নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

Kaziranga News : কাজিৰঙাত দুটাকৈ ঢেঁকীয়াপতীয়া বাঘৰ মৃত্যু

Kaziranga News : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ আৰু বাগৰি বনাঞ্চলত দুটাকৈ ঢেঁকীয়াপতীয়া বাঘৰ মৃত্যু। বুঢ়াপাহাৰ বনাঞ্চলৰ পানীজুৰী বন শিবিৰ এলেকাত শনিবাৰে এটা বাঘৰ মৃত্যু হোৱাৰ লগতে আনটো দুদিন পূৰ্বে মৃত্যু হয় বাগৰি বনাঞ্চলৰ পশ্চিম বান্দৰডুবি বনশিবিৰ এলেকাত।

বুঢ়াপাহাৰৰ বাঘটো দুটা বাঘৰ মাজত হোৱা সংঘৰ্ষৰ ফলতেই প্ৰায় ছয়মহীয়া ঢেঁকীয়াপতীয়া বাঘটোৰ মৃত্যু হোৱা বুলি জানিবলৈ দিছে কাজিৰঙাৰ ACF বুবুল বৰুৱাই । আনহাতে বাগৰি বনাঞ্চলৰ বাঘটোৰ বয়স বেছি হৈ মৃত্যু হোৱা বুলি জানিবলৈ দিছে। দুয়োটা মৃত বাঘৰ বিভাগীয় নিয়ম অনুসৰি দাহ কৰি সৎকাৰ কৰাৰ ব্যৱস্থা কৰিছে উদ্যান কৰ্তৃপক্ষই।

Niyomiya Barta Desk, 24 August

You might also like