নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আনুষ্ঠানিকভাৱে বিজেপিত যোগদান প্ৰদ্যুৎ বৰদলৈৰ

অসমৰ ৰাজনীতিত এক গুৰুত্বপূৰ্ণ পৰিৱর্তন হিচাপে কংগ্ৰেছ ত্যাগ কৰা সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে আজি আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টী (বিজেপি)ত যোগদান কৰে। নতুন দিল্লীত অনুষ্ঠিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত তেওঁ গেৰুৱা বসন পিন্ধি বিজেপিত অন্তৰ্ভুক্ত হয়।

যোৱানিশা কংগ্ৰেছ দল ত্যাগ কৰাৰ পিছতেই বৰদলৈয়ে বিজেপিৰ শীৰ্ষ নেতৃত্বৰ সৈতে বৈঠক অনুষ্ঠিত কৰিছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে সাক্ষাৎ কৰাৰ পিছতেই তেওঁৰ বিজেপিত যোগদান প্ৰায় নিশ্চিত হৈছিল।

এই যোগদানৰ পিছতে প্ৰদ্যুৎ বৰদলৈক আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা জোৰদাৰ হৈছে। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে তেওঁৰ বাবে এখন আসন সংৰক্ষণ কৰা বুলি ইংগিত দিছিল। সম্ভাৱনা অনুসৰি দিছপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী হব প্ৰদ্য়ুত বৰদলৈ।

এই ঘটনাই ৰাজ্যৰ ৰাজনৈতিক পৰিসৰত নতুন সমীকৰণ সৃষ্টি কৰাৰ সম্ভাৱনা দেখা গৈছে।

ডিজিটেল ডেস্ক, ১৮ মাৰ্চ

You might also like