নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেন’পজ : শাৰীৰিক আৰু মানসিক সমস্যা

মেন’পজৰ এক বা দুবছৰৰ ভিতৰতে সাধাৰণতে এই লক্ষণটো দেখা যায়।হঠাৎ গাটো গৰম লাগে,ঘাম ওলায়,গাল-মুখ ৰঙা পৰে,ৰাতি শোৱাৰ পৰা হঠাতে সাৰ পাই যায়।ইয়াৰ ঠিক অলপ পিছতেই ঠাণ্ডা অনুভৱ হয়,কিছু সময়ৰ পিছতে মূৰ গৰম হয়,ৰাতি টোপনিত ব্যাঘাত হয়।

…মহিলাসকলৰ মেন’পজৰ সময়ত হোৱা সকলো সমস্যাৰে মূল কাৰক হ’ল শৰীৰত ক্ৰমান্বয়ে হ্ৰাস পাই অহা এষ্ট্ৰোজেনৰ পৰিমাণ…

ডা: ধৰ্মকান্ত কুম্ভকাৰ

মেন’পজ বা ৰজোনিবৃত্তি এগৰাকী মহিলাৰ জীৱনৰ এটি গুৰুত্বপূৰ্ণ অধ্যায়।প্ৰতি গৰাকী মহিলাৰ জীৱনলৈ মেন’পজ আহিবই।মেন’পজ কোনো ৰোগ নহয়।ই মহিলাৰ শৰীৰৰ এক স্বাভাৱিক অৱস্থা।অৱশ্যে মেন’পজ হোৱা মহিলাৰ ক্ষেত্ৰত কিছুমান শাৰিৰীক সমস্যা(যেনে-হ’ট ফ্লাছ(Hot Flush),মেদবহুল হৈ শকত হোৱা,হজম শক্তি কমি যোৱা আদি),কিছুমান ৰোগ(যেনে-ডায়েৱটিছ, অষ্টিওপ’ৰোছিছ,অষ্টিওআৰ্থাইটিছ,কৰ্কট ৰোগ আদি)আৰু কিছুমান মানসিক সমস্যা(যেনে-কথা পাহৰি যোৱা,হতাশাত ভোগা আৰু ডিমেনচিয়া আদি)অধিক হোৱা দেখা যায়।মেন’পজ হোৱা মহিলাসকলে পৰিয়ালৰ অন্যলোকৰ পৰা শাৰীৰিক আৰু মানসিক ভাৱে অলপ সহায় পালে আৰু নিজেও অলপ সচেতন হৈ খাদ্যভ্যাসৰ পৰিৱৰ্তন ঘটাই সুস্থ জীৱন-শৈলী কটাই নিয়মিত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে এনে সমস্যাবোৰ প্ৰতিৰোধ কৰাৰ বাবে আগতীয়াকৈ ব্যৱস্থা গ্ৰহন কৰিলে এক উন্নত মাণদণ্ডৰ জীৱন যাপন কৰি দীৰ্ঘায়ু লাভ কৰিব পাৰে।তলত মেন’পজ কি,মেন’পজ হ’লে হোৱা শাৰিৰীক,মানসিক সমস্যা আৰু এইবোৰ প্ৰতিৰোধ কৰাৰ কিছু উপায় আলোচনা কৰা হ’ল।

