত সমষ্টিটোত বিজয়ৰ ধাৰা অক্ষুণ্ণ ৰাখিবলৈ তীব্র প্রত্যাহ্বানৰ সন্মুখীন হ’ব৷ সমষ্টিটোত কৃপানাথ মাল্লাৰ জয়–পৰাজয়ৰ অংক নিৰূপণ হ’ব এআইইউডিএফ আৰু কংগ্রেছৰ প্রার্থী দুগৰাকীৰ মাজত ভোট বিভাজনৰ ওপৰত৷ ধুবুৰী সংসদীয় সমষ্টিত ৭,১৮,৭৬৪টা ভোট লাভ কৰি যোৱা নির্বাচনত সংসদলৈ একেৰাহে তৃতীয়বাৰৰ বাবে নির্বাচিত হৈছিল এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমল৷ ইয়াৰ বিপৰীতে কংগ্রেছৰ আবু তাহেৰ বেপাৰীয়ে লাভ কৰিছিল ৪,৯২,৫০৬টা ভোট৷ অগপৰ জাবেদ ইছলামে লাভ কৰিছিল ৩,৯৯,৭৩৩টা ভোট৷ সমষ্টি পুনৰ নির্ধাৰণত ৰাজ্যখনৰ সর্বাধিক ভোট বৃদ্ধি হৈছে ধুবুৰী সমষ্টিত৷ পুনৰ নির্ধাৰিত সমষ্টিটোত এতিয়া বিজেপিয়ে অগপ দলক এৰি দিয়াই উত্তম বুলি ভাবিছে৷ স্বাধীনতাৰ পিছত ধুবুৰী সমষ্টিটো দীর্ঘকাল কংগ্রেছৰ দখলতে আছিল৷ কংগ্রেছ দলে যিজনকে প্রার্থীৰূপে যুঁজত নমাইছিল সেইজনেই জয়ী হৈছিল৷ কিন্তু এআইইউডিএফৰ জন্মৰ পিছত ২০০৬ৰ বিধানসভা নির্বাচন আৰু ২০০৯ৰ লোকসভা নির্বাচনৰ পৰা ধুবুৰী জিলাৰ ৰাজনীতি সলনি হৈছে৷ বিগত প্রায় দুটা দশকত জিলাখনত আজমলৰ আধিপত্য চলি আছে৷ শেহতীয়াকৈ কেতবোৰ ৰাজনৈতিক প্রত্যাহ্বান আহিলেও আজমলক সমষ্টিটোত প্রতিহত কৰিব পৰাৰ জোখাৰে কংগ্রেছ অথবা শাসকীয় দলে শক্তি আহৰণ কৰিব পৰা নাই৷ ধুবুৰী সংসদীয় সমষ্টিৰ অধীনস্থ কেইবাটাও বিধানসভা সমষ্টিত অগপ দলৰ সাংগঠনিক ভেটি আছে৷ সেয়া নির্বাচন জিকাৰ বাবে যথেষ্ট নহয় যদিও সমষ্টিটোত শাসকীয় ঐক্যমঞ্চৰ প্রার্থীৰূপে অগপই আগন্তুক নির্বাচনত প্রত্যাহ্বান হৈ উঠাৰ সম্ভাৱনা আছে৷ বিগত তিনিটা কার্যকালত আজমলৰ বিৰুদ্ধে সৃষ্টি হোৱা ঢৌ আৰু কংগ্রেছৰ অন্তর্কন্দলৰ বাবে আগন্তুক নির্বাচনত সুযোগ ওলাব পাৰে অগপ দলটোৰ বাবে৷ এইক্ষেত্রত দলটোৱে গ্রহণযোগ্য প্রার্থী বাছনি কৰাৰ ওপৰতে বহু পৰিমাণে নির্ভৰ কৰিব৷ কোকৰাঝাৰ সংসদীয় সমষ্টিত একেৰাহে দ্বিতীয়বাৰৰ বাবে জয়ী হোৱা নির্দলীয় সাংসদ নৱ কুমাৰ শৰণীয়াই এইবাৰ তীব্র প্রত্যাহ্বানৰ সন্মুখীন হোৱাৰ আশংকা আছে৷ সমষ্টিটোত হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফে দলীয় প্রার্থী থিয় কৰোৱাৰ সিদ্ধান্ত লৈছে৷ কিন্তু বিজেপি আৰু অগপৰ স’তে মিত্রতাৰ সূত্রে কোকৰাঝাৰত এইবাৰ ইউপিপিএলৰ বিজয়ৰ সম্ভাৱনা আছে৷ ৰাজ্যৰ ৰাজনীতিত এতিয়া কংগ্রেছৰ অৱস্থা তেনেই শোচনীয়৷ খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহ মাজত কংগ্রেছৰ ভেটিত নিতৌ খহনীয়া হৈ থকাৰ ফলত দলটোৱে আগন্তুক লোকসভা নির্বাচনত শোচনীয় পৰাজয়ৰ গ্লানি বহন কৰাৰ আশংকা ঘনীভূত হৈছে৷

You might also like