নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কামৰূপৰ গৰৈমাৰীত আৰক্ষীৰ জালত দুই গাড়ী চোৰ

নিয়মীয়া বাৰ্তা, ২ অক্টোবৰ : চোৰ বিচাৰি অভিযান চলায় গৰৈমাৰী আৰক্ষীয়ে। অভিযানত গ্ৰেপ্তাৰ হৈছে দুজনকৈ কুখ্যাত গাড়ী চোৰ। গৰৈমাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজিৎ ডেকাৰ নেতৃত্বত চলোৱা অভিযানত চুৰি হোৱা এখন গ্লেমাৰ বাইকসহ দুটাকৈ চোৰ গ্ৰেপ্তাৰ হৈছে। ধৃত চোৰ দুটা ৰকিবুল ইছলাম আৰু লিয়াকত আলী বুলি চিনাক্ত কৰা হৈছে। কুখ্যাত চোৰ লিয়াকত আলীৰ ঘৰ বৰপেটা জিলাৰ সৰ্থেবাৰীৰ বৰমাৰা গাঁৱত আৰু আনজন বকোৰ মৰাকলহী গাঁৱৰ বুলি আৰক্ষী সূত্ৰে প্ৰকাশ কৰিছে।

জানিব পৰা মতে, বিগত ২৮ ছেপ্টেম্বৰত বৰভিঠা গাঁৱৰ কাবেল আলী নামৰ যুৱক এজনে গুমী নগৰবেৰা ই এণ্ড ডি মথাউৰিত (বৰভিঠা) নিজৰ বাইকখন থৈ মাছ পোহা বিলত পহৰা দি আছিল। মথাউৰিত ৰখাই থোৱা কাবেল আলীৰ AS-25 H-1263 নম্বৰৰ গ্লেমাৰ বাইকখন চোৰ দুটাই চুৰি কৰি লৈ গৈছিল। ঘটনা সংক্ৰান্তত কাবেল আলীয়ে গৰৈমাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল। কাবেল আলীৰ এজাহাৰৰ ভিত্তিত গৰৈমাৰী আৰক্ষীয়ে ভাৰতীয় আইন সংহিতা ৩০৩ (২) ধাৰা আৰু ৮৮/২৫ নম্বৰত গোচৰ পঞ্জীয়ন কৰি চোৰ দুটাক জে’ল হাজোতলৈ প্ৰেৰণ কৰে।

প্ৰেৰক জমিৰ আল হাছান

You might also like