মেন’পজ কি-

এগৰাকী মহিলাৰ ঋতুস্ৰাৱ প্ৰাকৃতিক ভাৱে সম্পূৰ্ণৰূপে বন্ধ হৈ এক বছৰ পাৰ হোৱাৰ পিছত যদিহে পুনৰ ঋতুস্ৰাৱ নহয় তেতিয়া মহিলাগৰাকীৰ মেন’পজ বা ৰজোনিবৃত্তি হোৱা বুলি কোৱা হয়।মেন’পজ হোৱা মহিলাৰ শৰীৰত স্ত্ৰী যৌন হ’ৰমন এষ্ট্ৰোজেন আৰু প্ৰ’জেষ্টেৰণৰ পৰিমান কমি যায়।প্ৰথমে প্ৰ’জেষ্টেৰণ কমে,পিছলৈ এষ্ট্ৰোজেন কমি যায়।ডিম্বাশয়ৰ পৰা ডিম্বাণুৰ ক্ষৰণ এই বয়সত নোহোৱা হয়।ভাৰতবৰ্ষত সাধাৰণতে ৪৫ৰ পৰা ৫০বছৰ বয়সৰ ভিতৰত মহিলাসকলৰ মেন’পজ হয়।অৱশ্যে কিছুমান জনগোষ্ঠীৰ মহিলাৰ মেন’পজ ইয়াতকৈ কম বয়সতো হোৱা দেখা যায়।যি মহিলাৰ অস্ত্ৰোপ্ৰচাৰ কৰি ডিম্বাশয় দুয়োটাই উঠাই দিয়া হয় আৰু কৰ্কট ৰোগৰ বাবে কেম’থেৰাপি দিয়া হয়,তেনে মহিলাৰ ক্ষেত্ৰত মেন’পজ অধিক আগতে আহে।

মেন’পজ অহাৰ দুই বছৰ মান আগৰে পৰাই মহিলাৰ মাহেকীয়া অনিয়মীয়া হ’বলৈ আৰম্ভ কৰে।এই সময়ছোৱাক  “পেৰিমেন’পজ”( Peerimenopause)পৰ্য্যায় বুলি বুলি কোৱা হয়।এই সময়ছোৱাত মহিলাৰ মাহৰ মূৰত মাহেকীয়া হোৱাৰ পৰিৱৰ্তে দিন বাঢ়ি যায় আৰু ঋতুস্ৰাৱৰ পৰিমাণ লাহে লাহে কমি আহে।দুয়োটা বিসংগতিৰ লক্ষণ বৃদ্ধি পাই অৱশেষত ঋতুস্ৰাৱ বন্ধ হৈ পৰে।ইয়াৰ উপৰিও ‘পেৰিমেন’পজ’ সময় ছোৱাত মহিলা সকলৰ মন অস্থিৰ হয়,সৰু সৰু কথাতে মন বেয়া লাগে,সঘনাই মুড পৰিৱৰ্তন হয়,কামত মনোযোগ কমি আহে,অনবৰতে শৰীৰিক ভাৱে অসুস্থতা অনুভৱ কৰে,বাৰে বাৰে পায়্খানা অৰু প্ৰস্ৰাৱ লাগে,শৰীৰত চৰ্ব্বী জমা হ’বলৈ ধৰে,স্তনৰ গঠন সলনি হয়,বুকু ধপধপায়,মূৰৰ বিষ হয়,মূৰ ঘূৰণি হয়,গাঁঠিৰ বিষ হয়,শৰীৰত বিষৰ অনুভৱ বেছি হয়,অতিমাত্ৰা গৰম লাগে,ৰাতি টোপনিত ব্যাঘাট জন্মে,ৰাতি ঘামি যোৱা আদি নানা লক্ষণে দেখা দিয়ে।এইবোৰ মেন’পজ অহাৰ প্ৰাকৃতিক লক্ষণ।

