নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

আজি ১৪ নৱেম্বৰ, কাতি মাহৰ ২৭ তাৰিখ
শুকুৰবাৰ : তিথি–কৃষ্ণ দশমী, নক্ষত্র : পূর্বফাল্গুনী, যাত্রা : নাই

মেষ : দিনটো ভালেৰে আৰম্ভ হ’লেও পিছলৈ সাধাৰণ ক্লেশদায়ক সমস্যা উদ্ভৱ হ’ব পাৰে৷ নিজৰ দায়িত্ব পালন কৰাৰ চেষ্টা অব্যাহত ৰাখক৷ ঘৰুৱা কথাৰ বাবে মন বেয়া হ’লেও সহজ হ’ব পাৰিব৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৪৷

বৃষ : মনলৈ উৎসাহ আহিব৷ নতুন কামত সুযোগ পাব৷ শৰীৰো ভালেৰে পাৰ হ’ব৷ দুৰাৰোগ্য ৰোগত আক্ৰান্তসকলে কিছু সকাহ পাব৷ বিদ্যাত অনুকূল৷ ভ্রমণৰ দ্বাৰা লাভ হ’লেও সাৱধান হওক৷ শুভ ৰং বগা, শুভ সংখ্যা ১৷

মিথুন : প্রায় দিশতে মনটো মুকলি লাগিব৷ শৰীৰৰ চিন্তা কম৷ বন্ধু–বান্ধৱৰ লগত ভালেই লাগিব৷ শিল্পসুলভতা বৃদ্ধি পাব৷ কোনো নতুন দায়িত্বত দক্ষতা দেখুৱাব৷ ভ্রমণত পিছে সাৱধান হওক৷ শুভ ৰং ছিলভাৰ, শুভ সংখ্যা ৩৷

কর্কট : দুই–এটা বাধাৰ মাজেৰে দিনটোত অগ্রগতি কৰিব৷ ঘৰুৱা দিশত ইটো–সিটো থাকিব৷ শৰীৰ সম্পর্কে সাৱধান থাকিব৷ সংকট সন্মুখত ৰাখি কোনো যাত্রা বা কাম আদি পাৰিলে স্থগিত ৰাখক৷ শুভ ৰং মেৰুণ, শুভ সংখ্যা ৫৷

সিংহ : উন্নত পৰিৱেশ৷ বিভিন্ন যোগাযোগ আদিত আনন্দ পাব৷ ভ্রমণাদিত বিশেষ অসুবিধা নাপায়৷ কিন্তু যাৰ মঙলৰ দশা চলি আছে অলপ সাৱধান হওক৷ সন্তানৰ সুখ৷ বিদ্যাত অনুকূল৷ শুভ ৰং নীলা, শুভ সংখ্যা ৭৷

কন্যা : খুব উন্নত পৰিৱেশ নহ’ব৷ ধর্মীয় অনুষ্ঠান আদিত আনন্দিত হ’ব৷ বন্ধু–বান্ধৱৰ শুভ৷ ব্যক্তিত্ব অক্ষুণ্ণ থাকিব৷ দাম্পত্যত চিন্তা৷ বিদ্যার্থীৰ মধ্যম৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৮৷

তুলা : আর্থিক দিশত টানত পৰিলেও কোনো বন্ধুৰ পৰা সহায় পাব৷ কোনো নতুন দায়িত্বত দক্ষতা দেখুৱাব৷ ভ্রমণত পিছে সাৱধান হওক৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৯৷

বৃশ্চিক : কর্মক্ষমসকলে অসুবিধাৰ মাজেৰে অগ্রগতি লভিব৷ মানসিক অৱস্থা মধ্যম৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ২৷

ধনু : খৰচ–পাতি ৰোধ কৰাৰ যত্ন কৰক৷ প্রাপ্য ধন আদায়ৰ সুযোগ পাব৷ প্রেমত বাধা৷ ব্যক্তিত্ব আৰু ধৈর্য ৰক্ষা কৰি চলক৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৩৷

মকৰ : ক্রমে দিনটো উন্নত অনুভৱ কৰিব৷ বিদ্যার্থীৰ বাবে দিনটো শুভ৷ চুটি ভ্রমণ হ’ব পাৰে৷ প্রেম–প্রণয়ত উৎসাহ৷ শুভ ৰং নীলা, শুভ সংখ্যা ৮৷

কুম্ভ : পুৱাৰ ভাগতকৈ আবেলিৰ ভাগত উন্নত ফল লাভ কৰিব৷ বিদ্যাত কিছু আশাপ্রদ৷ শৰীৰ মধ্যম৷ ভ্রমণ কৰিব পাৰে৷ শুভ ৰং ক’লা, শুভ সংখ্যা ৭৷

মীন : কর্মস্থানত নতুন আনন্দ লাভৰ আশা দেখিব৷ বেংক কর্মীসকলে নিজৰ দক্ষতা দেখুৱাব পাৰিব৷ হাতলৈ ধন অহাৰ যোগ আছে৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৩৷

You might also like