নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৬ মে’ : আজিৰ দিনটোৰ ৰাশিফল

আজি ১৬ মে’, জেঠ মাহৰ ১ তাৰিখ
শনিবাৰ : তিথি–অমাৱস্যা, নক্ষত্র : শতভিষা, যাত্রা : নাই

মেষ : আজি সম্পত্তি লেনদেন কৰাৰ পৰা দূৰত থাকক৷ কর্মত উন্নতি৷ শুভ সংবাদ পাব পাৰে৷ সামাজিক কামত ব্যস্ততা বৃদ্ধি পাব৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৩৷

বৃষ : আজি ব্যৱসায়–বাণিজ্যত ভবা মতে উন্নতি লাভ কৰিব৷ পৰিয়ালৰ পৰা আনন্দ লাভ৷ স্বাস্থ্যৰ প্রতি যত্ন লোৱা উচিত৷ প্রেমত শুভ৷ শুভ ৰং নীলা, শুভ সংখ্যা ৫৷

মিথুন : আজি শত্রুৰ পৰা সাৱধান হওক৷ নিজ কর্মৰ ওপৰত সমাজৰ লগতে পৰিয়ালৰ পৰা প্রশংসা পাব৷ ভ্রমণত শুভ৷ প্রেমত কষ্ট৷ শুভ ৰং কমলা, শুভ সংখ্যা ৮।

কর্কট : আজি পাৰিবাৰিক অশান্তি হ’ব পাৰে৷ মন্দিৰ দর্শন কৰিলে অধিক লাভৱান হ’ব৷ কর্মক্ষেত্রত পদোন্নতিৰ যোগ৷ বিদ্যাত মধ্যম ফল৷ শুভ ৰং বগা, শুভ সংখ্যা ৫৷

সিংহ : আজি বন্ধুবর্গৰ পৰা দূৰত্ব বজাই ৰাখক৷ নতুন বস্তু-বাহন ক্রয় কৰাৰ যোগ৷ মনৰ স্থিৰতা ৰাখক৷ শৰীৰৰ মধ্যম ফল৷ প্রেমত সাৱধান৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ২৷

কন্যা : আজি ব্যৱসায়–বাণিজ্যত লাভৱান হ’ব৷ মনৰ দুর্বলতা বাঢ়িব যদিও কিছু বার্তাই আনন্দ দিব৷ চাকৰি প্রার্থীৰ চাকৰিৰ যোগ৷ প্রেমত উৎসাহ৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ২৷

তুলা : আজি নতুন চিন্তা মনলৈ আহিব৷ কঠিন পৰিস্থিতিৰ সন্মুখীন হ’ব পাৰে৷ পাৰিবাৰিক অশান্তি হ’ব পাৰে৷ মনৰ আশা পূৰণ হোৱাৰ সম্ভাৱনা৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৩৷

বৃশ্চিক : আজি নতুন ব্যক্তিৰ সংগই আনন্দ দিব৷ কর্মক্ষেত্রত নিজৰ দক্ষতাৰ ওপৰত স্থিতি গঢ় দিব পাৰিব৷ আর্থিক দিশত লাভৱান হ’ব৷ প্রেমত কষ্ট৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৯৷

ধনু : আজি ব্যৱসায়ীসকলৰ ক্ষেত্রত পুৰণি সমস্যা সমাধান হ’ব৷ অধিক ধন খৰচ নকৰিব৷ বিদ্যাত শুভ৷ প্রেমত মধ্যম৷ শুভ ৰং কলা, শুভ সংখ্যা ৮৷

মকৰ : আজি অধিক বিশ্বাসে বিপদত পেলাব পাৰে৷ সময় আৰু ধৈর্যৰ ফলত লাভান্বিত হ’ব৷ বিবাহ প্রার্থীৰ বিবাহৰ যোগ৷ কর্মত শুভ৷ প্রেমত বাধা৷ শুভ ৰং ছিলভাৰ, শুভ সংখ্যা ৬৷

কুম্ভ : আজি কর্মক্ষেত্রত নিজৰ কর্মৰ ওপৰত প্রশংসা পাব৷ শত্রু বাঢ়িব যদিও একো ক্ষতি কৰিব নোৱাৰে৷ যান–বাহন ক্রয় কৰিব পাৰে৷ প্রেমত সাৱধান৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ৭৷

মীন : আজি কর্মক্ষেত্রত কঠিন সমস্যাৰ সন্মুখীন হ’ব পাৰে৷ বিদ্যাত নতুন সুযোগ-সুবিধা লাভ কৰিব৷ আর্থিক দিশত খৰচৰ মাত্র বৃদ্ধি পাব৷ ভ্রমণৰ যোগ৷ শুভ ৰং মেৰুণ, শুভ সংখ্যা ৯৷

You might also like