মেন’পজৰ সময়ত হোৱা বিভিন্ন সমস্যা

মহিলাসকলৰ মেন’পজৰ সময়ত হোৱা সকলো সমস্যাৰে মূল কাৰক হ’ল শৰীৰত ক্ৰমান্বয়ে হ্ৰাস পাই অহা এষ্ট্ৰোজেনৰ পৰিমাণ।মেন’পজৰ সময়ত অতি বেছিকৈ হোৱা লক্ষণ এটা হ’ল ‘হ’ট ফ্লাছ’(Hot Flush)।মেন’পজৰ এক বা দুবছৰৰ ভিতৰতে সাধাৰণতে এই লক্ষণটো দেখা যায়।হঠাৎ গাটো গৰম লাগে,ঘাম ওলায়,গাল-মুখ ৰঙা পৰে,ৰাতি শোৱাৰ পৰা হঠাতে সাৰ পাই যায়।ইয়াৰ ঠিক অলপ পিছতেই ঠাণ্ডা অনুভৱ হয়,কিছু সময়ৰ পিছতে মূৰ গৰম হয়,ৰাতি টোপনিত ব্যাঘাত হয়। বতৰৰ তাপমাত্ৰাৰ লগত এই লক্ষণৰ কোনো সংগতি নাথাকে।গৰম বা ঠাণ্ডা বতৰতো এই লক্ষণবোৰে দেখা দিব পাৰে।‘হৰম’ন ৰিপ্লেচমেন্ট থেৰাপি’(HRT) কৰি এই সমস্যা কমাব পাৰি।মেন’পজ হোৱা মহিলাসকলৰ যৌন স্পৃহা কমি যায় আৰু জননাংগৰ ভিতৰৰ আৱৰণখনৰ এট্ৰ’ফি হৈ পাতল আৰু শুকান হয়।

মেন’পজৰ হোৱা মহিলা সকলৰ শৰীৰত হঠাৎ এষ্ট্ৰোজেন হ’ৰমন কমি যায় বাবে তলপেটত চৰ্ব্বী জমা হ’বলৈ ধৰে আৰু ইয়াৰ বাবে ইনচুলিন প্ৰতিৰোধ ক্ষমতা বাঢ়ি যায়।ফলত মহিলা গৰাকী শকত হোৱাৰ লগতে টাইপ-২ ডায়েৱেটিছ বেছিকৈ হয়।মেন’পজৰ সময়ত এল.ডি.এল. নামৰ উপাদানবিধ তেজত বাঢ়ি যায় আৰু হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়।হাড়ৰ কেলচিয়াম অলপ অলপকৈ কমিব ধৰে আৰু অষ্টিওপোৰ’ছিছ হোৱা দেখা যায়।হাড়বোৰ ঠুনুকা হয়,সামান্য আঘাততে ভাগি যাব পাৰে।ইয়াৰ উপৰিও আঠুৰ বিষ(অষ্টিওআৰ্থাইটিছ)হোৱাও দেখা যায়।মেন’পজ হোৱা মহিলাসকলৰ কথা পাহৰি যোৱা,খোৱা-বোৱাৰ প্ৰতি উদাসীন হোৱা,অধিক খিঙখিঙিয়া স্বভাৱৰ হোৱা,হতাশাত ভোগা,ডিমেনচিয়া হোৱা আৰু আলঝেইমাৰ ৰোগ অধিক হোৱা দেখা যায়।ইয়াৰ উপৰিও মেন’পজ হোৱা মহিলাসকলৰ স্তন,জৰায়ু,ডিম্বাশয়,হাওফাও আদিত কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা অধিক দেখা যায়।

