নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কামৰূপৰ ক্ষেত্ৰীৰ বৰাহু ৰেল ষ্টেচনত ৰে’ল দুৰ্ঘটনা

নিয়মীয়া বাৰ্তা, ২৪ মে’ : মহানগৰীৰ সমীপৰ ক্ষেত্ৰীৰ বৰাহু ৰেল ষ্টেচনত আজি আবেলি প্ৰায় চাৰিমান বজাত ভয়ংকৰ মালবাহী ৰেল দুৰ্ঘটনা সংঘটিত হৈছে৷ দুৰ্ঘটনাত কোনো লোক আহত বা নিহত হোৱা নাই৷ উজনিৰ পৰা নামনি অসম অভিমুখী ৪২টা দবা সংযোগী মালবাহী ৰে’লখনৰ  তিনিটা দবা হঠাৎ লাইনচ্যুুত হোৱাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয় ৷ দবা তিনিটা  বিধ্বস্ত হোৱাৰ লগতে তাত থকা কেইবাজনো লোক কথমপি প্ৰাণৰক্ষা পৰে৷ বৰ্তমানলৈকে  দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ জানিব পৰা নাই। ঘটনাস্থলীত ৰে’ল বিভাগৰ বিষয়া-কৰ্মচাৰী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।
প্ৰেৰক ৰমেশ দাস
You might also like