নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অনলাইনত পাত্ৰী বিচাৰোতে সাৱধান…প্ৰতাৰাণাৰ বলি হ’ব পাৰে আপুনি!

নিয়মীয়া বাৰ্তা ৭ আগষ্টঃ   অনলাইলন বিবাহ পৰ্টেলত হয়তো বহুতে পাত্ৰ-পাত্ৰীৰ সন্ধান কৰে। বহু যুৱক-যুৱতীয়ে অনলাইন পৰ্টেল জৰিয়তে বিবাহ পাশত আৱদ্ধ হৈছে। কিন্তু এতিয়া এনে এটা বাতৰি প্ৰকাশ পাইছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত। যিটো খবৰে আপোনাক আচৰিত কৰি তুলিব।

ঝাৰখণ্ডৰ চতৰাৰ এক আচৰিত ধৰণৰ কাহিনী পোহৰলৈ আহিছে। চাদী.ডট. কমৰ জৰিয়তে এজনৰ লগত নহয় তিনি জনৰ সৈতে বিবাহত বহি বিদেশলৈ পলোৱাৰ অভিযোগ উত্থাপিত হৈছে। যুৱতী গৰাকীৰ নাম প্ৰিয়ংকা। প্ৰিয়ংকা কেৱল ঝাৰখণ্ডতেই নহয় বেলেগ বেলেগ ৰাজ্যত যুৱককো প্ৰতাৰাণা কৰাৰ অভিযোগ উঠিছে।

উল্লেখ্য যে প্ৰিয়ংকাই ৰাঁচীৰ যুৱক নিলয় কুমাৰৰ সৈতে বিবাহ পাশত আৱদ্ধ হয় আৰু বিবাহৰ দুবছৰৰ পিছতেই নিলয়ৰ লগত মনোমালিন্য হোৱাৰ পিছত নিলয়ৰ পৰা ১ কোটি টকা লৈ উধাও হয়।

ইয়াৰ পিছত প্ৰিয়ংকাই চাদী.ডট. কমত পুনৰ অবিবাহিত বুলি গুজৰাটৰ ৰাজকোটৰ অমিত মোডী নামৰ যুৱক জনৰ লগত বিবাহ হয়। তাৰ পিছতেই ঘৰৰ পৰিয়ালৰ আৰ্থিক সংকটৰ কথা কয় অমিতৰ পৰা প্ৰায় ৪০ৰ পৰা ৪৫ লাখ টকা লয়। ইয়াৰ পিছত প্ৰিয়ংকাই অমিত কয় যে তাইৰ ভগ্নী দিল্লীত থাকে, যাৰ বাবে প্ৰিয়ংকা দিল্লীলৈ যাব লাগিব। ইয়াৰ পিছত প্ৰিয়ংকা দিল্লীলৈ যায় আৰু তাৰ পৰা কেতিয়াও উভতি নাহে।

ইয়াৰ পিছত অমিতে গম পায় যে ২০১৮ চনৰ ২৯ ডিচেম্বৰত প্ৰিয়ংকাই পুনেৰ সুমিত দশৰথ পাৱাৰৰ লগত বিবাহ পাশত আবদ্ধ হয় আৰু কেলিফৰ্নিয়ালৈ গুচি যায়।

কিন্তু এশ গৰু মাৰিলে বাঘৰ মৰণ। প্ৰিয়ংকা সকলো কথা সুমিতৰ মাকে গম পালে। সুমিতৰ মাকে প্ৰিয়ংকা আৰু অমিতৰ সকলো ফটো দেখে। তাৰ পিছত সুমিতৰ মাকে অমিতক ফোন কৰে আৰু প্ৰিয়ংকাৰ সকলো কথা পোহৰলৈ আহে। এতিয়া পুনে আৰক্ষীয় সকলো তদন্ত আৰম্ভ কৰিছে আৰু প্ৰিয়ংকাৰ পূৰ্বৰ সকলো তথ্য বাহিৰলৈ আহিছে। কেৱল বিয়াৰ ক্ষেত্ৰতেই নহয় প্ৰিয়ংকাই পাছপৰ্ট কাৰ্যালয়ত ভূল তথ্য দিয়াৰ বাবেও তদন্ত অব্যাহত ৰাখিছে।

You might also like