মেন’পজ আৰু পুন: ঋতুস্ৰাৱ-

বহু মহিলাৰ মেন’পজ হোৱাৰ কিছু বছৰ পিছত পুন: ঋতুস্ৰাৱ হোৱা দেখা যায়।সামান্য পৰিমানৰ পুন: ঋতুস্ৰাৱ হ’লেও তাক অৱহেলা কৰিব নালাগে।এনে হ’লে অতি সোনকালে অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ লোৱা অতি প্ৰয়োজন।চিকিৎসকে পৰীক্ষা কৰি কি কাৰণে পুন: ঋতুস্ৰাৱ হৈছে তাক ঠিৰাং কৰি চিকিৎসা কৰিব।বিভিন্ন সময়ত এনে ৰোগৰ কাৰক জৰায়ুৰ কৰ্কট,চাৰ্ভাইকেল কৰ্কট ইত্যাদি হ’ব পাৰে।কেতিয়াবা হ’ৰমনৰ অভাৱ অথবা উচ্চ ৰক্তচাপৰ বাবেও তেনে হ’ব পাৰে।জৰায়ুৰ যি অংশৰ পৰা ঋতুস্ৰাৱ হয়,তাক ‘এণ্ডোমেট্ৰিয়াম’ বুলি কোৱা হয়।মেন’পজৰ পিছত সাধাৰণতে এই তৰপ শুকাই যায়।কিন্তু ডায়েবেটিছ থাকিলে বা মহিলাগৰাকী যথেষ্ট শকত হ’লে এই তৰপৰ বৃদ্ধিও হ’ব পাৰে।তেতিয়া পুনৰ ঋতুস্ৰাৱ আৰম্ভ হ’ব পাৰে।বহু সময়ত সহবাসজনিত আঘাটৰ বাবেও ৰক্ত ক্ষৰণ হোৱা দেখা য়ায়।কেতিয়াবা একো কাৰণ নোহোৱাকৈয়ে মেনোপ’জ হোৱা নাৰীৰ জৰায়ুৰ পৰা ৰক্তক্ষৰণ হয়।ইয়াক DUB বুলি কোৱা হয়।এনে হ’লে জৰায়ু অষ্ট্ৰোপ্ৰচাৰ কৰি গুছাই দিয়া হয়।

হৰম’ন ৰিপ্লেচমেন্ট থেৰাপি কি-

মেন’পজ হোৱা মহিলাৰ শৰীৰত এষ্ট্ৰোজেন আৰু প্ৰ’জেষ্টেৰণ কমি যোৱাতো আতঁৰাবৰ বাবে চিকিৎসকৰ পৰামৰ্শ মতে মেন’পজ হোৱাৰ পৰা ষাঠী বছৰ বয়সলৈকে কম পৰিমানে দুয়োবিধ বা যিকোনো এবিধ হ’ৰমন মহিলা সকলে গ্ৰহন কৰিব পাৰে।এনে কৰাকে হৰম’ন ৰিপ্লেচমেন্ট থেৰাপি বুলি কোৱা হয়। যদিহে মহিলা গৰাকীৰ জৰায়ু গুচাই পেলোৱা থাকে তেন্তে কেৱল এষ্ট্ৰোজেন আৰু জৰায়ু থকিলে এষ্ট্ৰোজেন আৰু প্ৰ’জেষ্টেৰণ দুয়োবিধ দিয়া হয়।হৰম’ন ৰিপ্লেচমেন্ট থেৰাপিত মূলত:‘হট ফ্লাছ’ সম্পূৰ্ণৰূপে নাইকিয়া হয়।হাড়ৰ গঠন প্ৰণালীত আমূল পৰিৱৰ্তন ঘটে আৰু কেলচিয়াম নষ্ট হৈ যোৱা প্ৰক্ৰিয়া বাধাগ্ৰস্ত হয়।সেয়েহে অষ্টিওপোৰ’ছিছ হোৱাৰ পৰা মহিলাগৰাকী ৰক্ষা পৰে।হৃদযন্ত্ৰৰ ৰোগ হোৱাৰ আশংকা বহু পৰিমাণ কমি আহে।মহিলাগৰাকী বহু দিনলৈ কাৰ্যক্ষম হৈ থাকে।ছালৰ উজ্জ্বলতা বৃদ্ধি পায়,মনৰ পৰিৱৰ্তন ঘটে আৰু শৰীৰলৈ যৌৱন ঘূৰি অহাৰ দৰে লাগে।ইয়াৰ উপৰিও মেন’পজ হোৱা মহিলাৰ পুন: ঋতুস্ৰাৱ হ’লে যদি জৰাযুৰ পৰীক্ষা কৰি একো ৰোগ পোৱা নায়ায় তেন্তে পুন: ঋতুস্ৰাৱ বন্ধ কৰিবলৈ হৰম’ন ৰিপ্লেচমেন্ট থেৰাপি কৰিব পাৰি।অৱশ্যে হৰম’ন ৰিপ্লেচমেন্ট থেৰাপিত প্ৰতি ৩০ হাজাৰৰ বিপৰীতে ৮ জনৰ স্তন অথবা জৰায়ুৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনাও থাকে।

