নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

মেষঃ আনৰ প্রতি আঁকোৰগোজ ভাব হ’ব পাৰে৷ কর্মব্যস্ততা বৃদ্ধি৷ প্রেমত শুভ৷ সম্পদ লাভ৷ শুভ ৰং মাখন৷ শুভ সংখ্যা ২৷

বৃষঃ খৰচ বৃদ্ধি৷ ভ্রমণত শুভ৷ বন্ধুৰ পৰা উপকৃত হ’ব৷ সুস্থিৰে চিন্তাৰ সমস্যা সমাধান৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৮৷

মিথুনঃ ব্যৱসায়–বাণিজ্যত শুভ৷ বিদ্যাত শুভ৷ শিক্ষাবিদ, ৰাজনীতিবিদসকলৰ ব্যস্ততা বৃদ্ধি৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৬৷

কর্কটঃ কার্য সিদ্ধিৰ যোগ৷ পাৰিলে নিৰামিষ আহাৰ গ্রহণ কৰিব৷ বন্ধুৰ পৰা উৎসাহ পাব৷ শিৱ মন্দিৰ দর্শন৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৫৷

সিংহঃ শিৱ মন্দিৰ দর্শন কৰিব৷ কার্যসিদ্ধি৷ ভ্রমণ সোঁফালে কৰিব পৰিশ্রমৰ উপযুক্ত মর্যাদা পাব৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ২৷

কন্যাঃ কর্মত নিষ্ঠা, সততা, দক্ষতা প্রকাশ পাব৷ প্রেমত মধ্যম৷ আনক অন্যায় নকৰিব৷ ভ্রমণত শুভ৷ বেঙুনীয়া শুভ ৰং৷ শুভ সংখ্যা ১৷

তুলাঃ জ্ঞানী লোকৰ সান্নিধ্য পাব৷ বেলগছৰ তলত চাকি জ্বলাওক৷ ব্যৱসায়ত উন্নতি৷ শুভ ৰং ক্রীম৷ শুভ সংখ্যা ৭৷

বৃশ্চিকঃ কার্য সিদ্ধিত আনৰ প্রভাৱ পৰিব পাৰে৷ পানীৰ পৰা ভয়৷ শিক্ষাবিদ, লেখিকা আদিৰ কর্মব্যস্ততা বৃদ্ধি৷ শুভ ৰং মেৰুণ৷ শুভ সংখ্যা ৪৷

ধনুঃ কর্মস্থানত কিছু জটিলতা হ’ব পাৰে৷ পৰিৱেশৰ লগত মিলাই কাম কৰক৷ হুৰমূৰকৈ কাম নকৰিব৷ শুভ ৰং বগা৷ শুভ সংখ্যা ২৷

মকৰঃ শিং থকা জন্তুৰ পৰা সাৱধান হওক৷ প্রেমত মধ্যম৷ সংঘাত আঁতৰিব৷ কর্মত শুভ৷ বন্ধুৰ পৰা উৎসাহিত হ’ব৷ শুভ ৰং সোণালী, শুভ সংখ্যা ১৷

কুম্ভঃ শাৰীৰিক আৰু মানসিক শান্তি লাভ৷ জেদ ভাব মনলৈ নানিব৷ কর্মস্থানত মধ্যম৷ ক’লা গৰুক ৰুটী খুৱাব৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৩৷

মীনঃ আনৰ প্রতি উদাৰতা প্রকাশ৷ কর্তব্যৰ প্রতি দায়বদ্ধতা বৃদ্ধি৷ প্রদূষণৰ পৰা কষ্ট হ’বপাৰে৷ শিৱ মন্দিৰ দর্শন কৰক৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৪৷

You might also like