নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মোদীৰ জন্মদিনত ছুৰাটত বিনামূলীয়া সেৱা অটোচালকৰ

বিশেষ বাৰ্তা, ১৭ ছেপ্টেম্বৰ : দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি জন্মদিন। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ছুৰাটতো তেওঁৰ জন্মদিন বহু লোকে বিভিন্ন ধৰণে উদযাপন কৰিছে। উল্লেখ্য যে দেওবাৰে গুজৰাটত নৰেন্দ্ৰ মোদীৰ জন্মদিন উদযাপনৰ ক্ষেত্ৰত বিশেষভাৱে উৎসাহী হৈ পৰে ছুৰাটৰ অটোচালকসকল। মোদীৰ জন্মদিন উপলক্ষে তেওঁলোকে গোটেই দিনটোৰ বাবে বিনামূলীয়াকৈ সেৱা আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। অৱশ্যে কোনোৱে ৩০ শতাংশ কম ভাৰা লোৱাৰ বিপৰীতে আন কোনোৱে বিনামূলীয়া সেৱাৰ কথা আনন্দেৰে ঘোষণা কৰে। এই আড়ম্বৰপূৰ্ণ উদযাপনত ছুৰাটৰ কমেও এহেজাৰ অটোচালকে অংশগ্ৰহণ কৰিছে। উল্লেখ্য যে মোদীৰ জন্মদিন উপলক্ষে সমগ্ৰ দেশতে বিজেপিয়ে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে। দেওবাৰৰ পৰা আৰম্ভ হয় দুসপ্তাহজোৰা এই কাৰ্যসূচী। ইয়াৰ ভিতৰত দলৰ সদস্যসকলে দেশৰ বিভিন্ন প্ৰান্তত ৰক্তদান শিবিৰ, স্বাস্থ্য পৰীক্ষা শিবিৰ আৰু স্বচ্ছতা অভিযানৰ আয়োজন কৰিব।

You might also like