আজি ১ এপ্রিল, চ’ত মাহৰ ১৭ তাৰিখ
বুধবাৰ : তিথি–শুক্লা ত্রয়োদশী, নক্ষত্র : অশ্বিনী, যাত্রা : নাই
মেষ : আজি যাত্রা কৰোঁতে সাৱধান হ’ব৷ সন্তানৰ স্বাস্থ্যক লৈ চিন্তিত৷ পঢ়া–শুনাত বেমেজালিৰ সৃষ্টি হ’ব৷ ব্যৱসায়ত শুভ৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৫৷
বৃষ : আজি সামাজিক সুনাম হানি হোৱাৰ আশংকা৷ ব্যৱসায়–বাণিজ্যৰ ক্ষেত্রত কোনো লোকে বিশ্বাসঘাতকতা কৰিব পাৰে৷ প্রেমত নতুন প্রস্তাৱ আহিব৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৭৷
মিথুন : আজি সাংস্কৃতিক কামত জড়িতসকল উপকৃত হ’ব৷ ব্যৱসায়ত নতুন প্রেৰণা লাভ কৰিব৷ বিদ্যাত জটিলতা৷ সৰু–সুৰা ভ্রমণ হ’ব পাৰে৷ শুভ ৰং বগা৷ শুভ সংখ্যা ২
কর্কট : আজি প্রাপ্য ধন আদায় কৰিব পাৰিব৷ কর্মত সাফল্য আৰু মর্যাদা বৃদ্ধি পাব৷ আর্থিকত বিশেষ অসুবিধা দেখা নাযায়৷ প্রেমত বাধা৷ শুভ ৰং বেঙুনীয়া৷ শুভ সংখ্যা ৯৷
সিংহ : আজি যান–বাহনৰ ব্যৱসায় কৰাসকলৰ অর্থলাভৰ যোগ৷ পাৰিবাৰিক শুভ৷ প্রিয়জনৰ সান্নিধ্যই উপকৃত কৰিব৷ বিদ্যাত জটিলতা দূৰ হ’ব৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ১৷
কন্যা : আজি পাৰিবাৰিক দিশত কোনো শুভ কর্ম সম্পন্ন হোৱাৰ সম্ভাৱনা৷ ব্যৱসায়ত মধ্যম ফল৷ চাকৰিয়ালসকলে কর্মক্ষেত্রত বাধা পাব৷ শুভ ৰং সোণালী৷ শুভ সংখ্যা ৬৷
তুলা : আজি ব্যৱসায়ত আয়ৰ পথ মুকলি হ’ব৷ পুৱা যাত্রা কৰিব পাৰে৷ সহযোগী বন্ধুৰ পৰা আনন্দ লাভ৷ প্রেমত বিবাহৰ যোগ৷ শুভ ৰং ক্রীম৷ শুভ সংখ্যা ৩৷
বৃশ্চিক : আজি যান–বাহনৰ দ্বাৰা আঘাত পাব পাৰে৷ অংশীদাৰী ব্যৱসায়ত উপকৃত হ’ব৷ স্বামী–স্ত্রীৰ মাজত মতানৈক্য৷ প্রেমত মধ্যম ফল৷ শুভ ৰং গুলপীয়া৷ শুভ সংখ্যা ৫৷
ধনু : আজি বন্ধুবর্গৰ সুসম্পর্ক স্থাপন৷ যাত্রা শুভ৷ ব্যৱসায়ত উন্নতি বৃদ্ধিৰ যোগ৷ বিদ্যার্থীসকলে ভবা মতে ফল নাপাব৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৭৷
মকৰ : আজি লেনদেনৰ কামত জড়িত নথকাই ভাল৷ কর্মচাৰীসকলৰ বাবে শুভ৷ বিদ্যাত উন্নতি৷ প্রেমত সমস্যাৰ সন্মুখীন হ’ব৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ২৷
কুম্ভ : আজি পুৰণা ব্যাধিয়ে কিছু কষ্ট দিব পাৰে৷ শাৰীৰিক কষ্টত ভুগিব পাৰে৷ বিদ্যাত বাধা৷ ব্যৱসায়ত লোকচানৰ সম্ভাৱনা৷ শুভ ৰং মেৰুন৷ শুভ সংখ্যা ৬৷
মীন : আজি ধনাগম বৃদ্ধি পাব৷ যাত্রা শুভ৷ যান–বাহন ক্রয় কৰাৰ যোগ৷ ব্যৱসায়ত সমস্যাৰ সমাধান পাব৷ প্রেমত সন্দেহ৷ শুভ ৰং ক’লা৷ শুভ সংখ্যা ৯৷