নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ৬ মার্চ, ফাগুন মাহৰ ২২ তাৰিখ
বুধবাৰঃ তিথি– কৃষ্ণা একাদশী, নক্ষত্রঃ পূর্ব্বষাঢ়া, যাত্রাঃ নাই

মেষঃ চাকৰিৰ ক্ষেত্রত দায়িত্ব বৃদ্ধি পাব, ব্যৱসায়–বাণিজ্যত শুভ৷ দিনটোত আয় উপেক্ষা, ব্যয়ৰ মাত্রা বৃদ্ধি পাব৷ নিবনুৱা জাতক–জাতিকাই চেষ্টাৰ ফল পাব, গুপ্ত শত্রু সম্পর্কে সতর্কতা অৱলম্বন কৰিব৷ শাৰীৰিক দিশত চিন্তাৰ কাৰণ আছে৷ বিদ্যার্থীৰ মধ্যম ফল৷ এই ৰাশিৰ জাতক–জাতিকাই ডাবৰ পানীৰ লগত কর্পূৰ মিহলাই শিৱ লিংগত ঢ়ালিব, আজি নিৰামিষ আহাৰ গ্রহণ কৰিব৷

বৃষঃ কর্মত অস্থিৰতাই দেখা দিব পাৰে৷ আত্মীয়ৰ লগত মতান্তৰ হ’ব পাৰে৷ অযথা চিন্তা বৃদ্ধি৷ প্রাপ্য অর্থ প্রাপ্তিৰ যোগ৷ অধিক খঙৰ কাৰণে একাধিক সুযোগে হাত এৰা দিব পাৰে৷ বন্ধুৰ দ্বাৰা সন্মান হানিৰ যোগ, বিদ্যার্থীৰ বাবে দিনটো শুভ ফলদায়ক৷ বৃষৰ জাতক–জাতিকাই বগা গৰুৰ গাখীৰ শিৱ লিংগত ঢালিব৷

মিথুনঃ কর্মক্ষেত্রত মধ্যম ফলদায়ক৷ বিশেষ কাৰণে কিছু অর্থ ঋণ কৰিব লগা হ’ব পাৰে৷ ব্যৱসায়–বাণিজ্যত মধ্যম ফল৷ সন্তানৰ বিদ্যাৰ কাৰণে পিতৃ–মাতৃৰ চিন্তা, প্রেম আৰু দাম্পত্যত কাজিয়া–পেচালৰ সম্ভাৱনা৷ চন্দনেৰে শিৱৰ পূজা–র্চনা কৰিব৷ শুভ ৰং বগা৷

কর্কটঃ কর্মক্ষেত্রত সাফল্য লাভ৷ ব্যৱসায়–বাণিজ্যৰ মাধ্যমত আর্থিক উন্নতিৰ যোগ৷ দাম্পত্যত শান্তি বজাই থাকিব৷ শৰীৰ– স্বাস্থ্য বিশেষ ভাল নাযাব৷ কোনোবাই অযথা শত্রুতা কৰিব পাৰে৷ দিনটোত পৰিশ্রমৰ তুলনাত ফল নাপাব৷ উচ্চ বিদ্যার্থীৰ উন্নতিৰ যোগ৷ কর্কটৰ জাতক–জাতিকাই বগা গৰুৰ গাখীৰৰ লগত অলপ ঘিউ মিহলাই শিৱ লিংগত ঢালিব৷

সিংহঃ কর্মক্ষেত্রত বিভাজন–পৰিৱর্তন যোগ দেখা যায়৷ পুৰণি কামৰ সমাপ্তি আশা কৰিব পাৰে৷ দৈনন্দিন কর্মত খেলিমেলি দেখা দিব পাৰে৷ উচ্চ বিদ্যার্থীৰ মানসিক চাপ বৃদ্ধি পাব৷ উগ্র মেজাজৰ কাৰণে আর্থিক ক্ষতি হ’ব পাৰে৷ প্রেমত অশান্তি বৃদ্ধি৷ সিংহ ৰাশিৰ জাতক–জাতিকাই গাখীৰৰ লগত গংগাৰ পানী মিহলাই শিৱৰ মূৰত ঢালিব৷

কন্যাঃ পাৰিবাৰিক ক্ষেত্রত শান্তি বজাই থাকিব৷ আর্থিক ক্ষেত্রত আশা কৰা মতে ফল নাপাব৷ পুৰণি সমস্যাৰ সমাধান হ’ব পাৰে৷ গোপন শত্রু সম্পর্কে সতর্ক থাকিব৷ উচ্চ ৰক্তচাপজনিত ৰোগীসকলে সতর্কতা অৱলম্বন কৰিব৷ ব্যৱসায়ত শুভ৷ বিদ্যার্থীৰ মধ্যম ফল৷ কন্যা ৰাশিৰ জাতক–জাতিকাই গাখীৰৰ লগত অলপ মৌ মিহলাই শিৱৰ মূৰত ঢালিব৷

