আজি দিনটোৰ ৰাশিফল, আজি ১৩ জুলাই, আহাৰ মাহৰ ২৮ তাৰিখ
দেওবাৰ : তিথি–কৃষ্ণা তৃতীয়া, নক্ষত্র : শ্রৱণা, যাত্রা : মধ্যম
মেষ : সাংসাৰিক দিশত শান্তি বজাই ৰাখিব৷ সামাজিক সেৱাই মনত শান্তি দিব৷ সন্তানৰ দিশত চিন্তা বৃদ্ধি৷ শিক্ষার্থীসকলৰ বাবে আজি দিনটো শুভ৷ প্রেমত বাধা দেখা যায়৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৭৷
বৃষ : কর্মক্ষেত্রত সহকর্মীৰ লগত বিবাদ হ’ব পাৰে৷ নিজৰ ভুলৰ বাবে কিছু মূল্যৱান বস্তু হেৰুৱাব পাৰে৷ যিসকল ব্যক্তিয়ে যান–বাহন চলায়, আজি দিনটো সাৱধানে থাকক৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ২৷
মিথুন : বন্ধুৰ কথা শুনি বিপদত পৰিব পাৰে৷ আন্ত্রিক জাতীয় ৰোগত ভুগিব পাৰে৷ ব্যৱসায় ক্ষেত্রত উন্নতিৰ যোগ৷ কাম বৃদ্ধি হোৱাৰ বাবে মানসিকভাৱে যন্ত্রণা হ’ব পাৰে৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৬৷
কর্কট : ঘৰুৱা ক্ষেত্রত অশান্তি হ’ব পাৰে৷ শত্রুৰ পৰা সাৱধানে থাকক৷ স্ত্রীৰ বুদ্ধিয়ে আপোনাক লাভৱান কৰিব৷ প্রেমৰ দিশত কাৰোবাৰ বাবে অশান্তি হ’ব পাৰে৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৩৷
সিংহ : অতিৰিক্ত ব্যয়ে আপোনাক চিন্তাত পেলাব পাৰে৷ বিদ্যার্থীসকলৰ বাবে নতুন সুযোগ দেখা যায়৷ আগৰ ব্যৱসায় নতুন কৰি আৰম্ভ কৰিব পাৰে৷ শুভ ৰং নীলা, শুভ সংখ্যা ১৷
কন্যা : দীর্ঘ প্রতীক্ষাৰ পাছত পদোন্নতিৰ খবৰ আহিব পাৰে৷ ভ্রমণৰ দিশত বাধা দেখা যায়৷ গোটেই দিনটো ব্যস্ততাৰ মাজেৰে পাৰ হৈ যাব৷ প্রেমত শুভ ফল৷ শুভ ৰং মাখন, শুভ সংখ্যা ৫৷
তুলা : বন্ধুৰ প্রচুৰ অর্থ অপচয় হ’ব পাৰে৷ ৰাস্তা–ঘাটত দুর্ঘটনা হ’ব পাৰে৷ সন্তানৰ কাৰণে ব্যৱসায়ত লোকচান হ’ব৷ সামাজিক কামত নগ’লে ভাল হ’ব৷ বিপদ হ’ব পাৰে৷ শুভ ৰং ক’লা, শুভ সংখ্যা ৮৷
বৃশ্চিক : অতিৰিক্ত ভাবাৱেগে আপোনাক বিপদত পেলাব পাৰে৷ ৰৈ থকা কাম আৰম্ভ হ’ব৷ পৰাপক্ষত স্বাস্থ্যৰ প্রতি গুৰুত্ব দিয়ক৷ শুভ ৰং মটীয়া, শুভ সংখ্যা ২৷
ধনু : আপোনাৰ ভাল ব্যৱ:হাৰে আজি আপোনাক শান্তি দিব পাৰে৷ সন্তানৰ ভৱিষ্যতৰ বাবে চিন্তা বৃদ্ধি৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৯৷
মকৰ : বিদ্যার্থীসকলৰ বাবে বিদেশ যাত্রা হ’ব পাৰে৷ কর্মক্ষেত্রত সন্মানিত হ’ব পাৰে৷ নতুন গৃহ নির্মাণত বাধা আহিব৷ সংগীতৰ লগত জড়িত লোকসকলৰ বাবে বিশেষ সুযোগ আহিব পাৰে৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৮৷
কুম্ভ : উচ্চ শিক্ষাৰ ক্ষেত্রত ভাল যোগ দেখা যায়৷ সন্তানৰ বাবে খৰচ বৃদ্ধি৷ স্ত্রীৰ কাৰণে মনত কষ্ট বাঢ়িব পাৰে৷ জটিল সমস্যাৰ সন্মুখীন হ’ব পাৰে৷ প্রেমত বাধা৷ শুভ ৰং সোণালী, শুভ সংখ্যা ৫৷
মীন : নতুন ব্যৱসায় আৰম্ভ হ’ব পাৰে৷ বায়ুপথত ভ্রমণৰ কিছু সুযোগ আহিব পাৰে৷ শিক্ষাত শুভ ফল৷ স্বাস্থ্যৰ প্রতি গুৰুত্ব দিয়ক, অশান্তি হ’ব৷ শুভ পৰিৱর্তন আপোনাৰ জীৱনত আহিব পাৰে৷ শুভ ৰং ক’লা, শুভ সংখ্যা ৪৷