নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুছলপুৰত শোকাৱহ পথ দুৰ্ঘটনা, হাউলীৰ যুৱকৰ প্ৰাণহানি

বাক্সাৰ মুছলপুৰত নিশা এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। স্কৰপিঅ বাহনৰ খুন্দাত এগৰাকী ছাত্ৰৰ ঘটনাস্থলীতে মৃত্যু হয়। কদমতল-নিকাছী সংযোগী পথৰ মুছলপুৰ পেট্ৰল পাম্পৰ সমীপত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো। দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে স্কৰপিঅখনে।

মৃত ছাত্ৰজন বৰপেটা হাউলীৰ বৰ্ণিল দাস বুলি চিনাক্ত কৰা হৈছে। মুছলপুৰৰ পলিটেকনিকত অধ্যয়ন কৰি আছিল মৃত ছাত্ৰজন। মুছলপুৰৰ এখন দোকানৰ পৰা মাংস লৈ খোজকাঢ়ি ভাড়াঘৰলৈ গৈ থকা অৱস্থাত পিচফালৰ পৰা স্কৰপিঅখনে খুন্দিয়াই পলায়ন কৰে।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰোণত্বৰ পৰীক্ষাৰ বাবে মুছলপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে দুৰ্ঘটনা সংঘটিত কৰা বাহনখন বিচাৰি অনুসন্ধান আৰম্ভ কৰিছে। ছাত্ৰজনৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰিছে অঞ্চলজুৰি।

Niyomiya Barta Desk, 28 August

You might also like