নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজবাটৰ ঐতিহাসিক মহামুনি থানৰ বাৰ্ষিক উৎসৱৰ সামৰণি

🎯মহামুনিৰ আশিস ল’লে বিটিচিপ্ৰধান প্ৰমোদ বড়ো আৰু সাংসদ দিলীপ শইকীয়াই

নিয়মীয়া বাৰ্তা, ২৪ মে’ : ওদালগুৰি জিলাৰ পূব প্ৰান্তত অৱস্থিত পাঁচশ বছৰীয়া পুৰণি মাজবাটৰ ঐতিহাসিক মহামুণি থানত অনুষ্ঠিত বাৰ্ষিক উৎসৱৰ আজি সামৰণি পৰে। ২২ মে’ৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত বাৰ্ষিক অনুষ্ঠানৰ আজি অন্তিম দিনটোতো ঐতিহাসিক থানখনলৈ পুৱাৰ ভাগৰ পৰাই জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা অগণন ভক্তৰ সোঁত বোৱা পৰিলক্ষিত হয়। দিহানাম, থিয়নামেৰে মুখৰ হৈ পৰে মহামুনি থান প্ৰাঙ্গণ ৷ আজি অন্তিম দিনা অনুষ্ঠানত অংশগ্ৰহণ কৰি মহামুনিৰ আশিস লৈ বিটিচিপ্ৰধান প্ৰমোদ বড়োৱে কয় যে মহামুনিক লৈ অনুষ্ঠিত এনে আধ্যাত্মিক অনুষ্ঠানে মানুহৰ মাজত ভাতৃত্ববোধ সুদৃঢ় কৰি সমাজ খনক ধৰি ৰখাত সহায় কৰিছে। আনহাতে অসমৰ ঐতিহাসিক পীঠস্থানসমুহৰ সমান্তৰালকৈ মাজবাটৰ ঐতিহাসিক মহামুণি থানো পৰ্য্টন থলীলৈ পৰ্যবসিত হোৱাৰ থল আছে বুলি মত ব্যক্ত কৰে সাংসদ দিলীপ শইকীয়াই ৷ আজিৰ কাৰ্যসূচীত বিটিচিৰ কাৰ্য্যবাহী সদস্য ড০ নিলোৎ স্বৰ্গীয়াৰী, প্ৰাক্তন বিধায়ক চণ্ডী বসুমতাৰী, বি টি চিৰ পাৰিষদ দীপক মৌৰ, প্ৰাক্তন এম চি এল এ জিতু কিষাণ, মাজবাটৰ সমাজ সেৱক জীৱন ডেকাকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

প্ৰেৰক ধীৰেন মহলীয়া

You might also like