নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪ মে’ : আজিৰ দিনটোৰ ৰাশিফল

আজি ৪ মে’, ব’হাগ মাহৰ ২০ তাৰিখ
সোমবাৰ : তিথি–কৃষ্ণ তৃতীয়া, নক্ষত্র : স্বাতী, যাত্রা : নাই

মেষ : শুভ ৰং নীলা৷ সংখ্যা ৫৷ হাতলৈ টকা–পইচা আহিব যদিও খৰচ বাঢ়িব৷ প্রতিকাৰ : ঘিউ চাকি এগছি জ্বলাই তাত অলপ কর্পূৰ দিব আৰু শিৱক ধ্যান কৰিব৷

বৃষ : শুভ ৰং হালধীয়া, সংখ্যা ৩৷ যান–বাহন চলোৱা লোকসকলে অলপ সাৱধান হৈ গাড়ী চলাব৷ ব্যৱসায়ীৰ অর্থ হানি হ’ব পাৰে৷ প্রতিকাৰ : তুলসী গছৰ গুৰিত পানী ঢালি ধূপ–চাকি জ্বলাব৷

মিথুন : শুভ ৰং বেঙুনীয়া, সংখ্যা ৭৷ সময়ৰ কাম সময়ত কৰিলে ভাল ফল পাব৷ সন্তানৰ ভুলৰ বাবে লজ্জিত হ’ব লগা হ’ব৷ প্রতিকাৰ : ভিক্ষাৰীক পাৰিলে জলপান কৰাব৷

কর্কট : শুভ ৰং বগা, সংখ্যা ৮৷ আজি শুভ কাম আৰম্ভ কৰিব পাৰে৷ আর্থিক ক্ষতিৰ পৰা ৰক্ষা পৰিব৷ ব্যৱসায়ীসকলৰ লাভ বাঢ়িব৷ প্রতিকাৰ : অগৰু চন্দন পানীত মিহলাই ঘৰত ছটিয়াব৷

সিংহ : শুভ ৰং গেৰুৱা, সংখ্যা ২৷ টকা–পইচাৰ লেনদেন নিজৰ হাতেৰেহে কৰিব৷ বিবাহৰ প্রস্তাৱ পাব পাৰে৷ ধন হাতলৈ আহিব পাৰে৷ খৰচ বাঢ়িব৷ প্রতিকাৰ : বেলগছৰ গুৰিত ধূপ–চাকি জ্বলাব৷

কন্যা : শুভ ৰং ৰঙা, সংখ্যা ৪৷ চাকৰিয়ালৰ পদোন্নতিত বাধা আছে৷ শিক্ষার্থীৰ শুভ দিন৷ কথা কওঁতে সংযম ৰাখিব৷ প্রতিকাৰ : হনুমান চালিচা পাঠ কৰিব৷

তুলা : শুভ ৰং গুলপীয়া, সংখ্যা ৬৷ চাকৰিৰ কাৰণে স্থান পৰিৱর্তন কৰিব লগা হ’ব পাৰে৷ মাতৃৰ স্বাস্থ্যৰ অৱনতি হ’ব পাৰে৷ প্রতিকাৰ : পুৱা গা ধুই সূর্য প্রণাম কৰিব আৰু তুলসীৰ গুৰিত পানী ঢালি ধূপ জ্বলাব৷

বৃশ্চিক : শুভ ৰং গেৰুৱা, সংখ্যা ২৷ অপদস্থ হোৱাৰ ভয়৷ সন্তানৰ ভুলৰ কাৰণে অর্থ হানি হ’ব পাৰে৷ ব্যৱসায়ত ধৈর্যহীনতাৰ বাবে ক্ষতি হোৱাৰ আশংকা৷ প্রতিকাৰ : পূজা কৰা ব্রাহ্মণক বগা বস্ত্র দান কৰক৷

ধনু : শুভ ৰং হালধীয়া, সংখ্যা ৮৷ অচিনাকি ব্যক্তিৰ পৰা প্রতাৰিত হোৱাৰ আশংকা৷ টকা–পইচা ধাৰলৈ দিলে ঘূৰাই নাপাব৷ চাকৰিৰ খবৰ আহিব পাৰে৷ প্রতিকাৰ : কপালত চন্দনৰ ফোঁট ল’ব৷

মকৰ : শুভ ৰং বগা, সংখ্যা ৫৷ হাতলৈ অহা কাম এৰি নিদিব৷ বন্ধুৰ পৰা প্রতাৰিত হোৱাৰ ভয়৷ খং দমাই ৰাখক৷ সন্তানৰ শুভ৷ প্রতিকাৰ : ভিক্ষাৰীক ভোজন কৰাব পাৰিলে ভাল৷

কুম্ভ : শুভ ৰং নীলা, সংখ্যা ৯৷ অচিনাকি ব্যক্তিক বিশ্বাস কৰি কোনো কাম নকৰিব, বিপদ হ’ব পাৰে৷ প্রতিকাৰ : তিনিটা ৰঙা জবা ফুল লৈ শিৱ লিংগত অর্পণ কৰি শিৱৰ ধ্যান কৰিব৷

মীন : শুভ ৰং গেৰুৱা, সংখ্যা ৩৷ ঘৰুৱা অশান্তি বাঢ়িব পাৰে৷ নিজৰ ভুলৰ বাবে ক্ষতি হোৱাৰ ভয় আছে৷ প্রতিকাৰ : পানীত কেইটামান তিল দি পূব দিশলৈ চাই গা ধুব৷

You might also like