নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাৰ্বি আংলঙত যুৱতীক শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা

🔹 নিশা সিন্ধি খান্দি ঘৰৰ ভিতৰত প্ৰৱেশ কৰিছিল দুৰ্বৃত্তই

বিশেষ বাৰ্তা, ১১ জুন : কাৰ্বি আংলঙত সংঘটিত হৈছে এক লোমহৰ্ষক ঘটনা । গুলীয়াই হত্যা কৰা হৈছে এগৰাকী যুৱতীক । ডিফুৰ ১২নং ৱাৰ্ডৰ আৰ্লং লাংছ’ত সংঘটিত হৈছে এই ঘটনা । ঘৰৰ ভিতৰতে যুৱতীক গুলীয়াই হত্যা কৰা হৈছে । শুকুৰি তিছ’পী নামৰ এগৰাকী ২৩ বছৰীয়া যুৱতীক কোনে-কিয় শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰিলে, সেয়া এতিয়াও পোহৰলৈ অহা নাই। নিশা প্ৰায় এক বজাত শুই থকা অৱস্থাত দুৰ্বৃত্তই যুৱতীগৰাকীক গুলীয়াই হত্যা কৰে। ডিফুত দুই ভগ্নীসহ বসবাস কৰিছিল যুৱতীগৰাকীয়ে । নিশা কেঁচা ঘৰত সিন্ধি খান্দি ঘৰৰ ভিতৰত প্ৰৱেশ কৰিছিল দুৰ্বৃত্তই। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰিছে। এই ঘটনাত চাঞ্চল্যৰ সৃষ্টি হৈছে ডিফুৰ লগতে সমগ্ৰ পাহাৰীয়া জিলাখনত । এনে জঘন্য হত্যাকাণ্ডৰ স’তে কোন জড়িত, সেয়া কাৰ্বি আংলং জিলা আৰক্ষীৰ উচ্চ পৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্ততহে পোহৰলৈ অহাৰ সম্ভাৱনা আছে বুলি সচেতন মহলে আশা প্ৰকাশ কৰিছে ।

প্ৰেৰক ৰাজু কাঠাৰ

You might also like