মেন’পজ আৰু সুস্থ জীৱনশৈলী-

মেন’পজ হোৱা মহিলাই মেদবহুলতা আতৰাই শৰীৰৰ ওজন সঠিক ৰাখি ধুমপান,মাদকদ্ৰৱ্য সেৱন আদি বন্ধ কৰি সুস্থ জীৱন-শৈলী কটালে হৃদৰোগ,অষ্টিওপোৰ’ছিছ আদি সমস্যাবোৰ এৰাই চলিব পাৰে।এনে মহিলাই দৈনিক খোজকঢ়া,ব্যায়াম কৰাৰ উপৰিও চাইকেল চলোৱা,জগিং কৰা,লাহে লাহে দৌৰা,সাঁতোৰা আদি কৰিব।শাৰিৰীক ব্যায়ামৰ লগতে আন শ্ৰমহীন জীৱনশৈলীৰ পৰিৱৰ্তন(যেনে-গাড়ী ধোৱা,বাগিচাত কাম কৰা,ঘৰ চাফা কৰা,কুকুৰ ফুৰাবলৈ নিয়া,বেডমিন্টন খেলা,লিফ্ট ব্যৱহাৰ নকৰা,খোজ কাঢ়ি বজাৰ-সমাৰ কৰা আদি)কৰিব পাৰে।টোপনি ভালদৰে মাৰিব।নিয়মিত শোৱা,খেলা-ধূলা কৰা,টিভি চোৱা,সভা-সমিতিলৈ যোৱা,বিয়া-সবাহলৈ যোৱা আদি নিয়মিতভাৱে কৰিব।মানসিক চাপ ত্যাগ কৰি প্ৰাণায়াম,মেডিটেচন আদিৰ প্ৰতি মনোনিৱেশ কৰিব।বন্ধু আৰু পৰিয়ালৰ লোকসকলৰ সৈতে আড্ডা দিব।প্ৰাণ ভৰি হাঁহিব।দেহত লিপিদ প্ৰফাইল, ভিটামিন ডি,কেলছিয়াম আৰু ৰক্তচাপ সঠিককৈ ৰাখিব।

