নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাক দিয়ক বিদায়… অসমৰ ৬বিধ থলুৱা ফল হ’ব পাৰে ক’ৰোনা প্ৰতিৰোধী শক্তি

ফুড ছেফটী এণ্ড ষ্টেণ্ডাৰ্ড অথ'ৰিটী অৱ ইণ্ডিয়াৰ টুইট

নিয়মীয়া বাৰ্তা, ৭ আগষ্টঃ ক’ৰোনা মহামাৰীৰ কোনো ঔষধ নাই, সেয়া সকলোৰে জ্ঞাত। কিন্তু আপুনি ৰোধ কৰিব পাৰে এই মহামাৰীক। ফুড ছেফটী এণ্ড ষ্টেণ্ডাৰ্ড অথ’ৰিটী অৱ ইণ্ডিয়াই টুইট কৰিছে এখন ফলাহাৰৰ তালিকা। সংস্থাটোৰ ফালৰ পৰা জনোৱা অনুসৰি, ভিটামিন চি আৰু এণ্টি-অক্সিডেণ্টযুক্ত এনে আহাৰ হ’ব পাৰে ক’ৰোনা প্ৰতিৰোধী শক্তি। ইমিউনিটী বুষ্ট কৰিব পৰা এই থলুৱা ফল বিচাৰিলে পোৱাও যায় সকলোতে। জানি লও আহক ইয়াৰ বিষয়ে…

আমলখি
আমলখিত থাকে প্ৰচুৰ পৰিমাণৰ ভিটামিন চি। ইয়াৰ উপৰি ফাইবাৰ, আইৰন আৰু প্ৰ’টিনৰ দৰে উপাদান থাকে, যিয়ে ৰক্ত উৎপাদনৰ লগতো চৰ্বী কমোৱাত সহায় কৰে।

কমলা
কমলাতো থাকে ভিটামিন চি। ইয়াৰ লগতে থাকে বহু পৰিমাণৰ ফাইবাৰ, যিয়ে শৰীৰৰ বিষাক্ত পদাৰ্থবোৰ বাহিৰলৈ উলিওৱাত সহায় কৰে।

অমিতা
অমিতাত ভিটামিন এ, চি, নিয়াচিন, মেগনেচিয়াম, ফাইবাৰ, ফোলেট, পটাছিয়াম, কপাৰ, কেলচিয়ামৰ লগতে বহুপ্ৰকাৰৰ এণ্টি অক্সিডেণ্ট থাকে। ইয়ে আপোনাৰ ইমিউনিটী বৃদ্ধি কৰাৰ লগতে পেট সুৰক্ষা কৰি ৰাখে।

মধুৰিআম
মধুৰীআম ঔষধি গুণেৰে ভৰপূৰ এক ফল। ইয়াক ভিটামিন চি আৰু এণ্টিঅক্সিডেণ্টৰ ভাণ্ডাৰ বুলিবও পাৰি। ৰোগ প্ৰতিৰোধী ক্ষমতাৰ লগতে ব্লাড ছুগাৰো নিয়ন্ত্ৰিত কৰি ৰাখে।

কেপচিকাম
ভিটামিন এ, চি, ইৰ লগতে ইয়াত থাকে মিনাৰেল আৰু পটাচিয়াম। দেহ প্ৰতিৰোধী ক্ষমতাক ই সুস্থ ৰাখে।

নিমু
নিমুত ভিটামিন এ, চি, পটাচিয়াম, কেলচিয়াম, ফাইবাৰ আদি বহু পোষক পোৱা যায়। যিয়ে ৰোগ প্ৰতিৰোধী ক্ষমতা মজবুত কৰি ৰাখে।

You might also like