নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিষাক্ত পাৰ্থেনিয়ামৰ কবলত ঢকুৱাখনা

🔹 জনস্বাস্থ্যৰ প্ৰতি কঢ়িয়াইছে গুৰুতৰ ভাবুকি

নিয়মীয়া বাৰ্তা, ১১ জুন : সমগ্ৰ ৰাজ্যতে ঢৌ তুলি নাচিছে বিহ। বিষাক্ত পাৰ্থেনিয়াম বৰবিহে ছানি ধৰিছে অসম। ভয়ংকৰ ৰূপত বৃদ্ধি পোৱা অপতৃণ পাৰ্থেনিয়ামে জনস্বাস্থ্যৰ প্ৰতি কঢ়িয়াই আনিছে গুৰুতৰ ভাবুকি। ঢকুৱাখনাৰ ঠায়ে ঠায়ে অভাৱনীয়ভাৱে বৃদ্ধি পাইছে প্ৰকৃতিৰ অজান শত্ৰু হিচাপে পৰিচিত বিষাক্ত পাৰ্থেনিয়ামে। বৰবিহস্বৰূপ এই পাৰ্থেনিয়ামে সকলোৰে অগোচৰে এক ভয়ংকৰ সময় কঢ়িয়াই আনিছে অসমলৈ। ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে সম্প্ৰতি জোনাইৰ পৰা মাজুলীলৈ ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে নৱনিৰ্মিত পথ-মথাউৰিৰ দুয়োকাষে ছানি ধৰিছে বিষাক্ত পাৰ্থেনিয়ামে। জোনাইৰ পৰা মাজুলীলৈ সমগ্ৰ পথছোৱাত পাৰ্থেনিয়ামৰ ভয়ংকৰ বৃদ্ধিয়ে ভাবুকি কঢ়িয়াইছে জনজীৱনলৈ। আন গছৰ দৰেই ৰাস্তাৰ কাষত অথবা আপোনাৰ বাৰীৰ চুকত লহপহকৈ গজি উঠা আৰু সময়ত বগা বগা ফুল ফুলা এই বন কোনো সাধাৰণ বন নহয়। সমগ্ৰ বিশ্বতে আতংকৰ সৃষ্টি কৰা অতি বিষাক্ত অপতৃণ পাৰ্থেনিয়াম। জীৱ-জন্তুৰ পৰা মানৱ স্বাস্থ্যলৈকে অতি ভয়ংকৰ এই পাৰ্থেনিয়াম। উদ্ভিদ বিজ্ঞানত বিষাক্ত হিচাপে চিহ্নিত এই পাৰ্থেনিয়ামৰ সংস্পৰ্শলৈ আহিলেই কোনো ব্যক্তি আক্ৰান্ত হ’ব পাৰে জ্বৰ, চৰ্দি, কাহ, হাঁপানী, এলাৰ্জি আদি ৰোগৰ লগতে হাওঁফাওঁৰ গুৰুতৰ ৰোগত। এই পাৰ্থেনিয়াম ইমানেই বিষাক্ত যে ইয়াৰ মাজেৰে গৰু-ছাগলী পাৰ হ’লে বা এই পাৰ্থেনিয়াম ভক্ষণ কৰিলে ৰোগাক্ৰান্ত হৈ পৰিব পাৰে মৃত্যুমুখত। তদুপৰি এই অপতৃণ মৰি যোৱাৰ সময়ত ই ধূলি হৈ বতাহত মিলি যায় আৰু সহজতে মানৱ শৰীৰক আক্ৰান্ত কৰে। তথ্য অনুসৰি, ১৯৫৫ চনত ভুলবশত: ভাৰতলৈ আহিছিল বিষাক্ত পাৰ্থেনিয়াম। আমদানিকৃত ঘেঁহুৰ লগত ভাৰতলৈ আহিছিল পাৰ্থেনিয়াম। পাৰ্থেনিয়ামৰ জীৱন কাল তিনিৰ পৰা চাৰি মাহ। এই সময়ছোৱাত এজোপা গছত তিনিবাৰকৈ ফুল ফুলি বীজ উৎপাদন কৰি বংশ বৃদ্ধি কৰে। এজোপা গছত চাৰি হাজাৰৰ পৰা পঁচিশ হাজাৰ পৰ্য্যন্ত বীজ ধৰে বাবে বংশবৃদ্ধি দ্ৰুত গতিত বৃদ্ধি পাইছে। উদ্ভিদ বিজ্ঞানীসকলৰ মতে, পাৰ্থেনিয়ামৰ ফুল আৰু বীজত Sesquiterpene Lactones নামৰ এক টক্সিন বা বিহ পোৱা যায়। এই টক্সিন মানুহ আৰু জীৱ-জন্তুৰ বাবে অতি ক্ষতিকাৰক। জন্তুৰ শৰীৰ ফুলি উঠে, জ্বৰ, বদহজম আৰু নানা উপসৰ্গই দেখা দিয়ে। মানুহৰ শৰীৰত লাগিলে ছাল ৰঙা পৰি খজুৱতি হয়। সময়ত ই ছালৰ কেঞ্চাৰ ৰোগৰ কাৰণো হৈ পৰে।ফুলৰ ৰেণু ইমানেই ক্ষুদ্ৰ যে ই উশাহ-নিশাহ লওঁতে শৰীৰত সোমাই হাঁওফাঁওত প্ৰৱেশ কৰি নানা ধৰণৰ ৰোগৰ সৃষ্টি কৰে। পাৰ্থেনিয়ামৰ ফুলৰ ৰেণু মানুহৰ শৰীৰত প্ৰৱেশ কৰিলে এলাৰ্জি , হাঁপানি, ব্ৰঙ্কাইটিচ, ছালৰ বিভিন্ন ৰোগ, অসহ্য মূৰৰ বিষ, ঘনে ঘনে জ্বৰ উঠা আদি নানা প্ৰকাৰৰ ৰোগ সৃষ্টি কৰে। গছজোপাৰ পৰা দহ মিটাৰৰ ভিতৰত থাকিলেই ইয়াৰ ৰেণু উশাহ-নিশাহ লওঁতে শৰীৰৰ ভিতৰত প্ৰৱেশ কৰি এইসমূহ ৰোগৰ কাৰণ হৈ পৰিব পাৰে। ভয়ংকৰভাৱে বিষাক্ত এই পাৰ্থেনিয়ামেৰেই ভৰিছে এতিয়া জোনাইৰ পৰা ঢকুৱাখনা হৈ মাজুলীলৈ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা পথছোৱাৰ দুয়োকাষ। নিতৌ এই পথছোৱাৰে অহা-যোৱা কৰা পথচাৰীলৈ পাৰ্থেনিয়ামে আনিছে প্ৰচণ্ড ভাবুকি। পাৰ্থেনিয়ামৰ এই ভয়ংকৰ বিস্তাৰে অতি কম সময়ৰ ভিতৰতে বহু লোকক আক্ৰান্ত কৰাটো নিশ্চিত। সেয়েহে শীঘ্ৰে ভয়ংকৰভাৱে বিষাক্ত অপতৃণসমূহ চিকুণাই নিদিলে ফুলবোৰ শুকুৱাৰ ফলত গুৰুতৰ ৰোগত অঞ্চলবাসী আক্ৰান্ত হোৱাৰ আশংকা চৌদিশে। এই অপতৃণসমূহ শীঘ্ৰে আঁতৰাবলৈ সংশ্লিষ্ট বিভাগৰ লগতে ঢকুৱাখনা মহকুমা প্ৰশাসনক আহ্বান জনাইছে সচেতন জনতাই।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like