মেন’পজ আৰু খাদ্য-

মেন’পজ সংক্ৰান্তত হোৱা সমস্যাবোৰ প্ৰতিৰোধ কৰাৰ বাবে মেন’পজ হোৱা মহিলাসকলে খাদ্যৰ ওপৰত যথেষ্ট গুৰুত্ব দিব লাগে। এনে মহিলাই প্ৰচুৰ ছয়াবিন খাব লাগে।ছয়াবিনত থকা ফাইট’এষ্ট্ৰোজেন একপ্ৰকাৰ ‘হৰম’ন ৰিপ্লেচমেন্ট থেৰাপি’ হিচাপে কাম কৰে।মেন’পজৰ কালছোৱাত মহিলাসকলৰ কেলচিয়ামৰ অভাৱ বেছিকৈ হোৱাৰ বাবে যথেষ্ট পৰিমাণে ‘কেলচিয়াম’যুক্ত খাদ্য খোৱা দৰকাৰ।গাখীৰ, দুগ্ধজাত খাদ্য, কণী আৰু মাছত কেলচিয়াম অধিক থাকে।এক লিটাৰ গৰুৰ গাখীৰে ১২০০ মিলিগ্ৰাম কেলচিয়াম দিয়ে।দৈনিক পৰ্যাপ্ত গাখীৰ খাই থাকিলে যথেষ্ট পৰিমাণে কেলচিয়াম পাব পাৰি। কেলচিয়ামৰ লগতে ভিটামিন-‘ডি’ যুক্ত খাদ্য প্ৰচুৰ খাব লাগে। কণীৰ কুহুম, গাখীৰ, লিভাৰ, মাখন, মাছ আৰু মাংসৰ হাড়ত ই প্ৰচুৰ পৰিমানে থাকে।ভিটামিন-‘ডি পাবলৈ প্ৰতি দিনে অলপ সময় হ’লেও শৰীৰত ৰ’দ পৰিব দিব লাগে।প্ৰয়োজনত কেলচিয়াম আৰু ভিটামিন-‘ডি’ টেবলেট খোৱাৰ লগতে আইৰন, ভিটামিন আৰু মেগনেচিয়াম ছাপ্লিমেন্ট খাব লাগে।শাক-পাচলি,ফল-মূল,চালাদ আৰু পানী যথেষ্ট পৰিমাণে খাব লাগে।ভিটামিন “ই” সমৃদ্ধ খাদ্য ( যেনে- আমলখি ,বিট, গাজৰ, বন্ধাকবি, চয়াবিন, আদি) আৰু এন্টি-অক্সিডেন্টযুক্ত পুষ্টিকৰ খাদ্য  (যেনে- হালধি, আদা, শুকান ফল, সাগৰীয় মাছ, জামু আদি) খাব লাগে।চৰ্ব্বীযুক্ত খাদ্য আৰু কৃত্ৰিম উপায়েৰে তৈয়াৰী জাম-জেলি, চাওমিন,চিপছ,কৃত্ৰিম ফলৰ ৰস নেখাব।

মেন’পজ জীৱনৰ বাবে দহটি পৰামৰ্শ-

ইন্টাৰন্যাশনেল মেন’পজ ছছাইটিয়ে মেন’পজ হোৱা মহিলাক সুস্বাস্থ্য বজাই ৰখাৰ বাবে দহটি পৰামৰ্শ দিছে।সেইবোৰ হ’ল-(১)ধূমপান ত্যাগ কৰক।(২)মদ্যপান কমাওক।(৩)প্রতিদিন শাৰীৰিক ব্যায়াম কৰক।(৪)স্বাস্থ্য‌কৰ খাদ্য‌ গ্রহণ কৰক। (৫)শৰীৰৰ ওজন নিয়ন্ত্ৰন কৰক।(৬)মানসিক ভাবে উজ্জীবিত থকাৰ বাবে কৰ্মত ব্য‌স্ত থাকক।(৭)নিয়মিত স্বাস্থ্য পৰীক্ষা কৰাৰ উপৰিও ‘অষ্টিওপ’ৰোচিচ স্ক্ৰীনিং’ আৰু কৰ্কট ৰোগৰ পৰা বাচি থাকিবলৈ নিয়মিত ভাৱে কৰ্কট ৰোগৰ স্ক্ৰীনিং(যেনে-‘স্তন কৰ্কট স্ক্ৰীনিং’, “পেপ স্মিয়াৰ’, ‘কল’ৰেক্টেল কেন্সাৰ স্ক্ৰীনিং’ আদি)কৰক।(৮)ষাঠী বছৰ বয়সৰ কম মহিলাসকলে হ’ট ফ্লাছ আৰু অন্য‌ মেন’পজজনিত লক্ষণ নিয়ন্ত্রণ কৰাৰ বাবে ‘হৰমোন ৰিপ্লেচমেন্ট থেৰাপি’ৰ সহায় ল’ব পাৰে।(৯)শৰীৰত থকা ৰোগৰ চিকিৎসা কৰি থাকক।(১০)যিকোনো সমস্যা হ’লেই চিকিৎসকৰ সহায় লওক।

ফোন ৯৮৬৪৫-১৭১৬৮

You might also like