নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫ জানুৱাৰী : আজিৰ দিনটোৰ ৰাশিফল

আজি ৫ জানুৱাৰী, পুহ মাহৰ ২০ তাৰিখ, সোমবাৰ

মেষ : চিন্তাই আপোনাৰ কর্মত আহুকালৰ সৃষ্টি কৰিব৷ শৰীৰৰ প্রতি নজৰ ৰাখক৷ প্রিয় লোকৰ কোনো কথাত সন্তুষ্ট নহ’ব৷

বৃষ : কর্মৰ ওপৰত বিশ্বাস থাকিব৷ কোনো কাৰণে বিৰক্ত ভাব আহিব পাৰে৷ আর্থিক আমদানিৰ লগতে খৰচৰ পথো মুক্ত থাকিব৷

মিথুন : সাধাৰণ খং-ৰাগ থাকিব৷ কিন্তু উন্নত পৰিৱেশক সিয়ে ক্ষতি নকৰিব৷ প্রেম–প্রীতিত মধ্যম। আৱেগ বৃদ্ধি৷

কর্কট : ক্ষিপ্ত পৰিৱেশ আৰম্ভণিৰ সম্ভাৱনা হ’লেও প্রকট নহ’ব৷ শৰীৰৰ প্রতি যত্ন লোৱাটো দৰকাৰ৷ বিদ্যার্থীৰ মধ্যম৷ বন্ধু–বান্ধৱৰ পৰা উৎসাহ৷ কিন্তু তেওঁলোকৰ ওপৰত নির্ভৰ নকৰাই ভাল৷

সিংহ : ধৈর্যৰে প্রতিকূল বিষয় আদি নিয়ন্ত্রণৰ চেষ্টা কৰক৷ বিদ্যা লাভত বাধা কম৷ ভ্রমণাদিত কষ্ট হ’লেও শুভ৷ পিতৃৰ কথাত নিৰুৎসাহ৷ শৰীৰ বৰ ভালেৰে যোৱা টান৷ নতুন সংবাদত আনন্দ৷

কন্যা : আনৰ কথাত অসন্তুষ্টি প্রকাশ৷ শাৰীৰিকভাৱে বিশেষ দুর্ভাৱনা নাই৷ আত্মীয়ৰ সংগ লাভ৷ বিদ্যাত বেয়া নহ’ব৷ সক্রিয় কর্মত উন্নতি৷ ব্যৱসায়ত খুব বেয়া নহ’ব৷ বন্ধু লাভ৷ ভ্রমণৰ যোগ৷

তুলা : সদায় স্বাৱলম্বিতা আপুনি পছন্দ কৰিব৷ কিন্তু সময়ে তাক উৎসাহিত নকৰিব৷ বাধ্য হৈ আনৰ সহানুভূতিৰ কথা বিবেচনা কৰিব লাগিব৷

বৃশ্চিক : কেতু, মঙল, শুক্র, ৰবি যাৰ জীৱনত শুভ, দিনটোত বেছি আহুকাল নাই৷ কিন্তু সামগ্রিক দৃষ্টিত আহুকাল সামান্য হ’লেও থাকিব৷ শুভ ৰং নীলা, সংখ্যা ৯৷

ধনু : দৰিদ্র নাৰায়ণৰ প্রতি চিন্তা থাকিলেও কিছু সন্দেহ মনত লাগি থাকিব৷ দাম্পত্য, সন্তান আদিৰ লগত মধ্যম প্রভাৱ৷ অর্থ লাভ৷

মকৰ : মধ্যম হ’লেও সাৱধানেৰে দিনটো পাৰ কৰক৷ খৰচ-পাতিৰ লগত কোনোৰ বাবে মনত দুখ বা অযথা কর্মত সময় অপব্যয় হ’ব৷

কুম্ভ : ইচ্ছাকৃত কথাত কিবা বাধা পাব৷ শৰীৰৰ অথন্তৰো দেখা যায়৷ ব্যৱসায়-বাণিজ্যত বেয়া দেখা নাযায়৷ প্রাপ্য কিছু পাব৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ৪৷

মীন : খং–ৰাগ বৃদ্ধি পাব৷ শৰীৰৰ উত্তাপ বৃদ্ধি হ’লেও ভয়ৰ বিশেষ কাৰণ নাই৷ অৱশ্যে প্রাপ্য ধন পোৱাৰ সম্ভাৱনা থাকিব৷

You might also like