নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আকৌ ভৱিষ্যদ্বাণী মুখ্যমন্ত্ৰীৰ : আন দুগৰাকী কংগ্ৰেছীও শীঘ্ৰে বিজেপিলৈ

📌 “স্বাভিমানী নেতাক বিজেপিলৈ অনা হ’ব” – মুখ্যমন্ত্ৰী
📌 “সময়ৰ লগে লগে ৰিপুন বৰা, দেৱব্ৰত শইকীয়াও আহিব বিজেপিলৈ”

ৰাজ্যৰ ৰাজনীতি সন্দৰ্ভত পুনৰ এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ালে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। তেওঁ স্পষ্টকৈ কয় যে স্বাভিমানী তথা শক্তিশালী নেতাসকলক বিজেপিলৈ অনাৰ প্ৰচেষ্টা অব্যাহত থাকিব।

মুখ্যমন্ত্ৰীয়ে কয় যে সময়ৰ লগে লগে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰিপুণ বৰা আৰু দেৱব্ৰত শইকীয়াও বিজেপিলৈ আহিব বুলি তেওঁ আশা প্ৰকাশ কৰে। এই মন্তব্যই ৰাজ্যৰ ৰাজনৈতিক মহলত যথেষ্ট চাঞ্চল্যৰ সৃষ্টি কৰিছে।

তেওঁ লগতে উল্লেখ কৰে যে বিজেপিৰ এই প্ৰক্ৰিয়া নতুন নহয়, বৰং ২০১৬ চনৰ পৰাই এই ধাৰা আৰম্ভ হৈছে। সেই সময়ৰ পৰা বিভিন্ন দলৰ বহু নেতা বিজেপিত যোগদান কৰিছে আৰু দলটো অধিক শক্তিশালী হৈ উঠিছে।

উল্লেখ্য যে ড০ হিমন্ত বিশ্ব শৰ্মাই বিজেপিত যোগদান কৰাৰ লগে লগে বুজনসংখ্যক বিধায়কে বিজেপিমুখী হোৱাৰ পিছৰে পৰা কংগ্ৰেছৰ চৰম বিপৰ্যয় আৰম্ভ হয়। সময়ৰ অন্তৰালত দুই একে বিজেপিত যোগদান কৰি আছিল যদিও নিৰ্বাচনলৈ মাত্ৰ ২০টা মান দিন বাকী থকা অৱস্থা আজি প্ৰদ্যুত বৰদলৈ আৰু কিছুদিন আগতে ভূপেন বৰাই বিজেপিত যোগদান কৰাটো এক চৰ্চাৰ বিষয় হৈ পৰিছে।

এই মন্তব্যই আগন্তুক নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ ৰাজনীতিত নতুন সমীকৰণ গঢ়ি উঠাৰ ইঙ্গিত বহন কৰিছে।

ডিজিটেল ডেস্ক, ১৮ মাৰ্চ

You might also like