তুলাঃ কর্মক্ষেত্রত সন্মান বৃদ্ধিৰ যোগ৷ মনৰ গোপন কথা আনৰ আগত প্রকাশ কৰিলে ক্ষতি হ’ব পাৰে৷ নিজৰ ভুলত বিপদত পৰিব পাৰে৷ আর্থিক ক্ষেত্রত শুভ যদিও অধিক ব্যয় বৃদ্ধিৰ ফলত মানসিক উদ্বেগ বৃদ্ধি পাব৷ ভ্রমণৰ যোগ দেখা যায়৷ প্রেমত শুভ ফলদায়ক৷ তুলা ৰাশিৰ জাতক–জাতিকাই গাখীৰৰ লগত অলপ অগৰু মিহলাই শিৱৰ মূৰত ঢ়ালিব৷ শুভ ৰং বগা৷

বৃশ্চিকঃ পাৰিবাৰিক দিশত সন্মান বৃদ্ধি৷ কোনোবাই প্রতাৰণা কৰিব পাৰে৷ ভ্রমণত অর্থ লাভ৷ ব্যৱসায়-বাণিজ্যত বাধা থাকিব৷ আর্থিক দিশত দিনটোত তেনেকুৱা ভাল ফল নাপাব৷ ঠিকাদাৰী ব্যৱসায়ত উন্নতিৰ যোগ৷ বিদ্যার্থীৰ বাহিৰলৈ যোৱাৰ যোগ দেখা যায়৷ বৃশ্চিকৰ জাতক-জাতিকাই আজি ধতুৰা ফুল আৰু বগা চন্দনেৰে শিৱৰ পূজা-অর্চনা কৰিব৷

ধনুঃ চাকৰিত সন্মান প্রাপ্তিৰ যোগ৷ মনৰ আশা ভংগ হ’ব পাৰে৷ প্রাপ্য ধন প্রাপ্তিৰ যোগ আছে৷ ঘৰত মাংগলিক অনুষ্ঠানৰ সম্ভাৱনাই দেখা দিব পাৰে৷ পুলিচি জামেলা, মামলা, মকর্দমা আদিৰ যোগ দেখা যায়৷ গতিকে সতর্কতা অৱলম্বন কৰিব৷ ব্যৱসায়ত মধ্যম৷ বিদ্যার্থীৰ উন্নতিৰ যোগ৷ ধনু ৰাশিৰ জাতক– জাতিকাই আজি গাখীৰৰ লগত অলপ দৈ মিহলাই শিৱ লিংগত ঢালিব৷

মকৰঃ পাৰিবাৰিক অশান্তিৰ কাৰণে দৈনিক কর্মত বাধা৷ নিজৰ ভুলৰ কাৰণে বিপদত পৰিব পাৰে৷ অযথা চিন্তাৰ ফলত শৰীৰৰ ক্ষতি হ’ব পাৰে৷ বিভিন্ন ধৰণৰ দালালী পেচাৰ লগত জড়িত ব্যক্তিসকলৰ উন্নতিৰ যোগ৷ প্রেম আৰু দাম্পত্যত অশান্তি বৃদ্ধি পাব৷ মকৰৰ জাতক–জাতিকাই আজি শিৱৰ পূজা–র্চনা কৰিব আৰু ওঁ নমঃ শিৱায় ৮ বাৰ জপ কৰিব৷

কুম্ভঃ অযথা বিবাদৰ ফলত দৈনন্দিন কর্মত ক্ষতি৷ মনৰ অৱস্থা বিশেষ ভালেৰে নাযাব৷ বিভিন্ন প্রতিকূল পৰিস্থিতিত বন্ধুৰ সহায় আশা কৰিব পাৰে৷ সম্পদ প্রাপ্তিৰ যোগ৷ অসমাপ্ত কাম শেষ কৰি মনত আনন্দ অনুভৱ কৰিব৷ ব্যৱসায়ত পৰিধি বিস্তাৰ৷ প্রেমত মধ্যম৷ কুম্ভ ৰাশিৰ জাতক–জাতিকাই নীলা ফুল, বেলপাত আৰু চন্দনেৰে শিৱৰ পূজা কৰিব৷

মীনঃ কর্মক্ষেত্রত বাধা থাকিব৷ কিবা বিষয় লৈ পিতৃ–মাতৃৰ লগত মতবিৰোধ দেখা দিব পাৰে৷ পৰিকল্পিত ব্যৱসায়ৰ ক্ষেত্রত বাধা থাকিব৷ মানসিক চঞ্চলতাৰ কাৰণে বিদ্যার্থীৰ ক্ষতি৷ চাকৰিৰ ক্ষেত্রত সহকর্মীৰ লগত মতান্তৰ দেখা দিব পাৰে৷ প্রেমত ভুল বুজাবুজি৷ দাম্পত্যত অশান্তি বজাই থাকিব৷

You might also like