নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ২০ মে’, জেঠ মাহৰ ৬ তাৰিখ
সোমবাৰ : তিথি– শুক্লা দ্বাদশী, নক্ষত্র : চিত্রা, যাত্রা : নাই

মেষ : আনৰ প্রতি আঁকোৰগোজ ভাব হ’ব পাৰে৷ কর্মব্যস্ততা বৃদ্ধি৷ প্রেমত শুভ, সম্পদ লাভ৷ শুভ ৰং মাখন, শুভ সংখ্যা ২৷

বৃষ : খৰচ বৃদ্ধি, ভ্রমণত শুভ৷ বন্ধুৰ পৰা উপকৃত হ’ব, সুস্থিৰ চিন্তাৰে সমস্যা সমাধান৷ শুভ ৰং নীলা, শুভ সংখ্যা ৮৷

মিথুন : ব্যৱসায়–বাণিজ্যত শুভ, বিদ্যাত শুভ৷ শিক্ষাবিদ, ৰাজনীতিবিদসকলৰ ব্যস্ততা বৃদ্ধি৷ শুভ ৰং বগা, শুভ সংখ্যা ৬৷

কর্কট : কার্যসিদ্ধিৰ যোগ৷ পাৰিলে নিৰামিষ আহাৰ গ্রহণ কৰিব৷ বন্ধুৰ পৰা উৎসাহ পাব৷ শিৱ মন্দিৰ দর্শন৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৫৷

সিংহ : শিৱ মন্দিৰ দর্শন কৰিব৷ কার্যসিদ্ধি৷ ভ্রমণ সোঁফালে কৰিব৷ পৰিশ্রমৰ উপযুক্ত মর্যাদা পাব৷ শুভ ৰং নীলা, শুভ সংখ্যা ২৷

কন্যা : কর্মত নিষ্ঠা, সততা, দক্ষতা প্রকাশ পাব৷ প্রেমত মধ্যম, আনক অন্যায় নকৰিব৷ ভ্রমণত শুভ৷ বেঙুনীয়া শুভ ৰং, শুভ সংখ্যা ১৷

তুলা : জ্ঞানী লোকৰ সান্নিধ্য পাব৷ বেলগছৰ তলত চাকি জ্বলাওক৷ ব্যৱসায়ত উন্নতি৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ৭৷

বৃশ্চিক : কার্যসিদ্ধিত আনৰ প্রভাৱ পৰিব পাৰে৷ পানীৰ পৰা ভয়৷ শিক্ষাবিদ, লেখিকা আদিৰ কর্মব্যস্ততা বৃদ্ধি৷ শুভ ৰং মেৰুন, শুভ সংখ্যা ৪৷

ধনু : কর্মস্থানত কিছু জটিলতা হ’ব পাৰে৷ পৰিৱেশৰ লগত মিলাই কাম কৰক৷ হুৰমূৰকৈ কাম নকৰিব৷ শুভ ৰং বগা, শুভ সংখ্যা ২৷

মকৰ : শিং থকা জন্তুৰ পৰা সাৱধান হওক৷ প্রেমত মধ্যম৷ সংঘাত আঁতৰিব, কর্মত শুভ, বন্ধুৰ পৰা উৎসাহিত হ’ব৷ শুভ ৰং সোণালী, শুভ সংখ্যা ১৷

কুম্ভ : শাৰীৰিক আৰু মানসিক শান্তি লাভ। জেদ ভাব মনলৈ নানিব৷ কর্মস্থানত মধ্যম৷ ক’লা গৰুক ৰুটী খুৱাওক৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৩৷

মীন : আনৰ প্রতি উদাৰতা প্রকাশ৷ কর্তব্যৰ প্রতি দায়বদ্ধতা বৃদ্ধি৷ প্রদূষণৰ পৰা কষ্ট হ’ব পাৰে৷ শিৱ মন্দিৰ দর্শন কৰক৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৪৷

You might also like