নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চি আই ডিৰ কাৰ্যালয়ত আকৌ হাজিৰ শেখৰজ্যোতি-সন্দীপন

বিশেষ বাৰ্তা, ২অক্টোবৰ : হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্ত ক্ষিপ্ৰ গতিত আগবঢ়াইছে চি আই ডিৰ বিশেষ তদন্তকাৰী গোটে। সমগ্ৰ ঘটনাৰ মূল অভিযুক্ত সংস্কৃতিৰ বেপাৰী শ্যামকানু মহন্ত আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক কালি গ্ৰেপ্তাৰ কৰাৰ পিছত চি আই ডিৰ কাৰ্যালয়ত জেৰা চলাই থকাৰ লগতে ঘটনাৰ দিনা উপস্থিত থকা শেখৰজ্যোতি গোস্বামী আৰু সন্দীপন গাৰ্গকো সোধা-পোছা অব্যাহত ৰাখিছে তদন্তকাৰী গোটে।

উল্লেখ্যে যে আজি চতুৰ্থবাৰৰ বাবে চি আই ডিৰ কাৰ্যালয়ত উপস্থিত হয় শেখৰজ্যোতি গোস্বামী। বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামী প্ৰাণৰ শিল্পী জুবিনৰ দেহাৱসনাৰ সময়ত ছিংগাপুৰৰ সাগৰত জুবিনৰ সৈতে একেলগে আছিল। আনহাতে, সেই সময়ত জুবিনৰ কাষত থকা ভাতৃ সন্দীপন গাৰ্গো আজি পুনৰ চি আই ডিৰ কাৰ্যালয়ত উপস্থিত হয়। জুবিনৰ ভাতৃ সন্দীপন গাৰ্গে আজি দ্বিতীয়বাৰলৈ চি আই ডিৰ কাৰ্যালয়ত আহি উপস্থিত হয়। বাদ্যযন্ত্ৰী শেখৰজ্যোতিয়ে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয় যে চি আই ডিয়ে তেওঁক এঘণ্টাৰ ভিতৰত আহিবলৈ নিৰ্দেশ দিয়াৰ বাবে তেওঁ পুনৰ আজি আহি চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হৈছে।

উল্লেখ্য যে এইগৰাকী শেখৰজ্যোতি গোস্বামীৰেই হোৱাটছএপৰ কথোপকথন ভাইৰেল হৈ পৰিছিল, য’ত জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বহু কু-কীৰ্তি পোহৰলৈ আহিছিল। তদুপৰি জুবিনে সময় মতে ঔষধ পাইছিল নো নাই, তাক লৈও প্ৰশ্ন উত্থাপন হৈছিল। সেয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীৰ পৰা বহু তথ্য উদঘাটন হোৱাৰ সম্ভাৱনা আছে।

ইফালে, জুবিনৰ ভাতৃ সন্দীপন গাৰ্গে চি আই ডিৰ বিশেষ তদন্তকাৰী গোটৰ সন্মুখত হাজিৰ হৈ তেৱোঁ সম্পূৰ্ণৰূপে সহযোগিতা কৰাৰ কথা উল্লেখ কৰিছিল। অৱশ্যে তেওঁ সাংবাদিকৰ আগত কোনো বিশেষ মন্তব্য কৰাৰ পৰা বিৰত আছিল।

You might also like